ৰচনা পাঠক
(২)
সময়ৰ লগে লগে মহেশৰ বুদ্ধি আৰু জ্ঞানৰ ওচৰত শ্বাহেনশ্বাহৰ দৰবাৰৰ বাকীসকল সভাসদ মোলান পৰি গ’ল৷
মহেশ পূৰ্বতকৈও বেছি সাহসী হৈ উঠিল৷ একে সময়তে মানুহৰ সততা আৰু শঠতাৰ মাজৰ পাৰ্থক্যও মহেশে বেছিকৈ বুজিব পৰা হৈ আহিল৷
সভাসদসকলেই নহয়, মাজে সময়ে মহেশৰ বাক্পটুতা আৰু বুদ্ধিৰ ওচৰত স্বয়ং শ্বাহেনশ্বাহ আকবৰো জব্দ হ’বলৈ ধৰিলে৷ মহেশৰ তীব্ৰ বিদ্ৰুপ ভৰা বাক্য একোটাই আকবৰৰ কাম-কাজৰ বিসঙ্গতিকো ধৰা পেলাবলৈ সক্ষম হ’ল৷
সাধাৰণ ৰজা হোৱা হ’লে মহেশক কোনোবাদিনা আকবৰে হত্যাই কৰালেহেঁতেন; কাৰণ আকবৰ মহেশৰ কথা-কাণ্ডৰপৰা মাজে মাজে লজ্জিত হ’বলৈ বাধ্য হৈছিল৷ মাজে মাজে তেওঁ মহেশক এৰাই চলিবলৈও যত্ন কৰিছিল৷
কিন্তু আকবৰ আছিল উদাৰ আৰু গুণীৰ গুণ বুজা লোক৷ তেওঁ জানিছিল যে ফটা কঁথাতহে সোণ থাকে৷
এতেকে দেখিবলৈ বৰ সুন্দৰ নাছিল যদিও মহেশৰ মনৰ সুন্দৰতা আৰু জ্ঞানৰ গভীৰতা লক্ষ্য কৰি আকবৰে মহেশক নতুন নাম এটাৰে বিভূষিত কৰিলে : বীৰবল৷ অৰ্থাৎ জ্ঞানীলোক৷
কালক্ৰমত মহেশ নামটো তল পৰিল৷ সকলোৱে মহেশক বীৰবল বুলিহে চিনি পোৱা হ’ল৷
(৩)
মাজে মাজে এনেকুৱা ঘটনা একোটা ঘটে যে বীৰবলক শ্বাহেনশ্বাহে বেয়া পাই যায়৷ তেতিয়া দৰবাৰৰপৰা বীৰবলক বাহিৰ কৰি দি সম্ৰাটে কয় :
: তুমি ওলাই যোৱা বীৰবল৷ আৰু কোনোদিনে মই তোমাৰ মুখ চাব নোখোজো৷
বীৰবল ওলাই আহে৷ কেইদিনমান নিজৰ ঘৰতে সোমাই থাকে৷ দুদিনমানৰ মূৰত শ্বাহেনশ্বাহৰ কটকী আহি কয়হি,
: মন্ত্ৰীবৰ, আপোনাক শ্বাহেনশ্বাহে দৰবাৰলৈ মাতিছে৷
বীৰবল এনেভাৱে দৰবাৰ পায়গৈ যেন তেওঁ নোৱৰাতহে গৈছে! তেতিয়া শ্বাহেনশ্বাহে ধন-সোণৰ উপহাৰ দি বেয়া নাপাবলৈ ওভোটাই বীৰবলকহে খাটনি জোৰে৷
বীৰবলে মনৰ ভিতৰতে হাঁহি এটা মাৰে৷ কোনেও নেদেখে৷
(৪)
ভাৰতবৰ্ষৰ নিচিনা প্ৰকাণ্ড দেশ এখন চলোৱা মুখৰ কথা নেকি? নহয়৷ শ্বাহেনশ্বাহ আকবৰৰো দেশ চলাই চলাই মাজে মাজে ভাগৰ লাগে৷ ভাগৰ পলুৱাবলৈ তেওঁ যমুনা নৈৰ পাৰত এটা চালে চকু ৰোৱা মনোৰম ভৱন নিৰ্মাণ কৰিলে আৰু তাতে মন ভাল লগাব পৰা গান-বাজনাকে ধৰি সকলো ব্যৱস্থা কৰি ল’লে৷
