পঙ্কজ প্রতিম বৰদলৈ

(১)
পুৰুষোত্তমে খিৰিকীৰে বাহিৰলৈ চালে। ব্যস্ত চহৰখনৰ ব্যস্ত ৰাজপথটো বহু দূৰলৈকে দেখা যায়। দিনত এই ৰাজপথটো অতি ব্যস্ত হৈ থাকে। তাতে ওচৰতে য়ুনিভাৰ্ছিটিখন থকা বাবে সকলো সময়তে প্রাণচঞ্চল হৈ থাকে ঠাইখিনি। এতিয়া নিমাওমাও৷ মাজৰাতি চহৰখন শুইছে, লগতে বাটটোও। খিৰিকীৰে দেখা ষ্ট্ৰীটলাইট দুটাৰ পোহৰ আহঁতজোপাত পৰিছে। আহঁতজোপা নির্বিকাৰ। কিন্তু পুৰুষোত্তম নির্বিকাৰ হৈ থাকিব পৰা নাই, দুচকু জাপ খোৱা নাই, টোপনি অহা নাই।
তুমি সর্বসাক্ষী আত্মা হৃষীকেশ
জানাহা মোৰ চিত্তক।
শৰণাগতক মই আতুৰক
উপেক্ষা কৰা কিসক।”
নামঘোষাৰ পদফাকি মনতে বিৰবিৰালে, পুৰুষোত্তমে। একোঠলীয়া ‘ঘৰ’খনৰ পৰা ওলাই আহিল পুৰুষোত্তম। দ্বিতীয় মহলাৰ বেলকনিটোৰ পৰা অঞ্চলটো ভালকৈয়ে দেখা যায়। ফাগুন মাহৰ পাতবোৰ সৰি যোৱাৰ পাছত লঠঙা গছবোৰৰ ফাঁকে ফাঁকে দেখা যায় বহু দূৰলৈকে। পুৰুষোত্তমে এই নির্জন ৰাতি চায়েই থাকিব যেন এই বাটটো। হঠাৎ এনে লাগিল— নিজৰ জীৱনটোও যেন এনেকুৱাই। এই ৰাতিৰ বাটটোৰ নিচিনা। দীঘল, একা-বেঁকা, সৰীসৃপৰ দৰে অন্তহীন এটা বাট। লক্ষ্যহীন এক জীৱন।
এবাৰ সি ভাবিলে, কাষৰ কোঠাটোত থকা প্রকাশক মাত দিওঁ নেকি, পিছে একো লাভ নাই। কোনোবা সমবয়সীয়া ছোৱালীৰ লগত ৱাট্ছ্এপত মেছেজ কৰাত ব্যস্ত চাগে! প্রকাশক মাতিওতো লাভ নাই, কাৰণ প্রকাশৰ লগত কি পাতিব? তদুপৰি কথা-বতৰা এষাৰ পাতিব পৰাকৈ সিমান পৰিপক্বও হোৱা নাই প্রকাশ।
“হেই পুৰু! আই হেভ ছেণ্ট য়ু এন ই-মেইল, এণ্ড্ কাইণ্ড্লি ৰিপ্লাই ছুন।—মার্টিনা।’’ মার্টিনাৰ ৱাট্ছ্এপ মেছেজটো মনত পৰি গ’ল তাৰ। পুৰুষোত্তমে আবেলিয়েই মার্টিনাৰ ই-মেইলটো তলৰ অফিচৰ কম্প্যুটাৰটোত পঢ়ি আহিছিল। কিন্তু মেইলটোৰ উত্তৰ কি দিব সেইটোহে চিন্তা কৰি এতিয়ালৈকে উলিয়াব পৰা নাই সি। দিব লাগিব কিবা এটা উত্তৰ, কিন্তু তাৰ আগতে কিছুমান বাট উলিয়াব লাগিব, জটিল হ’ব। কিন্তু উলিয়াব লাগিব। সি প্রবোধ দিলে নিজকে, কিন্তু, নাই, মনটোৱে একোকে মানিব খোজা নাই। ক’ৰবাত যেন হেৰাই গৈছে সেই আত্মবিশ্বাস, সেই দৃঢ়তা। বিছনাখনত বহি পুৰুষোত্তমে এন্ধাৰ বেৰখনলৈ চাই ৰ’ল।
(২)
‘টুপুং’
