Written by 8:42 am Articles

বাজি ৰাউত: ভাৰতৰ স্বাধীনতা আন্দোলনৰ দুই সৰ্বকনিষ্ঠ ছহিদৰ এজন

ক্ষিপ্ৰকল্প গগৈ

ভাৰতবৰ্ষৰপৰা ব্ৰিটিছ শাসনৰ ওৰ পেলোৱাৰ উদ্দেশ্যেৰে আৰম্ভ হোৱা স্বাধীনতা আন্দোলনত স্বতঃস্ফূৰ্তভাৱে ওলাই আহি দলে-বলে যোগ দিছিল ভাৰতৰ হাজাৰ-বিজাৰ স্বাধীনতাকামী জনগণে৷ স্বাধীনতাৰ বাবে হোৱা এই যুঁজখনত তেওঁলোকে নিজৰ জীৱন পৰ্যন্ত আহুতি দিবলৈকো কুণ্ঠাবোধ কৰা নাছিল৷ তেওঁলোকৰ বীৰত্ব, অৱদান আৰু ত্যাগৰ অবিহনে আমাৰ দেশৰ স্বাধীনতা সম্ভৱ নহ’লহেঁতেন৷ ভাৰত মাতৃৰ স্বাধীনতাৰ হকে প্ৰাণ উচৰ্গা কৰা বহুকেইগৰাকী বীৰ-ছহিদৰ ভিতৰত সবাতোকৈ কনিষ্ঠ ছহিদ দুজন আছিল অসমৰ তিলেশ্বৰী বৰুৱা আৰু ওড়িশাৰ বাজি ৰাউত৷ অৰ্থাৎ, ভাৰতৰ স্বাধীনতা আন্দোলনত ছহিদ হোৱা সৰ্বকনিষ্ঠ বীৰাঙ্গনাগৰাকী আমাৰ অসমৰ! এয়া আমাৰ বাবে কম গৌৰৱৰ কথানে! তিলেশ্বৰী বৰুৱা আৰু বাজি ৰাউতে মাত্ৰ বাৰ বছৰ বয়সতে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি দেশৰ হকে প্ৰাণ আহুতি দিছিল৷ যিটো বয়সত আমাৰ দূৰ আকাশৰ গাজনি-ঢেৰেকনি এটালৈকো ভয় লাগে, সেইটো বয়সতে তিলেশ্বৰী অথবা বাজিৰ দৰে শিশুসকল কেনে দুৰ্দ্দান্ত সাহসী বীৰ আছিল ভাবিলেই আচৰিত লাগে৷ তিলেশ্বৰী বৰুৱা ছহিদ হৈছিল ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে ঢেকিয়াজুলি থানাত পতাকা উৰুৱাবলৈ গৈ৷ আনহাতে বাজি ৰাউত ছহিদ হৈছিল ১৯৩৮ চনৰ ১১ অক্টোবৰ তাৰিখে ব্ৰিটিছৰ সৈতে হোৱা আন এক সাহসিক মুখামুখিত৷ এই লেখাটোত বাজি ৰাউতৰ বীৰত্বৰ বিষয়ে ক’বলৈ লোৱা হৈছে৷

বাজি ৰাউতৰ জন্ম হৈছিল ওড়িশাৰ ঢেংকানাল জিলাৰ নীলকণ্ঠপুৰ নামে এখন গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালত ১৯২৬ চনৰ ৫ অক্টোবৰ তাৰিখে৷ বাজিৰ ঘৰত মতা নাম আছিল বাজিয়া৷ বাজিয়াৰ দেউতাকে ব্ৰাহ্মণী নদীত নাৱৰীয়া হিচাপে থাকি মানুহ ইপাৰ-সিপাৰ কৰিছিল, আৰু মাকে ইঘৰ-সিঘৰত কাম-বন কৰি অতি কষ্টেৰে পৰিয়াল পোহপাল দিছিল৷ বাজিয়া আছিল পৰিয়ালটোৰ নোমলীয়া সন্তান৷ অতি কম বয়সতে বাজিয়াই নিজৰ পিতৃক হেৰুৱাইছিল৷ সেয়ে ঘৰখনৰ সমস্ত দায়িত্ব পৰিছিল মাকৰ ওপৰত৷ বাজিয়াহঁতৰ ঢেংকানাল জিলাত সেই সময়ত স্থানীয় ৰজাৰ শাসন চলিছিল৷ ৰজাবোৰ আছিল ব্ৰিটিছৰ তলতীয়া৷ ইংৰাজৰ মুখৰ ভাষাই ৰজাবিলাকৰো কথা! স্থানীয় ৰজাই বাধ্যতামূলকভাৱে নিয়ম প্ৰয়োগ কৰি জিলাবাসীৰপৰা কৰ-কাটল সংগ্ৰহ কৰিছিল৷ ৰূপ-চিকা, শস্য-মৎস্য আদি প্ৰত্যেকটো পৰিয়ালে নিয়মিতভাৱে ৰজাক দি থাকিবলগীয়া হৈছিল৷ সেই কৰ পৰোক্ষভাৱে ইংৰাজৰ হাতলৈয়ো গৈছিল৷ যি পৰিয়ালে কৰ দিবপৰা নাছিল, ৰজাই মানুহ পঠিয়াই নিষ্ঠুৰভাৱে সেই পৰিয়ালত লুটপাট চলাই সম্পত্তি নিজৰ হাতলৈ নিছিল৷ ঘৰত বিশেষ মূল্যৱান সামগ্ৰী নাপালে ৰজাৰ মানুহে সেই দৰিদ্ৰ মানুহৰ ঘৰ পৰ্যন্ত ভাঙি পেলাইছিল! বাজিয়াৰ বিধৱা মাকে অতি কষ্টেৰে আনৰ ঘৰত ধান-চাউল জাৰি-বাছি দিয়াৰ বিনিময়ত যি মুঠি চাউল ঘৰলৈ আনিছিল, তাৰো আধাভাগ ৰজাৰ নামত উচৰ্গা কৰিবলগীয়া হৈছিল! বাজিয়া আৰু তাৰ ককায়েকহঁতে সেয়ে প্ৰায়ে আধাপেটিয়াকৈ বা কেতিয়াবা সম্পূৰ্ণ লঘোণতে থাকিবলগীয়া হৈছিল৷ ইংৰাজ আৰু সিহঁতৰ স্থানীয় ৰজাৰ এনে অন্যায় অবিচাৰ দেখি কণমানি বাজিয়াৰ কুমলীয়া মনটোত এই দুয়োটা পক্ষৰ প্ৰতি প্ৰচণ্ড ঘৃণাৰ ভাৱ গঢ় লৈ উঠিছিল৷ ইংৰাজ আৰু ৰজাৰ বিৰুদ্ধে কিবা এটা কৰিবলৈ বাজিয়াৰ ফুলকুমলীয়া মনটোৱে উচ্‌পিচাই আছিল৷ বাজিয়াই উপাৰ্জনৰ বাবে ব্ৰাহ্মণী নদীৰ নীলকণ্ঠপুৰ ঘাটত নাও চলাবলৈ ল’লে৷ সেই সময়ত ঢেংকানাল জিলাৰ ৰজা আছিল শংকৰ প্ৰতাপ সিংদেও৷ ৰজাৰ নিষ্ঠুৰতা আৰু লুণ্ঠণৰ বিৰুদ্ধে ঢেংকানাল চহৰৰ সংগ্ৰামী নেতা বৈষ্ণৱ চৰণ পাটনায়ক, যি পাছলৈ ‘বীৰ বৈষ্ণৱ’ নামেৰে প্ৰসিদ্ধ হৈ পৰিছিল, তেওঁ ‘প্ৰজামণ্ডল’ নামেৰে এটা আন্দোলন গঢ়ি তুলিছিল৷ তাত ঢেংকানালৰ হাজাৰ-বিজাৰ মুক্তিকামী জনগণে স্ব-ইচ্ছাই যোগদান কৰি স্থানীয় ৰজা আৰু ইংৰাজ শাসনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছিল৷ বাজিয়াইও প্ৰজামণ্ডলৰ সৰু ল’ৰা-ছোৱালীৰ বাবে থকা শাখা ‘বানৰ সেনা’ত যোগ দিলে৷ ঢেংকানাললৈ যাবলৈ বা তাৰপৰা আহিবলৈ ব্ৰাহ্মণী নদীৰ ওপৰত কোনো দলং নাছিল৷ বাজিয়াই যিহেতু নাও চলায়, গতিকে কোনো ইংৰাজ লোককে বা ইংৰাজৰ হৈ কাম কৰা যেন সন্দেহ হোৱা কোনো লোককে যাতে বাজিয়া আৰু তাৰ কাণসমনীয়া নাৱৰীয়াবিলাকে এতিয়াৰপৰা ঘাট পাৰ কৰি ঢেংকানাললৈ অহাত সহায় কৰি নিদিয়ে, সেই গুৰুদায়িত্ব বাজিয়াহঁতৰ ওপৰত অৰ্পণ কৰা হ’ল৷ বাজিয়াই ভালেই পালে৷ তাৰ বয়সৰ সামৰ্থ্যৰে ইংৰাজক বাধা দিবলৈ তথা তাৰ জন্মভূমিৰ প্ৰতি কিবা এটা কৰাৰ স্পৃহা সি মনৰ ভিতৰত বহুদিনৰেপৰা পুহি ৰাখিছে৷ গতিকে বাজিয়াই সেই দায়িত্ব খুব নিয়াৰিকৈ পালন কৰি যোৱাৰ লগতে তাৰ সমনীয়া নাৱৰীয়াবিলাককো সিহঁতৰ কৰ্তব্য সূচাৰুৰূপে কৰি যাবলৈ উৎসাহ দিলে৷ বাজিয়াহঁতে যাতে ইটোৱে-সিটোৰ লগত যোগাযোগ ৰাখিব পাৰে, বা কিবা বিপদ হ’লে ইপাৰৰপৰা সিপাৰলৈ সংকেত প্ৰেৰণ কৰিব পাৰে, সেই উদ্দেশ্যেৰে বাজিয়াহঁতক কেইটামান পিতলৰ ঘণ্টা আৰু শংখও যোগান ধৰা হ’ল৷

