Written by 8:02 pm Poems

বানানৰ পদ্য

অনসূয়া বৰঠাকুৰ

ভাইটি-ভণ্টিহঁত কওঁ শুনা আজি

          বানানৰ কিছু কথা,

 ভুলকৈ লিখা বানানে যে কিমান

          লগাব পাৰে লেঠা।

সেইবাবে ভাষাটো শিকোঁতে

       শুদ্ধকৈ শিকিবা বানান,

পাঠ্যপুথিৰ লগতে কাকতো চাবা,

      কিতাপো পঢ়িবা নানান।

‘ভুল’ মানে অশুদ্ধ, দোষ, ত্ৰুটি

    মোহিত হোৱাক কয় ‘ভোল’,

‘মূল’ মানে আদি, আৰম্ভণি

     গুৰুত্ব বুজাক বোলে ‘মোল’।

 ‘জুল’ হৈছে শক্তিৰ একক,

     আঞ্জাখনক কয় জোল,

‘উল’ মানে চুৱেটাৰ গোঁঠা সূতা

     কবি আৰু কচুটো -‘ওল’।

‘চুৰ’ মানে হৈছে চুৰি কৰা কাৰ্য,

       চুৰ কৰাজন হ’ব ‘চোৰ’,

‘মূৰ’ মানে শিৰ, বস্তুৰ ওপৰভাগ

      নিজৰটোক কয় ‘মোৰ’।

‘গুৰ’ হৈছে পগোৱা কুঁহিয়াৰৰ ৰস,

     ভৰিৰে কৰা আঘাত-’গোৰ’,

‘ঘূৰ’ মানে ওভতা, পাক লোৱা

      তীব্ৰ বুজালে হ’ব ‘ঘোৰ’।

‘জুৰ’ মানে হৈছে চেঁচা, শীতল

    বল বা শক্তিক কয় ‘জোৰ’,

‘উৰ’ মানে শূন্যত চলি ফুৰা

   ‍ শেষ বা অন্তক বোলে ‘ওৰ’।

উচ্চাৰণৰ বাবেই ভুল হয় জানা

       এনেকুৱা বানানবোৰ,

সেয়ে শুদ্ধ উচ্চাৰণত গুৰুত্ব দিবা,

       ব্যকৰণতো দিবা জোৰ।

আজিলৈ ইমানতে সামৰিছোঁ দেই

        বাকীখিনি ক’ম পাছত,

তোমালোকে কিন্তু সোঁৱৰাই দিবা

      যদি পাহৰোঁ কথাৰ লাচত॥

     ঠিকনা :

       জ’ৰথাং, দক্ষিণ ছিকিম

Visited 2 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close