মাজে মাজে ৰাজ কাৰেঙৰ পৰা গৈ পাত্ৰ-মন্ত্ৰীৰ সৈতে তেওঁ কেইটামান দিন তাতে কটায়গৈ৷ সেই কেইদিন ৰাজ্যশাসনৰ একো কথাকে তেওঁ চিন্তা নকৰে– তেহেলৈ বামুণেই মৰক বা লগুণেই ছিগক৷ যমুনাৰ পানী চুই বৈ যোৱা শীতল মলয়াই যেতিয়া সেই ভৱনত বাদশ্বাহৰ শৰীৰ জুৰ পেলায় তেতিয়া তেওঁ হৈ পৰে জগতৰ আটাইতকৈ সুখী মানুহজন৷
সেই কেইদিন প্ৰজাসকলৰ যি আহি যিহকে বিচাৰে শ্বাহেনশ্বাহে তাকে দিয়ে; কাকো বিমুখ নকৰে৷ সুখী হওক৷ চব সুখী হওক৷
তেনে দিন এটাৰে ঘটনা৷ মজলিছ চলি আছে৷ উপস্থিত সকলোৱে শ্বাহেনশ্বাহৰ সৈতে আনন্দত ভাগ লৈছে৷ বীৰবলে মন কৰিলে, ক’তো যেন কোনো মানুহৰ কোনো সমস্যা নাই; কাৰো যেন অসুখ বিসুখ, অকাল মৰণ হোৱা নাই!
এনে আনন্দ উলাহ ভাল নাপালেও বীৰবলে শ্বাহেনশ্বাহৰ বিৰোধিতা নকৰে৷ ৰজা-মহাৰজাসকলৰ বিভিন্ন ধৰণৰ খেয়াল-খুচি থাকে৷ থাকিবই৷
হঠাৎ মহাৰাজে সোঁহাতখন দাঙিলে৷ গান-বাজনা বন্ধ হ’ল৷ সভাসদসকল সাৱধান হ’ল– ক’বতো নোৱাৰি সম্ৰাটৰ খঙেই উঠিছে নে তেওঁৰ মনত নতুন প্ৰশ্নৰে উদয় হৈছে৷
আকবৰে মাৰ্বলৰ মজিয়াত তুলিকা এডালেৰে এডাল আঁচ টানিলে৷ সকলোৱে তেওঁৰ প্ৰশ্ন শুনিবলৈ উৎকৰ্ণ হৈ ৰ’ল৷ বীৰবলো৷
: শুনা সভাসদগণ! – বজ্ৰৰ দৰে কঠোৰ মাতেৰে আকবৰে ঘোষণা কৰিলে,
: এই ৰেখাডাল চুটি কৰি দিব লাগে৷ কিন্তু কোনেও ইয়াৰ সামান্য অংশও মচিব নোৱাৰিব৷
ইজনে সিজনৰ মুখলৈ চালে আৰু তলমূৰ কৰিলে৷ আটায়ে৷ বীৰবলে কিন্তু কেৱল ৰেখাডাললৈ চায়েই তধা লাগি ৰ’ল৷ আকবৰে সুধিলে, সভাসদসকল! পাৰিবনে? কোনেও মূৰ তুলি চাবলৈ সাহস নকৰিলে৷
সম্ৰাটে আকৌ ক’লে, যিসকলে নোৱাৰে নিজৰ নিজৰ হাত দাঙক৷
দাঙো নাদাঙোকৈ সভাসদসকলে ইখনৰ পাছত সিখনকৈ হাত দাঙি গ’ল৷ সম্ৰাটে দেখিলে, কেৱল বীৰবলৰ বাহিৰে বাকী আটায়ে হাত দাঙিলে৷
গোঁফকোছাৰ তলেদি মিহি হাঁহি এটা মাৰি আকবৰে বীৰবলক সুধিলে,
: বীৰবল! তুমিযে হাত নাদাঙিলা?
