Written by 9:08 am Poems

বাৰাণ্ডা

 ৰৌচন আলি

বাৰাণ্ডাত বহি চাই আছোঁ

ৰ’দলৈ

ৰ’দে চাই আছে আমালৈ

আমাৰ দৰে ৰ’দৰ বাৰাণ্ডা নাই

সেয়ে ৰ’দৰ সৈতে কথা পাতিছোঁ

এখন বাৰাণ্ডাৰ

ঘৰ বুলিলেই

পূৰ্বপুৰুষে দি যোৱা

ঘৰৰ সৈতে আগ-চোতাল

সংলগ্ন কৰা

এখন বাৰাণ্ডা আছিল আমাৰ ।

এতিয়া বাৰাণ্ডাৰ আকাৰ-আকৃতি সলনি হৈছে

যুগে-যুগে

সলনি হৈছে নাম

বাৰাণ্ডাৰ সৈতে ৰ’দৰ আছে হেনো

আত্মিক সম্পৰ্ক

ঘৰৰ ভিতৰলৈ সোমাব নোৱাৰি

বাৰাণ্ডাতে চিত ভোলোঙা খাই পৰি থাকে ৰ’দ

বাৰাণ্ডাক দিয়ে ৰ’দে

আত্মিক উত্তাপ

কেতিয়াবা নিষ্প্ৰভ পোহৰ

ঘৰৰ ভিতৰলৈ সোমাই আহিব নোৱৰা ৰ’দকো

জিৰণি ল’বলৈ লাগে হেনো এখন বাৰাণ্ডা

ডাঙৰ অট্টালিকাবোৰৰ বাৰাণ্ডা নাথাকে

থাকে বেলকনি

বেলকনিলৈও ৰ’দ যায় বাৰাণ্ডা বিচাৰি

বাৰাণ্ডাৰ পৰা আকাশ চোৱা মানুহক

ঈৰ্ষা কৰে ৰ’দে

বাৰাণ্ডাত বহি তাহানিতে আইতাই

চুবুৰীয়াৰ সৈতে

সেলেঙি ধৰা কথা পাগুলি-পাগুলি

তামোল খুন্দোতে,

আৰ ছিগা চুলি, তাৰ ছিগা চুলিৰে

নেঘেৰী বন্ধা খোপাৰ কথাত

পাগ তোলোঁতে,

ককাৰ পিঠিয়ে বুকুৱে বগোৱা

এমা-ডিমা নাতিবোৰ

বাৰাণ্ডাত সিঁচৰতি হৈ পৰি থাকোঁতে

বাৰাণ্ডাখন আছিল

সম্পৰ্ক গঢ়াৰ সেতু ।

বাৰাণ্ডাৰ পৰাই দৰ্শক হৈছিল কতই

বহাগৰ আবেলি, সন্ধিয়া, নিশাৰ…

বাৰাণ্ডাত বহি গল্প কৰা

বাৰাণ্ডাত বহি গল্প শুনা

বাৰাণ্ডাত বহি ওকণি মেল ওখোনিয়াই থকা

দৃশ্যবোৰ

ৰ’দে আকৌ এবাৰ চাব বিচাৰে

জীৱনৰ দৰেই 

সলনি হৈছে

বাৰাণ্ডাৰ ৰং

কোনোবাই বাৰাণ্ডাৰ পৰা আগলৈ চাবলৈ

কোনোবাই বেলকনিৰ পৰা সৌন্দৰ্য উপভোগ কৰিবলৈ

আছুতীয়াকৈ গঢ়িছে একোখনকৈ

অত্যাধুনিক ৰঙীন বাৰাণ্ডা

ৰ’দৰ ঈৰ্ষা নাই সেইবোৰ বাৰাণ্ডালৈ

যিবোৰ বাৰাণ্ডাত নুশুৱে ভতুৱা-কুকুৰ ।

….

ঠিকনা :

সৰুপালেঙী গাঁও

ডাক- দিচাংঘাট (ৰজাবাৰী)

পিন- ৭৮৫৬৭২

শিৱসাগৰ (অসম)

দূৰভাষ- ৯১০১২১১২৩২

মেইল ঠিকনা- rowsonali465@gmail.com

Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close