কিবা এটা শব্দ হ’ল অলপ দূৰৈত। পানীৰ ঢৌবোৰ বিয়পি পৰিল। পশ্চিম আকাশত বেলি লহিয়ালে। বৰনদীৰ মৰাসুঁতিটো হঠাৎ তাৰ মনত এটা দীঘল বাটৰ দৰে লাগিল। লক্ষ্যহীন বাট। কলীয়া আন্ধাৰে আৱৰি ধৰা এটা বাট। গাঁৱলৈ আহিলেই পুৰুষোত্তম এই মৰাসুঁতিৰ পাৰতে বহেহি। নিজ ঠাইত বৰনদীখনৰ কাষতে থাকে যদিও, পুৰুষোত্তমে গাঁৱৰ মৰাসুঁতিটোহে ভাল পায়। কোলাহল নাই। নির্জু। বিশাল নহয়। পুৰুষোত্তমৰ নিজৰ নিচিনা লাগে। নিজ ঠাইৰ নির্দিষ্ট নীতি-নিয়মৰ আৱদ্গধ আৰু তানুগতিক জীৱনটোতকৈ এই গাঁৱলৈ অহা দিনকেইটা ভাল লাগে। মুকলিমুৰীয়া।
ভাবলেশহীন পুৰুষোত্তমৰ অধিকাংশ সময় মৰাসুঁতিৰ পাৰতে পাৰ হয়। গাঁও এৰি যোৱা তাৰ প্রায় একৈছ বছৰেই হ’ল। আৰু নিজৰ ঠাইখনৰ পৰা আহি চহৰখনত থাকিবলৈ লোৱাও প্ৰায় তেৰ বছৰ হ’ল। অ’ গাঁও এৰা মানে চৌত্রিছ বছৰ হ’লহি। পুৰুষোত্তমে হাতৰ আঙুলিৰ পাবতে হিচাপটো কৰিলে।
আজিও দিনটো মনত আছে পুৰুষোত্তমৰ। শেৱালি ফুল ফুলা মাহটোৰ কোনো এটা দিন আছিল চাগৈ। কাৰণ ঘৰৰ পৰা পুৱা বেলাতেই ওলাই আহোঁতে ভগা ভঁৰালৰ গাধৈখনত থকা, আগদিনা আবেলি সি নিজহাতে যোগেন কাইৰ পদূলিৰ শেৱালিজোপাৰ তলৰ পৰা বুটলি অনা ফুলবোৰ সৰু খৰাহিটোত শুকাই আছিল। আজি তাৰ মনত ভাব হয়, সিও যেন এক শেৱালি ফুলৰ জীৱনৰ বাবে আগবাঢ়িছিল সেইদিনা! বিধৱা মাকৰ বাবে চাৰিজনীয়া পৰিয়ালটোৰ ভাতমুঠি, বায়েকৰ বিয়া আদি চিন্তা বেছি গুৰুত্বপূর্ণ আছিল। তাতে দেউতাকৰ শেষ আশা ‘‘গুৰুসেৱালৈ ল’ৰাপোৱালি এটা আগ বঢ়াবি অ’ কণমাই” কথাষাৰ জনা হোৱাৰ পৰাই সি আইতাকৰ মুখত শুনি আহিছে। পুৰুষোত্তমৰ আজিও মনত আছে, ককায়েক, মাক আৰ চুবুৰীয়া বোধেন কাইৰ লগত নিজ ঠাইৰ সেই বৃহৎ বাটচ’ৰাৰ সমুখত থমকি ৰোৱা কিছু সময়। অদূৰত নামঘৰৰ পৰা ভাহি আছিল গুৰুগম্ভীৰ কণ্ঠৰ ঘোষা। গজেন আতৈয়ে বৰ শুৱলাকৈ গায়—‘‘যিজনে একান্ত চিত্তে মাধৱক ভজি নিতে
ফুৰে মাধৱৰ গুণ গাই।
দুর্লভ অমৃত যেন যিজনে কৰিলে পান
মধুৰ পিবাক আৰ নাই।।”
সাত বছৰীয়া পুৰুষোত্তমৰ বাবে ঘোষাৰ গূঢ় তত্ত্ব বুজা সম্ভৱ নাছিল যদিও তাৰ মনত পৰিছিল ভঁৰালৰ গাধৈৰ শুকান শোৱালিৰ সৰু খৰাহিটোলৈ৷ জিভাত তিতা লাগিলেও শেৱালিফুলৰ ভাজি খাই সি ভাল পাইছিল। পিছে খোৱা নহ’ল। গুৰুসেৱা, নিমখ দিয়া শৰাই আদি হোৱাৰ পাছত, দেউতাকৰ একালৰ আতৈ গজেন বুঢ়াভকতৰ বহাতে সি থকাটো স্থিৰ হ’ল। গজেন আতৈৰ মনত আছে, দুজনী ছোৱালী হওঁতেই সোমেশ্বৰে ল’ৰাপোৱালি এফেৰি সত্রলৈ আগবঢ়াব বুলি মানস কৰিছিল। বৰপুত্রৰ মোহে অন্ধ কৰি থাকোঁতেই পুৰুষোত্তমৰ জন্ম হয় আৰু সোমেশ্বৰে সকাহ পায়। বংশৰ চিন ৰাখিবলৈকেতো তেওঁৰ এটা সঁচ থাকিব!