বীৰবলে একো নক’লে৷ কেৱল দুয়োখন হাত যোৰ কৰি সম্ৰাটক শ্ৰদ্ধা-সম্ভাষণ জনালে আৰু সম্ৰাটৰ সন্মুখৰ ৰঙৰ টেমি এটাৰপৰা তুলিকা এডালত ৰং অকণ লৈ সম্ৰাটে অঁকা আঁচডালৰ ওচৰতে আন এডাল দীঘল আঁচ টানিলে৷
হয়৷ সম্ৰাটে অঁকা আঁচডাল চুটি হৈ গ’ল৷
বীৰবলে তুলিকাডাল থৈ পুনৰ শ্বাহেনশ্বাহক নমস্কাৰ জনাই নিজৰ আসনত বহিলহৈ৷ মুখেৰে তেওঁ এষাৰো কথা নক’লে৷
হঠাৎ আকবৰে হাত চাপৰি বজাবলৈ আৰম্ভ কৰিলে৷ লগে লগে ক্ৰমশঃ বাকীসকল সভাসদেও৷
বীৰবলে থিয় হৈ পুনৰ সকলোকে সম্ভাষণ জনালে৷
(৫)
এদিন ৰাজদৰবাৰত শ্বাহেনশ্বাহে সমজুৱাসকললৈ এটা প্ৰশ্ন নিক্ষেপ কৰিলে– আটাইতকৈ প্ৰিয় কি বা কোন?
বিভিন্নজনে বিভিন্ন উত্তৰ দিলে৷ সৰহ সংখ্যকে ক’লে যে মাক-দেউতাকৰ বাবে সন্তানতকৈ প্ৰিয় আৰু একো হ’ব নোৱাৰে৷ এই কথাষাৰ বাদশ্বাহৰ মনঃপুত হ’ল৷
পিছে বীৰবলৰ মুখখন দেখি সম্ৰাট আচৰিত হ’ল– বীৰবলে যেন এই উত্তৰটো মানি ল’ব পৰা নাই৷ এনেকুৱা লাগিল আকবৰৰ৷ তেওঁ সুধিলে,
: কি হে’ বীৰবল? নিজে উত্তৰ দিব নোৱাৰিলা নাই৷ আনৰ উত্তৰটোক লৈও তুমি সন্তুষ্ট হ’ব পৰা নাই যেন লাগিছে কিয়?
বীৰবলে হাতযোৰ কৰি ক’লে,
: জাহাপনা! মোৰ মনত উত্তৰ এটা জন্ম হৈছে ঠিকেই; কিন্তু সৰহভাগৰে মতৰ আগলৈ ওলাবলৈ সি লাজ কৰিছে৷
: কোৱাঁ কোৱাঁ৷ নিৰ্ভয়ে কোৱাঁ৷ – বাদশ্বাহে ক’লে৷
: জাহাপনা! – বীৰবলে ক’বলৈ ধৰিলে, মোৰ উত্তৰটো আপুনি হয়তো ভাল নাপাব৷ কিন্তু মোৰ মতে সকলোৰে আটাইতকৈ প্ৰিয় বস্তু নিজৰ প্ৰাণটোহে৷
বাদশ্বাহে চকু ঘোপা কৰি বীৰবললৈ চালে আৰু সুধিলে৷
: তুমি তোমাৰ মত প্ৰমাণ কৰিব পাৰিবানে?
