স্বপ্নালী কলিতা
মাটিৰ ফচ্ফচীয়া লডি এটিত
পানীৰ সংমিশ্ৰণে কৰে বাটলু
কেতিয়াবা প্ৰতিহিংসা
কেতিয়াবা বিনোদন
আৰু কেতিয়াবা সি হয়
নিজক কৰা পৰীক্ষাৰ
কৱচ
লক্ষ্য সেই মাছৰ চকু
প্ৰতিটো বাটলুৰ উৰণত
ভেদ ভঙা নায়ক অৰ্জুনৰ
দৃঢ়তা
বিশ্বাস
ভৰসা আৰু
দুঃসাহসৰ জোৱাৰ-ভাটা
এই আটাইখিনিয়েই
জৰুৰী আছিল
জৰুৰী আছিল
প্ৰস্তুতিৰ পটভূমিৰ পৰা
প্ৰক্ষেপণৰ গন্তব্য স্থানলৈকে
(এই সমগ্ৰ কাৰুকাৰ্য ভবা হৈছিল
বিশেষ বুলি)
মাত্ৰ জৰুৰী নাছিল
(আচলতে ভবা নহৈছিল )
সেই বাটলুটোৰ
অতীতৰ সৰলতাৰ কথা
কোমলতা আৰু
উৰ্বৰতাৰ কথা।
০০০
ঠিকনা :
বৰটিং নাওশলীয়া
গোলাঘাট
ফোন- ৯১০১৮৪০৭৫৭
Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025