Written by 4:55 am Poems

বুকুত এখন অৰণ্য লৈ ফুৰিছোঁ

প্রাঞ্জল কুমাৰ লাহন

বুকুত এখন অৰণ্য লৈ ফুৰিছোঁ

কোনেও নেদেখাকৈ

কোনেও নজনাকৈ

সেই কথা আনকি

অৰণ্যৰ গান গোৱা চৰাইবোৰকো কোৱা নাই

অৰণ্যৰ ৰঙ-বিৰঙী পখিলাবোৰকো কোৱা নাই

অৰণ্যৰ জীৱ-জন্তু কিম্বা বিৰিখকো কোৱা নাই

মোৰ বুকুৰ অৰণ্যলৈ সোমাই আহিবলৈ

কাকো কোনো অনুমতি নালাগে

মাথো বিচাৰিব জানিব লাগে

বুকুৰ অৰণ্যত সোমাবলৈ

ভালপোৱাৰ সুৰুকীয়া বাট…

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 16, 2025
Close Search Window
Close