: যত্ন কৰিম জাহাপনা৷ – বীৰবলে সবিনয়ে ক’লে৷
পাছদিনা বীৰবলে জাহাপনা আৰু পাত্ৰ-মন্ত্ৰীসকলক লৈ চিৰিয়াখানাত সোমালগৈ৷ ঘূৰি পকি এটা সময়ত তেওঁলোকে দুটা পোৱালিৰ সৈতে খেলি থকা বান্দৰী এজনী দেখিলে৷ বীৰবলে জাঁপ মাৰি গৈ মাকজনীৰ পৰা পোৱালি দুটা কাঢ়ি দ গাঁত এটাত পেলাই দিলে আৰু লগে লগে ক’ৰবাৰপৰা দুজন কৰ্মী আহি গাঁতটোত পানী ঢালিবলৈ ধৰিলে৷
সম্ৰাটে বীৰবলক তিৰস্কাৰ কৰিলে : ই কেনে ব্যৱহাৰ বীৰবল? বন্য পশুৰ ওপৰত তোমাৰ এনে নিৰ্দয় আচৰণ কিয়?
বীৰবলে নামাতিলে৷ তেওঁ কেৱল কৰ্মী দুজনক পানী ঢালি থাকিবলৈ ইঙ্গিত দি থাকিল৷
সম্ৰাটে ভাবিলে, ই নিশ্চয় বীৰবলৰ কিবা নাটকেই হ’ব৷ নাটকখন শেষলৈ চাবলৈ তেওঁ সাজু হ’ল৷
মাক বান্দৰীজনীয়ে দেখিলে যে তাইৰ পোৱালি দুটা মৰিব এতিয়া! লগে লগে তাই নিজেও গাঁতটোত জাঁপ দিলে আৰু পোৱালি দুটাক উদ্ধাৰ কৰিবলৈ যত্নপৰ হ’ল৷
সঙ্গোপাঙ্গসকলে ক’লে,
: দেখিছে জাহাপনা? পুত্ৰ-কন্যাৰ সমান প্ৰিয় যে কোনো নাই ইয়েই প্ৰমাণ৷
: বীৰবল! – সম্ৰাটে ক’লে, সন্তানতকৈ প্ৰিয় আৰু আন কোনো হ’ব নোৱাৰে৷
বীৰবলে কৰ্মী দুজনক পানী ঢালিয়েই থাকিবলৈ নিৰ্দেশ দি থাকি ক’লে,
: নাটকখনৰ শেষ দৃশ্যটো চাই লওকচোন জাহাপনা!
আকবৰে দেখিলে, বান্দৰীজনীয়ে পোৱালি দুটাক নিজৰ মূৰৰ ওপৰত তুলি ৰক্ষা কৰিব খুজিছে৷ ইফালে বীৰবলৰ নিৰ্দেশত কৰ্মীদ্বয়ে গাঁতটোত পানী ভৰায়েই আছে৷
এটা সময়ত বান্দৰীজনী নিজেও ঠাৱৰিব নোৱৰা হ’ল৷ পোৱালি দুটাক ৰক্ষা কৰাৰ চেষ্টা বাদ দি এইবাৰ তাই নিজে গাঁতটোৰপৰা পাৰলৈ উঠিবলৈ যত্ন কৰিবলৈ ধৰিলে৷
বীৰবলৰ নিৰ্দেশত কৰ্মী দুজনে পানী ঢলা বন্ধ কৰিলে আৰু মাক আৰু পোৱালি তিনিওকে উদ্ধাৰ কৰি পাৰলৈ তুলিলে৷
বীৰবলে সম্ৰাটক সুধিলে : জাহাপনা, সন্তানতকৈ প্ৰিয় একো নাই বুলি এতিয়াও আপুনি ভাবেনে?