ইফালে ঢেংকানালত ইংৰাজ আৰু স্থানীয় ৰজাৰ বিৰুদ্ধে প্ৰজামণ্ডলৰ জোৰদাৰ আন্দোলন তুংগত উঠিল৷ প্ৰজামণ্ডলৰ কেইবাজনো আগশাৰীৰ নেতাক বিনা দোষত গ্ৰেপ্তাৰ কৰি থানালৈ অনা হ’ল৷ সেই ক্ষোভতে প্ৰজামণ্ডলৰ হাজাৰ-বিজাৰ সদস্যই থানা ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তুলিলে৷ দুয়োপক্ষৰ হতাহতিত ইংৰাজৰ হাতৰ আধুনিক মৰণাস্ত্ৰৰ সন্মুখত নিৰস্ত্ৰ প্ৰজামণ্ডলৰ দুজন নিৰীহ সদস্য ক্ৰমে ৰঘু নায়ক আৰু কুৰি নায়কে প্ৰাণ আহুতি দিবলগা হ’ল৷ ইংৰাজ সেনাৰ গুলীচালনাত প্ৰজামণ্ডলৰ আন্দোলনকাৰীসকল ছেদেলি-ভেদেলি হৈ পৰিল যদিও অতি সোনকালেই পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠাৰ আশংকা কৰি ইংৰাজে ৰাতিটোৰ ভিতৰতে অধিক সেনা ঢেংকানাললৈ আনি প্ৰজামণ্ডলৰ মুখ্য নেতা বৈষ্ণৱ চৰণ পাটনায়কক গ্ৰেপ্তাৰ কৰি পৰিস্থিতি চম্ভালিবলৈ পৰিকল্পনা কৰিলে৷ কথাটো প্ৰজামণ্ডলৰ চোৰাংচোৱাৰ মুখেৰে জানিব পাৰি আন্দোলনৰ কৰ্মকৰ্তাসকলে বাজিয়াহঁতক ৰাতিলৈ সতৰ্ক হৈ থাকি ঘাটত পহৰা দিবলৈ কোৱাৰ লগতে কোনো ইংৰাজ সেনাকে যাতে সিহঁতে পাৰ নকৰায়, সেই কথা আকৌ এবাৰ সোঁৱৰাই দিলে৷

সেইদিনা আছিল ১৯৩৮ চনৰ ১১ অক্টোবৰ৷ বাজিয়াই সিটো পাৰলৈ যোৱা এজন মানুহক পাৰ কৰাই সেইটো ঘাটত কিছুসময় কটোৱাৰ পাছতে গিৰিপ্‌-গাৰাপ্‌ শব্দেৰে তাত উপস্থিত হৈছিলহি এজাক ইংৰাজ সেনা! সেনাৰ বৃহৎ দলটো দেখিও বাজিয়াই অলপো ভয় কৰা নাছিল, আৰু পিছ হুহুঁকিও অহা নাছিল৷

‘ঐ পোৱালি, আমাক সিপাৰলৈ পাৰ কৰি দে৷’— সমুখৰ এজন সৈন্যই বাজিয়াক আদেশ দি নাৱত বহি পৰিল৷

‘মই আপোনালোকক পাৰ নকৰোঁ৷ মোৰ নাৱৰপৰা নামি দিয়ক৷’— বাজিয়াই ইংৰাজ সৈন্যৰ দলটোক সাহসিকতাৰে প্ৰত্যুত্তৰ দিলে৷

‘তোক কিমান পইচা লাগিব? আমি তোক দুগুণ ভাৰা দিম!’— ইংৰাজ সৈন্যজনে ক’লে৷

‘কোনো মূল্যৰ বিনিময়ত মই আপোনালোকক সিপাৰলৈ লৈ যাব নোৱাৰোঁ৷ যদি কিবা দিব খুজিছে তেনেহ’লে আমাক আমাৰ দেশখন ঘূৰাই দিয়ক আৰু ইয়াৰপৰা আঁতৰি যাওক!’— দুগুণ ভাৰাৰ কথা কোৱা ইংৰাজ সৈনিকজনক দুগুণ সাহসেৰে ফেপেৰি পাতি ধৰিলে ফুলকুমলীয়া বাজিয়াই৷

‘তোৰ দেখোন বৰ বৰ কথা! ইমান পোৱালি পোৱালি ল’ৰাই এইবোৰ কথা ক’ত শিকিছ? মাথা খাৰাপ্‌ নকৰিবি! ভালে ভালে আমাক সিপাৰলৈ নে৷ নে বুলি কৈছোঁ নহয়!’— ইংৰাজ সৈন্যজন এইবাৰ বাজিয়াৰ কাষ চাপি আহি গৰজি উঠিল৷

‘নিনিওঁ বুলি কৈছোঁ নহয়! নিনিওঁ! কি কৰিব? আপোনালোকে আমাক আদেশ দিব নোৱাৰে৷ এইখন আমাৰ দেশ৷ ইয়াত আমাৰ কথামতেহে কাম হ’ব৷ আপোনালোকৰ মতে নহয়!’— বাজিয়াই নিজৰ স্থিতিত অটল হৈ থাকিল৷ এটা ফুলকুমলীয়া শিশুৰপৰা তেনে সিংহ গৰ্জন শুনি ইংৰাজ সৈন্যজনে যথেষ্ট অপমানিত বোধ কৰিছিল৷ খঙত একো নাই হৈ ইংৰাজ সৈন্যজনে হাতত লৈ থকা বন্দুকৰ কুণ্ডাৰে বাজিয়াৰ আগমূৰত গাৰ জোৰেৰে খুন্দা মাৰি দিলে৷ ভাৰসাম্য হেৰুৱাই বাজিয়া ব্ৰাহ্মণী নদীৰ বালিত আচাৰ খাই পৰিল৷ ইংৰাজ সৈন্যজনে কৰা সেই আঘাতত বাজিয়াৰ আগমূৰৰ লাওখোলা ভাগি গৈছিল৷ তথাপি বাজিয়াই অলপো ভয় নকৰি সাহসেৰে পুনৰ থিয় দিছিল৷ কপালৰপৰা বৈ অহা গৰম তেজৰ ধাৰটো হাতেৰে মোহাৰি দিওঁতে তাৰ কণ কণ হাতৰ দুই তলুৱা ৰাঙলী হৈ পৰিছিল৷ অলপো পলম নকৰি বাজিয়াই দৌৰি গৈ পিতলৰ ঘণ্টাটো টং টংকৈ বজাই দিলে আৰু তাৰ পাছতে সি শংখত গাৰ জোৰেৰে ফুঁ দিলে৷ শংখ আৰু ঘণ্টাৰ শব্দ শুনি নীলকণ্ঠপুৰ ঘাটৰ ফালে থকা বাজিয়াৰ লগৰীয়া ল’ৰাকেইটাই বিপদৰ উমান পাই ৰছী লগোৱা নাওবোৰ সিহঁতৰ ফালে টানিবলৈ ধৰিলে৷ ৰছী নথকা নাওকেইখন বাজিয়াই ইংৰাজ সৈন্যৰ দলটো পাৰ হ’ব নোৱৰাকৈ ঠেলি ঠেলি ব্ৰাহ্মণী নদীৰ সোঁতত উটুৱাই দিলে৷ বাজিয়াৰ তেনে কাৰ্য দেখি সৈন্যৰ দলটোৰ খং দুগুণে চৰিল৷ সিহঁতে বুজি উঠিছিল যে আজি এই কণমানি, নিৰস্ত্ৰ নাৱৰীয়া ল’ৰাটোৰ আগত সিহঁতৰ সামৰিক সজ্জাৰে সজ্জিত এই বৃহৎ সৈন্য-বাহিনীৰ দলটো বৰ বেয়াকৈ হাৰি গ’ল! বৰ বেয়াকৈ! সেয়ে নৃশংসতাৰ সকলো সীমা চেৰাই সিহঁতে বাজিয়াৰ মূৰলৈ লক্ষ্য কৰি ধাৰাসাৰে গুলী এৰিলে৷ গুলীৰ আঘাতত ‘মা অ’!’ বুলি চিঞৰি কণমানি বাজিয়াৰ তেজ-মঙহৰ দেহটো ব্ৰাহ্মণী নদীৰ পানী জোঁৱলিত পৰি ৰ’ল৷ বাজিয়াক গুলী কৰিয়ে সেইদিনা হিংস্ৰ ইংৰাজ সৈন্যৰ দলটো ক্ষান্ত হোৱা নাছিল৷ বৰ্বৰ দলটোৱে সিপাৰে থকা বাজিয়াৰ সতীৰ্থ নাৱৰীয়া ল’ৰাকেইটালৈকো লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল৷ সেই কালনিশা ভাৰত মাতৃৰ বীৰ সন্তান ফুলকুমলীয়া বাজি ৰাউতৰ লগতে ছহিদ হৈছিল বাজিৰ চাৰি সতীৰ্থ লক্ষ্মণ মালিক, ফাগু চাহু, হাৰুচি প্ৰধান আৰু নাটা মালিক৷ কণ কণ পঞ্চ ছহিদৰ কেঁচা তেজেৰে সেইদিনা ব্ৰাহ্মণী নদীৰ পানী ৰাঙলী হৈ পৰিছিল৷ ইংৰাজৰ বিৰুদ্ধে সাহসেৰে থিয় দি দেশৰ হকে প্ৰাণ আহুতি দিয়া কণমানি বীৰ ছহিদ বাজি ৰাউতৰ নাম ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা ৰ’ব৷

       জ্ঞানপীঠ বঁটা বিজয়ী প্ৰখ্যাত ওড়িয়া সাহিত্যিক সচিদানন্দ ৰাউতৰায়ে লিখা ‘বাজি ৰাউত’ নামৰ কবিতাটিৰ দুটি শাৰীৰ থুলমূল অসমীয়া ভাঙনিৰে এই লেখাটোৰ সামৰণি মাৰিছোঁ—

নহয় বন্ধু, নহয় এয়া চিতা!

দেশৰ ঘোৰ আন্ধাৰৰ মাজত

ই অনিৰ্বাণ মুক্তিৰ শলিতা!

____

লেখকৰ সম্পূৰ্ণ ঠিকনা:-

গাঁও- কাৱৈমাৰী গাঁও, ডাক:- কলাকটা (মাছখোৱা হৈ),

জিলা:- ধেমাজি, পিন:- ৭৮৭০৫৮,

ভ্ৰাম্যভাষ:-  ৯৮৬৪২১৮৯৩০

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close