দ্বিজেন কুমাৰ দাস
স্মৃতি চপাই
উৰি যায়
অতৃপ্ত আত্মাৰ এটি চৰাই
ডাক্তৰে নজনালে
প্ৰাৰ্থনাইও নিদিলে উমান
মেঘৰ এজোলা
বিস্ময় মলঙা
কপালত শুভ্ৰ শিল পাখি ভঙা পখিলা!
জানিলে
বিচনাৰ কাষৰ
টুলখনত পৰি থকা
চামুচখনে
ইমান কঁপনি
ইমান কঁপনি
সাপ পোৱালি এটা হৈ বগাই যায় নীলা পোহৰ
কোৱাৰিৰে
মাখি এটাৰো নহ’ল সাহস
কাষ চপাৰ
আৰু কিজানি …
কিজানি ৰাঙীয়ে জানিলে
তিনিদিন ঘাঁহ খোৱা নাই
গলবিচনীত যে হাতখন নাই!শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 1 times, 1 visit(s) today
Last modified: May 22, 2025