আকবৰে বীৰবলৰ মত দ্বিধাহীনভাৱে মানি ল’লে৷ বাকীসকলক সভাসদেও৷
(৬)
জাৰকালি৷ সকলোৱে জোতা, টুপিকে ধৰি গৰম কাপোৰেৰে নিজৰ শৰীৰ গৰম কৰি ৰাজ দৰবাৰলৈ গৈছে৷
বীৰবলো৷
পিছে আটায়ে আচৰিত হ’ল৷ স্বয়ং শ্বাহেনশ্বাহে দেখোন জাৰ গুচাব পৰা কানি-কাপোৰ একো পিন্ধা নাই! কিয়? সকলো সভাসদেই ইজনে আনজনক সুধিবলৈ ধৰিলে৷
বীৰবলে কিন্তু কিবা এটা ৰহস্যৰ গোন্ধ পালে৷ আজি নিশ্চয় শ্বাহেনশ্বাহৰ কিবা মতলব আছে; নহ’লে এনে হাড় কঁপোৱা জাৰৰ দিনত এনেকৈ থাকিব কিয়৷
শ্বাহেনশ্বাহে সকলোলৈকে চাই হাঁহি এটা মাৰিলে৷ তাৰ পাছত অন্তেষপুৰৰ ফালে ইঙ্গিত দিলে৷ লগে লগে এজন সেৱকে শৰাই এখনত কিবা আনি শ্বাহেনশ্বাহৰ সম্মুখত থৈ গুচি গ’ল৷
শ্বাহেনশ্বাহে সভাসদ এজনক মাতি শৰাইখনত কি আছে চাবলৈ ক’লে৷
: জাহাপনা, এইখন দেখোন এখন কম্বল! –সভাসদজনে ক’লে৷
: সেইখন মেলকচোন৷ – বাদশ্বাহে নিৰ্দেশ দিলে৷
সভাসদজনে কম্বলখন মেলিলে৷ ই কি? প্ৰায় এহাত বহল আৰু সমান দীঘল এইখন কম্বল নে হাত মচা ৰুমাল?
: শুনক সভাসদসকল! – শ্বাহেনশ্বাহৰ গুৰুগম্ভীৰ কথা শুনি দৰবাৰ নিতাল মাৰিলে৷ তেওঁ কৈ গ’ল,
: এইখন কম্বল মোৰ শৰীৰত এনেকৈ দিব লাগে যাতে মোৰ জাৰ গুচে৷ পাৰিবনে?
এইজনে কয় কি! – সভাসদসকলে ফুচ্ফুচনি তুলিলে, ৰুমালখনৰ সমান কম্বলখনেৰে বাৰু ইমান ওখ-ডাঙৰ মানুহজনৰ জাৰ গুচাব পাৰিনে?
নোৱাৰি! নোৱাৰি!! কোনোপধ্যেই নোৱাৰি!
আটায়ে হাৰ মানিলে৷
তেতিয়া বীৰবল নিজৰ আসনৰ পৰা উঠিল আৰু সিংহাসনৰ ফালে এখাজ-দুখোজকৈ আগবাঢ়িল৷
সমজুৱাসকলে আকৌ ইজনে সিজনে চোৱাচুই কৰি ফিচিঙা ফিচিঙি কৰিবলৈ ধৰিলে : অসাধ্য সাধন কৰিবলৈ গৈছে চোঁৱা! পাৰিবহে যেনিবা!
বীৰবলে সম্ৰাটক প্ৰণাম কৰিলে আৰু কম্বল টুকুৰা লৈ আথেবেথে সম্ৰাটৰ ভৰিৰ পতা দুখন ঢাকি দিলে৷
সম্ৰাট আনন্দিত হ’ল৷ বীৰবলো পুৰস্কৃত হ’ল৷
বাকীসকল সভাসদৰ মুখবোৰ ৰঙাচিঙা পৰিল৷ লাজত৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা