নিৰু দত্ত
ক ই ভাল পাই কল খাবলৈ
খ য়ে পালেই দিয়ে খেদা
গ য়ে গবামাৰি ধৰে
ঘ য়ে দিয়ে ঘনাই ঘোচা ।
ঙ থাকে পাগুৰি মাৰি
চ থাকে উচপ খাই
ছ ৰ খহু উঠিছে
বিষত তত নাই।
জ ই ভাজিছে পঁকোৱা জেলেপি
ঝ ই আছিল ঝাড়ু মাৰি
ঞ ই মাতিলে চিঞৰি চিঞৰি
বাহিৰত কাকো নেদেখি।
ট বৰ তজবজীয়া
ঠ ৰ কি চাবা ভাঁজ
ড ৰ’ল ডৰক মাৰি
ডবাৰ কোবত লাগিল সাঁজ ।
ঢ ৰ ঢোল বাদন শুনি
ণ ই কাণত লগায় ঠিলা
ত ওলাল তিলনি খাবলৈ
মিটিৰ দূৰণিবটীয়া ।
থ ৰ হাতত থৈলাটো দেখি
দ য়ে দকাহকা দিয়ে
উখনা উখনি সহিব নোৱাৰি
ধ য়ে ধমক দিলে দুয়োকে ।
ন গৈছিল ন-ভূঁই ৰুবলৈ
প হঁতৰ পথাৰত বোকা
পৰিল পিচে পিচল খাই
ফ ৰ ফকটীয়া কথা চোকা ।
ব ই বহাতে কৰিলে বমি
ভ ৰো ভীষণ জ্বৰ
ম ই খুৱালে দৰৱ-জাতি
কাৰো নালাগক নজৰ।
য পালেগৈ যমুনামুখ
ৰ য়ে চলোৱা ৰথত উঠি
ল আহিল লৱৰি-ধাপৰি
হাতত এখন চিঠি।
ৱ ই মৰমতে ধৰিলে সাৱতি
শ আছিল শৱাসনত পৰি
ষ আছে ষাঁড়ৰ ছবিত
শতেক বছৰ ধৰি ।
স ই বোলে কামটো সহজ
হ ক হেঁচুকি নিয়া
ক্ষ ৰ ঘৰত ক্ষীৰ পগাইছে
যিমান পাৰা খোৱা।
ড় গাড়ীৰ পাছত বহে
ঢ় ই পঢ়ে চিঞৰি
অকণমান যদি যতি পৰে
য় ই দিয়ে সিঁয়াৰি ।
তৎ ভৎ খাই দৌৰে হসন্ত ৎ
অনুস্বৰে পেংলাই কৰে
উঃ আঃ গেলা গৰমত
বৰষুণত শাঁত পৰে ।
নামৰ আগত ছন্দ বিন্দু ঁ
পৰলোকত পালে ঠাই
নাকি সুৰীয়া মাত দিবা
আখৰৰ ওপৰত পাই।
মাত্ৰা নিদিবা য’তে ত’তে
ব্যঞ্জন বৰ্ণ বিধি মানি
ভাষাৰ কালিকা সঠিক উচ্চাৰণ
তেহে কাললৈ থাকিব জিনি ।
সৱদি সুৰীয়া ভাষা অসমীয়া
যুক্তাক্ষৰে ৰহণ চৰায়
ঊৰ্ধ কমা স্থানত নপৰিলে
শব্দটিয়ে অৰ্থ সলায় ।
***
সৰুপথাৰৰ -৭৮৫৬০১
গোলাঘাট
৭০০২২৪১১৪৫
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা