Written by 8:32 am Poems

বাঁহী নবজা ৰাতিবোৰ বৰ চেঁচা পৰা ৰাতি

হিতেশ মেধি

শিতান খেপিয়াই মৰিছো 

ইলুটি সিলুটি কৰি

টোপনিবোৰ অঘৰী বাবেই

চকুৰ পতাত বাহ নাবান্ধে

হাতখনলৈ চালোঁ 

নিথৰ হৈ পৰি আছে মোৰ

আই তুলি-তালি ডাঙৰ কৰা আঙুলি কেইটি

গহন ৰাতিৰ আন্ধাৰবোৰ বেৰৰ লেপখোৱা মাটি

এই খহি পৰে এই খহি পৰে 

মই আছোঁ লেপি

বৰঘৰত আবতৰীয়া মাৰলীৰ লুটি-বাগৰ কাটি

ৰাতিবোৰ আন্ধাৰৰ কাণসমনীয়া ভাই

দুখত লুতুৰি-পুতুৰি

সুখৰ বেলি মাৰ চাই

অ’ কেতেকী ভনী

তই নকবি এই বাঁহী নবজা ৰাতিবোৰ 

বৰ চেঁচা পৰা ৰাতি

বাঁহী বজোৱাঁ অ’ ককাইটি

বুকুৰ অসুখত কেঁকাইছে বাঁহীয়ে

পানী শিয়াই তিয়াইছে মোৰ বেৰৰ লেপখোৱা মাটি

মূৰলৈকে আঙুলি কঁপিছে

উজনিত কিহবাই সুৰটি ৰেপিছে

আৰু নক’বি মোক

এই বাঁহী নবজা ৰাতিবোৰ বৰ চেঁচা পৰা ৰাতি

বাঁহী বজোৱা অ’ ককাইটি 

Visited 7 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close