‘ল’ৰাৰ ৰুচি কি?’ প্রভু ঈশ্বৰৰ গুৰুগম্ভীৰ মাতষাৰৰ উত্তৰ গজেন আতৈয়েই দিলে, “বৰদলনিৰ বায়েন সোমেশ্বৰৰ পেটমোচা ল’ৰা, কথা কম কয়, প্রার্থনা-ঘোষা সুৰ লগাই গাব পাৰে! সেৱা কৰি থাকোঁতেই যে মাকৰ নাকে সোঁত সোঁতাইছিল, পুৰুষোত্তমৰ মনত আছে। সন্ধিয়ালৈ মাকহঁত গ’লগৈ। নিজ ঠাইৰ বাটচ’ৰাৰ পৰা বাটটো বেঁকা নোহোৱালৈকে পুৰুষোত্তমে চাই ৰ’ল। সেই একেই ক’লা দীঘল লক্ষ্যহীন বাট। বতাহত শেৱালি ফুলৰ গোন্ধ এটা নাকত লাগিছিলহি, তিতা শেৱালি ফুলৰ।
(৩)
গজেন বুঢ়াভকতৰ ‘বহা’ পৰিপাটি। মানুহজন নীতি-নিয়মত কঠোৰ যদিও মৰমিয়াল। তাতে সোমেশ্বৰ আতৈৰ ল’ৰা বুলি পুৰুষোত্তমলৈ তেওঁৰ মৰম এফেৰি বেছি। “ঘাই বহাত নীতি-নিয়ম কৰি বিলতীয়াৰ হৰেনক ৰান্ধনি কৰাৰ পৰা গজেন আতৈ পাকঘৰৰ জা-জঞ্জালৰ পৰা মুক্ত। কিন্তু ভকতসবৱৰ খোৱা-বোবাৰ প্রতি তেওঁ কাঢ়া নজৰ ৰাখে। পুৰুষোত্তম ল’ৰাটো নিশকতীয়া। খোৱাত অৰুচি। হৰেনে পিছে সি ভালপোৱা খাদ্য বিধে বিধে ৰান্ধি খুৱায়।
“ঠিক হ’ব। লাহে লাহে সকলো সামৰি ল’ব প্রভুঈশ্বৰৰ কৃপাই”- গজেন আতৈয়ে বিৰ্বিৰালে মনতে। তাৰ পাছত সময়বোৰ যেন পাখিলগা কাঁড়। বৰ খৰকৈ পাৰ হৈ গ’ল। বুঢ়াভকতৰ বহাৰে পদুমনিৰ নলীন, সত্র এৰি সংসাৰী হ’ল। হৰেনে ৰান্ধনিশালৰ লগতে খেতি-বাতিবোৰো চমজি লৈছে। যোৱা মাহতে সি বৰনদীৰ ঘাটত তামোল-পাণৰ দোকান এখন দিছে। ব্যৱসায় বেয়া নহয়। মজলীয়া আৰু সৰুকেইটাৰ ইস্কুলৰ খা-খৰচৰ জোৰা মাৰিছে।
গজেন বুঢ়া ভকতে নিজকে সঁপি দিছে ভগৱন্তৰ চৰণত। বেছিভাগ সময় কীর্তনঘৰতে থাকে। গজেন আতৈয়ে আওৰালে—
সহস্র সহজ আতি অপৰাধ দিনে ৰাতি
কৰোঁ মঞি মহামুঢ়জন।
আমি প্রভু তযুদাস তাকে মানি জগবাস
ক্ষমিয়োক শ্রীমধুসূদন।।”
চকু দুটা মুদি থাকিয়েই গজেন বুঢ়া ভকত বৰবায়নে গম পালে, পুৰুষোত্তম আহিছে। সেৱা এটি জনাই ক’লে, ভাতমুঠি হ’ল, তোমাৰ বহালৈকে যাব লাগিছিল, হৰেন আতৈ আকৌ ঘাটলৈ যাব লাগিব নহয়। বুঢ়াভকত উঠিল বহাৰ পৰা। মণিকূটলৈ বুলি দীঘলীয়া সেৱা এটা জনাই পুৰুষোত্তমৰ লগতে ওলাল।
(৪)
‘গুৰুভটিমা’ গাওঁতেই যতীন বৰবায়নে বুজিছিল, পুৰুষোত্তমৰ কণ্ঠত সুৰ আছে, শোক আছে, ভক্তিৰ আকূতি আছে। পাৰিব ল’ৰাটোৱে৷ পুৰুষোত্তমৰো আগ্রহ আছিল। কম সময়তে অভ্যস্ত হৈ পৰিছিল। নিজ ঠাইৰ সকলো দায়িত্ব আস্থাৰে পালন কৰাৰ লগতে, নিজৰ নম্ৰ আৰু অন্তৰ্মুখিতাৰ বাবে প্রিয়ভাজন হৈছিল। উজনিৰ বিশ্ববিদ্যালয়খনৰ পৰা সত্ৰৰ বহাতে পঢ়িয়েই বি. এ.-টোও পাছ কৰিলে সি৷ আৰু প্রসংগীয়া গায়ন-বায়ন, বৰ দোহৰীয়া হৈ বৰবায়ন হ’বলৈ পুৰুষোত্তমৰ বেছি বছৰ নালাগিল। উঠি অহা ‘নটুৱা ভকত’সকলক ‘আগনটুৱা’ হৈ নৃত্যশিক্ষা দিয়াৰ পৰা নাট পৰিচালনা কৰি গীত-বাদ্য কৰালৈকে, পুৰুষোত্তম লায়েকৰ বৰবায়ন। গোলাই বৰবায়নৰ পাছত চৌষষ্ঠিখন মাটি আখৰাত সম্পূর্ণ নিপুণ বুলি পুৰুষোত্তমৰ সমগ্র অঞ্চলটোত নাম হৈছে। তৰালী বাইদেউৰ দলটোত ৰাজধানী আৰু কলিকতাতো যোৱাকেইবছৰত কেইবাটাও অনুষ্ঠান কৰি আহিছিলগৈ সি তাৰ দলৰ সৈতে। প্রভু ঈশ্বৰ উদাৰ, সময়ৰ খোজত খোজ মিলাব জনা শ্রীকৃষ্ণৰ নিঃস্বার্থ সেৱক। অনুমতি দিয়াত তাৰ নিজ ঠাইৰ পাঁচজন গৈছিল। পুৰুষোত্তম জিলিকি উঠিছিল। বৰনদীৰ পাৰত বহোঁতেই পুৰুষোত্তমে কথাটো ভাবি আছিল। গজেন আতৈক কেনেকৈ ক’ব ? ওপজা গাঁওখনলৈ গৈ মৰাসুঁতিটোৰ পাৰত বহিবলৈ মন গৈছে। মৰাসুঁতিটো শীর্ণ, নিজৰ, আপোন; বৰনদীখন বিশাল জটিল, দৃঢ়, ভয়লগা। কিন্তু, সিচোন মৰাসুঁতিৰ পৰা বৰনদী অভিমুখী হৈছে। নিজ ঠাইৰ পৰা একেবাৰে দেশৰ ৰাজধানী! পাৰিবনে সি সেই বিশালতাৰ মুখামুখি হ’ব। বুঢ়াভকতক বা কিদৰে ক’ব! তেওঁ বা কি কয়?
সন্ধিয়া প্রসংগৰ পাছতে বহালৈ আহি বাৰান্দাখনতে চাহ এটুপি খাই নাল ভগা চকীখনতে বুঢ়াভকত সদায় বহে। ‘আমাৰ দিল্লীলৈকে যোৱাৰ কথা ভবা হৈছে। তৰালী বাইদেৱে তাৰ অসমীয়া মানুহে খুলিব খোজা নৃত্যৰ ইস্কুলখনত শিকোৱাৰ কথা কৈছে, থকা-খোৱা তাৰ এছ’চিয়েশ্যনেই দিব। আমি কেৱলীয়া শিচ্ হৈয়ে থাকিব। তোম্ৰা আজ্ঞা পালে আমি প্রভু ঈশ্বৰক সুধিব বুলি ভাবিছোঁ।’– একে উশাহতে পাতনি নতৰাকৈ পুৰুষোত্তমে কথাকেইটা ক’লে। তেলচিকটি লাগি হালধীয়া হোৱা এশ ৱাটৰ লাইটটোৰ পোহৰত, পুৰুষোত্তমে দেখিলে বুঢ়াভকতৰ দুচকুৱেদি চকুপানী বৈ আহিছে। অদূৰত কোনোবো এটা বহাৰ ডেকা ভকতৰ কণ্ঠৰ ঘোষা এফাকি কাণত পৰিলহি—‘‘কাম ক্রোধ লোভ তেজি যিটো জনে
ভজয় কৃষ্ণৰ পাৱে।
কৃষ্ণৰ কৃপাত হোৱয় কৃতার্থ
সুখে মুকুতিক পাৱে।।’’
(৫)
দিল্লীত থাকোঁতেই পুৰুষোত্তমে খবৰটো পাইছিল যদিও বিদেশৰ নৃত্যশিল্পীৰ দল এটাৰ লগত ব্যস্ত থকাৰ বাবে সেই সময়ত আহিব নোৱাৰিলে। বহালৈ আহিহে খবৰবোৰ পাইছে সি। গজেন আতৈ অশীতিপৰ। বাঁওকাণখনে কিছু কম শুনে। হৰেনেই সকলো চোৱা-চিতা কৰে। ঘাটৰ ব্যৱসায় মোটামুটি ভাল। উঁৱলি যোবা বহাটোৰ বহু মেৰামতি কৰালে সি। নতুন পানীকল এটাও লগোৱালে।
চলাজনা প্রভুঈশ্বৰ থাঁকোতেই ডেকাপ্ৰভুৱে সাংসাৰিক হোৱাৰ মন বান্ধি ননৈ চুকৰ গাভৰু এগৰাকীৰ লগত ঘৰ বান্ধিলেগৈ৷ নতুন এজনৰ সন্ধান চলি থাকোঁতেই প্রভুঈশ্বৰ বৈকুণ্ঠগামী হ’ল। পুৰুষোত্তমে দিল্লীতে উপবাস কৰি নিয়ম-কাৰণখিনি কৰিছিল। এতিয়া বুঢ়াভকতে শৰাই এখন যোগাৰ কৰিছে, পুৰুষোত্তমৰ পৰিশুদ্ধিৰ বাবে।
প্রায় দুবছৰ সমিতিয়ে চলোৱাৰ পাছতহে বেবেজীয়াৰ ফালৰ ডেকা গোসাঁই এজনা পোৱা গ’ল। এতিয়া ডেকা প্রভুক নির্মালি দি থোৱা হৈছে। সোনকালেই প্রভু ঈশ্বৰৰ বিষয়বাব পাব। বুঢ়াভকতৰ লগতে পুৰুষোত্তম ‘গুৰু সেৱা’ কৰিবৰ বাবে ওলাল। বিয়লি প্রসংগৰ পাছত ডেকাপ্রভুৱে দীঘলীয়া আশীর্বাদ দিলে। সুন্দৰ স্বাস্থ্যৰ, মেদহীন দেহৰ, উজ্জ্বল চেহেৰাৰ ডেকাপ্রভু। পুৰুষোত্তমে মনতে জুকিয়ালে আমাতকৈ ৫/৬ বছৰহে ডাঙৰ হ’ব বয়সে।
“তোম্বাৰ কথা জনা হৈছে বৰবায়ন, দিল্লীত বেছ কিছু নাম কৰিছে শুনিছোঁ। বিদেশ ভ্রমণো হ’ল কেইবাবাৰো।”— ডেকাপ্ৰভুৱে মাত লগালে।
ডেকাপ্রভুৱে দেখিছোঁ কম সময়তে আমাৰ ঠাঁচৰ কথা-বতৰাও শিকি পেলালে।— পুৰুষোত্তম মনতে ভাবিলে। তেৰাৰ কথাষাৰত আন্তৰিকতাতকৈও কিছু ঈৰ্ষা আৰু শ্লেষ থকা যেনহে বোধ হ’ল পুৰুষোত্তমৰ।
‘‘গুৰুজনাৰ কৃপা! কৰি আছোঁ আৰু যি পাৰিছোঁ।’’— পুৰুষোত্তমে উত্তৰ দিলে। সন্ধিয়া শৰাইৰ সময়তো, ডেকাপ্রভুৰ পুৰুষোত্তমৰে বহু বার্তালাপ হ’ল। ডেকাপ্রভু কৌতূহলী । পুৰুষোত্তমৰ কাম, বিদেশ ভ্রমণ, দিল্লী চহৰ আদিক লৈ তেওঁৰ অনন্ত আগ্রহ। পুৰুষোত্তমৰ কিবা এটা ভাল নালাগিল। কীর্তনঘৰৰ পবা বহালৈ অহা সৰু বাটটোতে বহু দিনৰ মূৰত পুৰুষোত্তমে আকৌ শেৱালিফুলৰ গোন্ধ পালে। চিনাকি গোন্ধ!
(৬)
বছৰ বাগৰি গৈছে। নিজৰ একনিষ্ঠ সাধনা আৰু চেষ্টাৰে পুৰুষোত্তমে নিজাববীয়া চিনাকি এটা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। জ্ঞান অন্বেষণৰ অপাৰ আগ্রহৰ বাবে এই নৃত্যকলাৰ বিষয় এটাতে বিশ্ববিদ্যালয়ৰ সর্বোচ্চ বিদ্যায়তনিক ডিগ্রী লাভ কৰিবলৈও পুৰুষোত্তম সক্ষম হৈছে। দেশৰ মানচিত্রত এই নৃত্যকলাক প্রসাৰ আৰু প্রচাৰ কৰাত পুৰুষোত্তমে একনিষ্ঠভাৱে লাগি আছে। বিদেশতো পুৰুষোত্তমৰ সুনাম হৈছে। দিল্লীৰ এছ’চিয়েশ্যনে দিয়া দুটা কোঠাতে থাকি, পুৰুষোত্তমে নিজৰ কৃচ্ছ্ৰ সাধনা অব্যাহত বাখিছে। দুবছৰৰ আগতে তেওঁৰ স্কুলখনৰ শাখা বঢ়াবৰ বাবে দুতিবাম বঢ়াভকতৰ বহাৰ প্রকাশক আনি লৈছে। প্ৰকাশে ইয়াৰ শাখা দুটাৰ শ্রেণীবোৰ চায়। ভালেমান ছাত্র-ছাত্রী।
অধ্যাপক হিচাপে পুৰুষোত্তমে যথাযোগ্য সন্মান পাইছে। নিজ ঠাইতো পাইছিল। কিন্তু তাত কিবা এটা উকা আছিল।নিস্তেজ শেৱালি ফুলৰ দৰে। ইয়াত উজ্জ্বল আৰু সতেজ। সন্মানৰো ৰং থাকে। প্রভু ঈশ্বৰে বিষয়বাব লোৱাৰ পাছত আগৰ ডেকা প্রভুৰ লগত বহুবাৰ সাক্ষাৎ হৈছে পুৰুষোত্তমৰ, কিন্তু সেই যোৱা আহিনৰ ঘটনাটোৰ পাছত পুৰুষোত্তমে নিয়মমাফিক সন্মান আৰু বার্তালাপখিনিহে কৰে। তাকো নহ’লে নোহোৱা৷
মৰাসুঁতিৰ পাৰৰ, বৰদলনিৰ ল’ৰা পুৰুষোত্তম, গজেন বুঢ়াভকত আৰু ধনীৰাম বৰবায়নৰ শিষ্য। বহা, কীর্তনঘৰ, ঘাই বহা ইয়াতে জীউটো। নীতি-নিয়মবোৰ বান্ধোন নহয়, জীৱন চৰ্চাহে। ৰাজধানী মহানগৰী এখনত এযুগ থকাৰ পাছতো শিপাডালৰ মোহ। সকলো নীতি-নিয়ম পালন কৰিহে দেশ-বিদেশ ভ্রমণ কৰিছে৷ সময়ৰ লগত খোজ দিয়াৰ সাহস কৰিছে। মৰাসুঁতিৰ পৰা বৰনদী অভিমুখী হোৱা সহজ নহয়, পুৰুষোত্তমে জানে। সেয়ে ভুলৰ অৱকাশ ৰাখিব নোখোজে। পুৰুষোত্তমৰ মনত আছে, আগৰজনা প্রভু ঈশ্বৰৰ পৰা গজেন বুঢ়াভকতৰ লগত গৈ অনুমতি লোৱা দিনটোৰ কথা, আতাৰ তেজগোৰা চেহেৰা আৰু গহীন ব্যক্তিত্বলৈ সমীহ, সম্ভ্ৰম দুয়োটাই জাগে।
“যদিওবা এনে আগতে হোৱা নাই, সময় সলনি হৈছে, গতিকে তোম্বাৰ প্রতিভাক আমি বাধা নিদিওঁ, কিন্তু স্বদেশে-বিদেশে আমাৰ নীতি-নিয়ম পালন কৰি শিচ হৈ আমাৰ বহাৰে ভকত হৈ থকা হ’বনে নাই, সেইটো জনাটোহে জৰুৰী, আমি ভকতসবৰো মন বুজি লৈহে জনাব পাৰিম, ভৱিষ্যতৰ কথাও আছে। পুৰুষোত্তমৰ কথাখিনি শুনাৰ পাছত, আতা ঈশ্বৰে ক’লে৷ দিছিল, দুদিনৰ পাছতে ভকতসৱৰ মন লৈ, কাগজ লিখি প্রভুঈশ্বৰে অনুমতি দিছিল। বাটচ’ৰাত ৰৈ পুৰুষোত্তমে দীঘল বাটটো চাইছিল, ক’লা, অন্ধকাৰ, সর্পিল, লক্ষ্যহীন! লক্ষ্যহীন নে?
(৭)
দিল্লীত পুৰুষোত্তমে নৃত্যকলাৰ প্রসাৰ আৰ প্রচাৰৰ বাবে এন. জি. অ’. এটা খুলি লৈছিল। ড° ত্ৰিপাঠী, মায়া বাইদেউ, এছ’চিয়েশ্যনৰ ফুকন ছাৰ আদিক লৈ। যোৱা কেইবছৰমানৰ পৰা ৰাজধানীৰ বিখ্যাত বিশ্ববিদ্যালয় এখনৰ সহযোগত সি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় মানৰ অনুষ্ঠান আয়োজন কৰি আহিছিল। যথেষ্ট প্রশংসা পোৱাৰ লগতে নৃত্যকলাবিধৰ প্রসাৰ কৰাতো সি সফল হৈছে। বাষ্ট্রীয় কলা সংস্থা এটায়ো আর্থিক সহায় কৰাৰ লগতে পুৰুষোত্তমক তাৰ কামৰ বাবে পুৰস্কৃতও কৰিছে। পিছপৰা ৰাজ্যখন আৰু বৰনদীৰ পাৰৰ ঠাইখনৰ বাবে সি আজিকালি গৌৰৱৰ বিষয়। নতুনচাম ভকতে পুৰুষোত্তমক আদর্শ জ্ঞান কৰিছে। যোগ্য আৰু প্রতিভাশালী দুজনমানক বাট দেখুৱাইছে পুৰুষোত্তমে। নিজৰ তত্বাৱধানত কৰোৱা অনুষ্ঠানৰ বাবে পুৰুষোত্তমে যোগ্য শিল্পী আনে, নিজৰ পচন্দৰ ঠাইৰ পৰা। মানসম্পন্ন দর্শকৰ সন্মুখত প্রদর্শনৰ কথা থাকে। সেয়ে এৰা-ধৰা নকৰে পুৰুষোত্তমে। কিন্তু নতুনজনা প্রভু ঈশ্বৰ অহাৰ পৰা পৰিৱেশ সলনি হৈছে। চলাজনাৰ উদাৰতা আৰু সমীহৰ ঠাইত কঠোৰ নীতি-নিয়মৰ আৰু কিছু ভয়ৰ সৃষ্টি হৈছে। মুকলিমুৰীয়া পৰিৱেশটোৰ যেন অলপ অভাৱ হৈছে। ডেকা ভকত চামৰ নীৰেন, কমল, বিনোদ আদি কেইজনমান প্রায় সকলো দিশতে পার্গত যদিও তেওঁলোকে নিজৰ প্ৰতিভা প্ৰকাশ কিৰবলৈ সুযোগ নোপোৱা হৈছে।গোপাল বৰবায়ন আৰু মহেন গায়নক আনিলে পুৰুষোত্তমৰ সুবিধা হয়। এইকেইজনকেই প্ৰায়ে অনা হয়। অনুষ্ঠানলৈ দহ-পোন্ধৰ দিন থাকোঁতেই তেওঁলোকক আনি মহানগৰীৰ শিক্ষার্থীসকলৰ সৈতে আখৰা কৰাই অনুষ্ঠানভাগি কৰা হয়। যোৱা দুবছৰ তেনেকৈয়ে সুন্দৰভাৱে চলি আছে। সকলো অনুমতি আৰু কাগজ লিখাইহে পুৰুষোত্তমে ভকতসকলক আনে। নতুন প্রভুঈশ্বৰে দায়িত্ব লোৱাৰ পৰা পুৰুষোত্তম অধিক সতর্ক হৈছে। পিছে এইবাৰ অনুষ্ঠান কৰি উভতি যোৱাৰ পাছতে শিল্পী ভকতসকলৰ লগত চৰু বেলেগ কৰা হ’ল। কীর্তনঘৰত সোমোৱাতো বাধা দিয়া হ’ল। পুৰুষোত্তমে কথাবোৰ শুনি দুখ পালে। ‘‘আতৈ, আমাৰ যে কি হ’ব ঠিকেই নাই, তোম্ৰা অহা হ’লে যে আৰু কিখন হ’ব নেদেখাজনেহে জানে!’’ নীৰেনৰ ফোনতেই থোকাথুকি মাতেৰে কোৱা কথাবোৰে পুৰুষোত্তমক ভবাই তুলিলে। প্রভুঈশ্বৰ সত্ৰত নাছিল। ৰাজ্যৰ ৰাজধানী চহৰলৈ বিশেষ কামত গৈছিল। অনুষ্ঠানৰ দিনৰ কিবা এক খেলি-মেলিৰ বাবে পূর্বে জনোৱা হৈছিল যদিও শেষ মুহূৰ্তত অনুমতিৰ বাবে তেখেত নাছিল। বুঢ়াভকতে কাগজ কৰি অনুমতি দিয়াত ভকতকেইজন আহি ৰাজধানী মহানগৰখন পাইছিলহি, অনুষ্ঠানৰ দুদিনৰ পূর্বে! তেওঁলোকৰ দোষ সেয়াই। পুৰুষোত্তমৰ কথাবোৰ বুজিবলৈ দেৰি নালাগিল। প্রভুঈশ্বৰৰ, এক বিশেষ মতাদর্শগত ৰাজনীতিত বিশ্বাসী সামাজিক সংগঠনৰ লগত ঘনিষ্ঠ সম্পর্ক। নিজৰ ঠাইতো কেইবাটাও অনুষ্ঠান কৰিছে তেওঁলোকে, প্রভুজনাৰ সহযোগত। উচ্চাভিলাষী প্রভুঈশ্বৰৰ বাবে যেন এইবোৰ একোটা জখলা! তেওঁলোকৰ প্রভাৱতে চৰকাৰী সংস্থা এটাৰ জৰিয়তে বিদেশলৈ যোৱাৰো সুযোগ এটা পাইছিল অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে। প্রভুঈশ্বৰে ৰাজধানী চহৰত গৈ যাৱতীয় কাম-কাজো আগবঢ়াইছিল, পুৰুষোত্তমৰ সহযোগী ডেকা ভকত কেইবাজনো প্রভুঈশ্বৰৰ সংগী হোৱাৰ কথা আছিল। দুয়োটা অনুষ্ঠানৰ সময়-সূচী ওচৰা-উচৰিকৈয়ে পৰিছিল। পাছত কিবাকৈ প্রভুঈশ্বৰৰ অনুষ্ঠান নোহোৱাৰ খবৰ পাই ভকতকেইজন পুৰুষোত্তমৰ অনুষ্ঠানলৈ গুচি অহাটোৱেই আছিল তেওঁলোকৰ অপৰাধ।
কিন্তু এনে অপৰাধ (অপমান!) ক্ষমাৰ অযোগ্য ! পন্থাৰ পৰিপন্থী! সেয়েহে নিলগোৱা হ’ল। পুৰুষোত্তমকো কীর্তনঘৰত প্ৰৱেশৰ বাধা দিয়া হ’ল, ভুল হৈছে যদি ভাগৱতত ধৰি ক্ষমা খুজিব বুলি কোৱা কথাষাৰেও প্রভুঈশ্বৰক টলাব নোৱাৰিলে। নিজৰ অতিকে আপোন ঠাইখন। নিজৰ ঘৰ বুলি ভবা বহা, নিজৰ ধর্মস্থল, গুৰুসেৱাৰ ঠাই কীর্তনঘৰ, সকলো আজি পুৰুষোত্তমৰ বাবে অচিনাকি হৈ পৰিল মুহূর্ততে। শিপাডাল ছিগি যোৱাৰ ভয়ত সন্ত্ৰষ্ট হৈ উঠিল পুৰুষোত্তম।
বৰনদী হ’বলৈ মনমেলা পুৰুষোত্তমৰ যেন আজি আকৌ মৰাসুঁতিটোলৈ মনত পৰিল। বাটচ’ৰালৈ ওলাই আহিল পুৰুষোত্তম বৰবায়ন। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ৰাজ্যৰ নাম উজলোৱা সন্মানীয় নৃত্যশিল্পী পুৰুষোত্তম বৰবায়ন৷ সাজ লাগি ভাগিছে। পুৰুষোত্তমৰ মনত পৰিল, মাকহঁত যেন ওলাই গৈছে এইমাত্র। কেঁকুৰিটোলৈকে চাই ৰ’ল পুৰুষোত্তমে। একেই বাট। অন্ধকাৰ। সর্পিল। লক্ষ্যহীন। চৌত্রিছ বছৰ আগৰ সন্ধিয়াটো যেন ঘূৰি আহিল।
(৮)
বুঢ়াভকতসকলৰ মধ্যস্থতাত, পুৰুষোত্তমে সেইবাৰলৈ নিৰাময় পালে। প্রভুঈশ্বৰে চৰ্ত বান্ধি দিলে, অন্ততঃ তিনিবছৰলৈ নিজা পচন্দৰ কোনো শিল্গীক পুৰুষোত্তমে অনুষ্ঠানৰ বাবে নিব নোৱাৰিৰ আৰু প্রভু ঈশ্বৰৰ পূর্ব অনুমতি আৰু নির্বাচন মতেহে নিব পাৰিব। অন্যথা নিজ ঠাইত সোমোৱা নিষিদ্ধ কৰা হ’ব। বহাৰ পৰাও বিতাৰিত হ’ব লগা হ’ব। নির্বিবাদে মানি লৈ পুৰুষোত্তম গুচি আহিছিল। পাৰে, আন বহু শিল্পী আছে চিনাকি। এচাম উঠি অহা দক্ষ শিল্পী আছে। তেওঁলোকক লৈ অনুষ্ঠান কৰিব পাৰে। কিন্তু নিজৰ ঠাইৰ টান, শিপাৰ টানে পুৰুষোত্তমক আশ্বাসিত কৰে। তাতে নীৰেনৰ বাঁহী, মহেনৰ গায়ন আৰু গোপাল বায়নৰ সমকক্ষ সতকাই পোবা নাযায়। থুলৰ মিলটোৱে পুৰুষোত্তমক সাহস যোগায়।
