Written by 10:41 am Poems

বাঘজান ভেলেঙীৰ সন্তান (কবিতা)

ঋষভ নাথ

গুহা ত্যাগ কৰি আহিছে
ঢেঁকীয়াপতীয়া জুইকুৰা
গোঁজৰণিত জীণ গৈছে বেলি
ঘৰবোৰৰ অংশত শেষৰ মাংস
মাটি টোপাটোপে লো-লালটি 
উধানৰ তেজ টুকি টুকি
উৰিছে ফিৰিঙতি

নদীৰ খঙেৰে ৰাতি ধৰা হাতবোৰ 
আজি খাদী কাপোৰৰ গাঁতত
কপাল পালপাতি পৰিব
অশ্বত্থামাৰ বাটত

কাণ ধুনি যায় কোদো-ধ্বনি
কিজানি ঠিক সেইপিনেই 
মোহনৰ ভুল-ফুলনি
নিদ্ৰাৰত নৰখাদকৰ মূৰত 
কৰ্বেটৰ লোতক দুটি
হায়! দুঃস্বপ্নৰ গুটি 

জুইৰ চকু ক্ৰোধ-কূপ
সেয়ে নেকি সি নিচিনে 
পাপৰ নীতি পুণ্য কি
হৈ-হাল্লা তৰ্ক বিননি 
কিয় খেল-ক্ষতৰ শুকনি

নাক কামুৰি যায় উগ্ৰ ধোঁৱাই
আকৌ ভয়ৰ খোজতে ভৰি পৰে
জোন নুমাই নাযাবি অ’ চিকাৰীকাই
ওঁঠ-কেঁচাকেইজনীৰ উচাপ শুঙি
আজিচোন আন্ধাৰো ভোকাতুৰ
জানো তোৰ শৰৰ স্বভাৱ পোন
পিছে ধনুত যদি শগুণ পৰে 
ঘূৰি ঘূৰি অভাৱহে বীৰ
চিকাৰৰ কাহিনীত

আৰু যদি বাঘজান ভেলেঙীৰ সন্তান
আঙুলিৰ দক্ষিণা দি আপোনঘাতী
মাৰীচৰ বাবেও এবাৰ চিঞৰিম
মৌনতাৰ ঠানিত কপৌ আঁকি
শেষ কৰিম চকুৰ চিয়াঁহী
কি লাভ নিয়তিক দোষি 
মৃগৰ মাংসই বৈৰী
———–

ঠিকনা:ডাকঘৰ: আৰু জিলা- গোৱালপাৰাঅসম, সূচাংক— ৭৮৩১০১ভ্ৰাম্যভাষ: ৯৮৫৯৯৭৬৬৪৩rhikhab.nath@gmail.comশ্ৰব্য ৰূপ

Visited 5 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close