মার্টিনাৰ আগৰ মেইলটোৰপৰাই আচলতে পুৰুষোত্তমৰ সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছিল। তিনিমাহৰ পাছত বার্লিনত বিশ্বৰ ধ্রুপদী নৃত্যৰ এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতা হ’ব। এই মঞ্চখন বিশ্বৰ এখন অতি সন্মানীয় মঞ্চ। সমগ্র এছিয়াৰ পৰা কেইটামান দলহে নির্বাচিত হৈছে আৰু আমাৰ দেশৰ পৰা একমাত্র পুৰুষোত্তম বৰবায়নৰ দলটো। জাতীয় দায়িত্বৰ লগতে ইয়াৰ লগত ৰাষ্ট্ৰীয় সন্মানৰ কথাও জড়িত হৈ আছে। আজি মার্টিনাই সেয়েহে অনতিপলমে যোগদান নিশ্চিত কৰিবলৈ কৈছে। নহ’লে আন কোনো এটা দলক বাছনি কৰা হ’ব। ধ্রুপদী নৃত্যৰ অলিম্পিক এয়া। কোন সতে এৰি দিব সি! বহু বছৰীয়া কষ্টৰ ফচল ফলাৰ সময় এয়া পুৰুষোত্তমৰ। পুৰুষোত্তমে জানে, নীৰেন, কমল, গোপালহঁত সাজু হৈ উঠিব। তেওঁ মাত্র আজ্ঞা কৰিলেই হ’ল। কিন্তু প্রভুঈশ্বৰৰ আগতীয়া অনুমতি, তিনি বছৰৰ সময় আৰু প্রত্যেকবাৰতেই ভিন্ন শিল্পীৰ চর্তটো কোনোপধ্যেই পালন নহ’ব। চর্তভংগ। নিজ ঠাইৰ নিয়ম ভংগ হ’ব। হয়তো নিজ ঠাইত প্ৰৱেশ কৰা আৰু বুঢ়াভকতৰ বহালৈ যোৱা জীৱনটোৰ বাবে নিষিদ্ধ হ’ব।
শিপাডাল ছিগি যাব। পুৰুষোত্তম বিহ্বল হৈ পৰিল। হঠাৎ আগৰজনা প্রভুঈশ্বৰক দিয়া বাইকশাৰী এক বোজা যেন অনুভৱ হ’ল পুৰুষোত্তমৰ। সেই আস্থা আৰু বিশ্বাস ভাঙিব লাগিব নেকি? নিজকে সুধিলে পুৰুষোত্তমে।
মাৰ্টিনাৰ মেইলৰ শেষৰ বাক্যশাৰীলৈ মনত পৰিল— “প্লিজ ৰিপ্লাই এট্ দা আৰ্লিয়েষ্ট।’’ সোনকালে। অনতিপলমে উত্তৰ লাগে!
(৯)
প্রকাশ হয়তো টোপনি গ’ল। একো সাৰ-সুৰ নাই। নহ’বৰেই কথা। ফেঁহুজালিলৈ কিমান পৰনো বাকী!
পুৰুষোত্তম বিছনাৰ পৰা উঠি আহিল। খিৰিকীখন খুলি দিলে, চ’তমহীয়া চেঁচা বতাহজাকে চুই গ’ল তাৰ দেহ-মন-আত্মাক। ব’হাগলৈ হয়তো বেছি দিন নাই। দূৰৈত চৰাই এটাৰ ৰিণিকি ৰিণিকি মাত কাণত পৰিল পুৰুষোত্তমৰ। ষ্ট্ৰীট লাইট দুটাৰ পোহৰ কমি আহিছে। আঁহতজোপাৰ পাতবোৰ কিছু লৰিছে৷ বাটটো দীঘল দি পৰি আছে। এচমকা পোহৰে বাটটো ক্রমান্বয়ে পোহৰাই আনিছে। পুৰুষোত্তমে দীঘলকৈ উশাহটো ল’লে। কিবা অচিন ফুলৰ সুবাস এটা নাকত লাগিল, বহু দিনৰ পাছত, শেৱালি ফুল নহয়তো? ধেৎ, চ’তত ক’ৰ শেৱালি ফুল ফুলিব! পুৱাৰ প্রসংগৰ পাছতে কাম কেইটামান কৰিব বুলি পুৰুষোত্তমে মনতে ঠিৰাং কৰিলে। নীৰেন, গোপালহঁতলৈ ফোন কৰি সাজু হ’বলৈ ক’ব। মার্টিনাক মেইল কৰি যোগদান নিশ্চিত বুলি জনাব আৰু প্রভু ঈশ্বৰলৈ এটা ফোন কৰিব। নহয়! এখন দীঘলীয়া চিঠি লিখিব, পুৱাতেই পঠাব।
পুৰুষোত্তমে ঘোষা এফাকি আওৰালে-
জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম
যিজনে ফুৰে সুমৰি।
তাক মোৰ বুলি হাতে অস্ত্র তুলি
ৰাখিয়া ফুৰন্ত হৰি।।”
পুৱাৰ কোমল ৰ’দ অলপ আহি পুৰুষোত্তমৰ মুখত পৰিলহি।
বাটটো এতিয়া সম্পূর্ণ পোহৰ হৈ পৰিছে। পুৰুষোত্তমে যেন বাটটোৰ অন্তত নিজ ঠাইৰ বাটচ’ৰাখন দেখা পালে!
ঠিকনা:ৰাষ্ট্রপতি ভৱননতুন দিল্লীফোন নং: ৮৮০০৯৪৮৮০৮
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা