মূল : এণ্টন চেখভৰ ‘A CHAMELEON’
অনুবাদ : পংকজ কুমাৰ নেওগ
বজাৰখনৰ মাজেৰে ইন্সপেক্টৰ ওচুমেলভে পাক এটা মাৰিছিল। গাত তেওঁৰ এটা নতুন অভাৰকোট আৰু কাষলতিৰ তলত এটা সৰু টোপোলা। পিছে পিছে ৰঙাচুলীয়া চিপাহী এজনো গৈছিল; তেওঁৰ হাতত আছিল বজাৰৰ পৰা বাজেয়াপ্ত কৰা ফল-মূলৰ এটা খৰাহী। বজাৰখনত তেনেই নিমাওমাও পৰিৱেশ। মণিহাৰী আৰু সৰু-সুৰা চাহদোকান কেইখনমান খোলা আছিল যদিও সেইবোৰৰ ক’তো নৰ-মনিচ এটাও দেখিবলৈ নাই– সমস্ত বজাৰখন যেন ক্ষুধাৰ্ত হৈ মুখ মেলি পৰি আছে। আনকি বাটৰ চুকে-কোণে ভিখাৰী এটাও দেখিবলৈ নাই। হঠাতে কণ্ঠস্বৰ এটা ভাহি আহিল– ‘ঐ জংঘলী! কামুৰিবলৈ আহিছ! হেৰা! তোমালোক সকলোৱে তাক ধৰাঁ, পলাবলৈ নিদিবা। কামুৰি পলাবলৈ আইনে এতিয়া অনুমতি নিদিয়ে! ধৰাঁ, ধৰাঁ তাক!’ কুকুৰ এটাৰ ভুক-ভুকনিও লগে লগে শুনিবলৈ পোৱা গ’ল।
ওচুমেলভে চিঞৰ-বাখৰ হোৱা দিশে চাই দেখে যে পিচুগিন খৰি বেপাৰীৰ দোকানখনৰ কাষেৰে এটা সন্ত্ৰস্ত কুকুৰ তিনিখন ঠেঙত ভৰ দি দৌৰি ওলাই আহিছে আৰু বেছ পৰিপাটিকৈ কাপোৰ পিন্ধা এজন মানুহে কুকুৰটোক পিছে পিছে খেদিছে। এটা পাকত তেওঁ আগলৈ হামখুৰি খাই কুকুৰটোৰ পিছফালৰ ঠেং এখনত ধৰিলে। কুকুৰটোৱে কেউ কেউকৈ চিঞৰি উঠিল আৰু লগে লগে আকৌ চিঞৰ শুনা গ’ল– ‘ধৰাঁ! ধৰাঁ!’ কাষৰ দোকানবোৰৰ পৰা প্ৰথমে দুই-এখন মুখে জুমাজুমি কৰিবলৈ ধৰে আৰু অলপ সময়ৰ ভিতৰতে মানুহৰ জাক এটা সেই ঠাইত গোট খালে। ‘ছাৰ, কিবা এটা গণ্ডগোল লাগিছে নিশ্চয়!’- চিপাহীজনে মাত লগালে। ওচুমেলভ মানুহজাকৰ মাজলৈ সোমাই গ’ল আৰু খৰি দোকানখনৰ পদূলিতে আউলি-বাউলি চুলিৰে কুকুৰটো খেদি যোৱা মানুহজনক দেখা পালে। তেওঁ সোঁহাতখন ওপৰলৈ তুলি তেজ ওলাই থকা আঙুলিটো সকলোকে দেখুৱাই আছিল। ৰঙা মাতাল চকুযোৰেৰে মানুহজনে যেন ঘোষণা কৰিব খুজিছে– ‘ৰ! তোক মই চাই ল’ম!’ ৰক্তৰঞ্জিত আঙুলিটোৱেই আছিল যেন তেওঁৰ দিগ্বিজয়ৰ নিচান! মানুহজনক ওচুমেলভে চিনি পালে– তেওঁ হ’ল চহৰখনৰ সোণাৰী খ্ৰিউকিন। ভিৰৰ ঠিক মাজতে দোষী প্ৰাণীটো অৰ্থাৎ বৰ্জোই জাতৰ কুকুৰ পোৱালিটো বহি আছে– মুখখন তাৰ জোঙা আৰু পিঠিত হালধীয়া ৰঙৰ ছাপ। আগঠেং দুখন মেলি সজল দুচকুৰে ক্লেশ আৰু আতঙ্কৰ ভাবেৰে বেচেৰাটো বহি আছে। তাৰ শৰীৰটো অলপ কঁপি আছিল।
ভিৰ ঠেলি ভিতৰলৈ সোমোৱা ওচুমেলভ এইবাৰ গৰ্জন কৰি উঠিল- ‘ইয়াত কি হৈছে? তোমালোক গোট খাইছা কিয়? কোনোবা এজনে আকৌ হাতৰ আঙুলি এটা দেখুৱাই থিয় হৈ আছে! কোনে চিঞৰ-বাখৰ কৰিছিল ইয়াত?’ খ্ৰিউকিনে সৰুকৈ কাহ এটা মাৰি আৰম্ভ কৰিলে– ‘ছাৰ, মই কাৰো একো হানি নকৰাকৈ নিজৰ কামতে গৈ আছিলোঁ। বাটতে খৰি কিনিবলৈ দোকানী মিত্ৰি মিত্ৰিচৰ সৈতে কথা পাতিবলৈ লৈছিলোঁহে, এই কুকুৰ পোৱালিটো ক’ৰ পৰা আহি জানো আঙুলিতে দাঁত বহুৱাই দিলে! ছাৰ, আপুনিতো জানেই আমি কাম কৰি খোৱা মানুহ… মোৰ ব্যৱসায়ত খুব সূক্ষ্ম কামৰ প্ৰয়োজন। মোক ক্ষতিপূৰণ লাগিবই। আঙুলিটো হয়তো এসপ্তাহমান লৰচৰেই কৰিব নোৱাৰিম! আইনতো ক’তো নাই যে আমি এই জন্তু-জানোৱাৰৰ অত্যাচাৰ সহি যাব লাগিব। এনেকৈয়ে যদি য’তে-ত’তে জন্তুৰ কামোৰ খাই ফুৰিব লাগে জীৱনত কিবা সুখ থাকিবনে?’ ‘ওঁ… কথাটো হয়’, গলহেঁকাৰি মাৰি আৰু ভূৰু কোঁচাই ওচুমেলভে এইবাৰ টানকৈ সুধিলে– ‘বাৰু, এই কুকুৰটো কাৰ? মই ঘটনাটো সহজে এৰি নিদিওঁ। বাটে-পথে কুকুৰ এৰি দিয়াসকলক এশিকনি দিহে এৰিম। যিসকল ভদ্ৰলোকে নিয়ম মানি চলিব নোখোজে তেওঁলোকে এইবাৰ ভাল শিক্ষা পাব। মালিকজনক এনেকৈ জৰিমনা বিহিম যে ভৱিষ্যতে কেতিয়াও বাটত জন্তু-জানোৱাৰ এৰাৰ কথা নাভাবে।’
চিপাহীজনক উদ্দেশি ওচুমেলভে ক’লে – ‘এলডিৰিন, কুকুৰটো কাৰ অলপ খা-খবৰ কৰাঁ আৰু এখন এজাহাৰো লিখাঁ। কুকুৰটো নিশ্চয় পগলা হৈছে, সোনকালে ইয়াক মাৰি পেলোৱাই ভাল। কাৰ কুকুৰ এইটো, কোনোবাই জানানে? উত্তৰ দিয়া!’
: জেনেৰেল ঝিগালভৰ কুকুৰ যেন লাগিছে। – ভিৰৰ মাজৰ পৰা কোনোবাই মাত দিলে।
: জেনেৰেল ঝিগালভ? হু:! মোৰ অভাৰকোটটো খুলিবলৈ অলপ সহায় কৰাঁ, এলডিৰিন। বৰ গৰম উঠিছে হঠাতে। বৰষুণেই আহে নেকি!
খ্ৰিউকিনৰ ফালে চাই ইন্সপেক্টৰ ওচুমেলভে এইবাৰ ক’লে –
: কিন্তু এটা কথা মই বুজি পোৱা নাই তোক কুকুৰে কামুৰিবলৈ পালে কেনেকৈ? তাকো কামুৰিছে হাতৰ আঙুলিত, ই কেনেকৈ সম্ভৱ? কুকুৰ পোৱালিটো তেনেই সৰু আৰু তই হৈছ এটা প্ৰকাণ্ড মানুহ! ক’ৰবাৰ গজালত আঙুলি খোঁচ খুৱাই ক্ষতিপূৰণ আদায় কৰাৰ পাং পাতিছ! তহঁতক চিনি পাবলৈ মোৰ বাকী নাই। গোটেইবোৰ চয়তানৰ দল!
: ছাৰ, এই মানুহজনে এটা জ্বলন্ত চিগাৰেট কুকুৰটোৰ নাকত লগাবলৈ গৈছিল। তেনেকৈয়ে আঙুলিত কামোৰ খালে। এই খ্ৰিউকিনে সদায় এইবোৰ বদমাছি কৰি ফুৰে।
: ঐ কেঁৰাচকুৱা মিছলীয়া! কথা ক’বলৈ নাহিবি! তই মোক তেনে কৰা দেখিছ জানো? ছাৰ বুদ্ধি-বিৱেচনা থকা মানুহ, তেওঁ নিজেই গম পাব কোন সঁচা কোন মিছা। যদি মিছা মাতিছোঁ তেন্তে আদালতে বিচাৰ কৰিব। আইন হ’ল সকলোৰে বাবে সমান আৰু নাজান যদি কওঁ শুন, মোৰো নিজৰ এজন ভাইটি পুলিচত আছে।
: এই ৰ অ’ তহঁত দুটা! এতিয়া তৰ্কাতৰ্কি আৰম্ভ নকৰ!
: ‘ওহোঁ, এইটো কেতিয়াও জেনেৰেলৰ কুকুৰ নহয়। জেনেৰেলৰ এনেকুৱা কোনো কুকুৰ নাই। তেওঁৰ সকলোবোৰ কুকুৰেই চিকাৰী কুকুৰ।’ – বিচক্ষণৰ দৰে পুলিচ চিপাহীজনে এইবাৰ মাত লগালে।
: সঁচাকৈয়ে কৈছানে?
: ছাৰ, একদম সঁচাকৈয়ে কৈছোঁ।
: ময়ো তাকে ভাবিছিলো। জেনেৰেলৰ কুকুৰবোৰ ভাল জাতৰ আৰু যথেষ্ট দামী। এইটোক চোৱা! ফাপৰে খোৱা বাটৰ কুকুৰ! কোনোবাই এনে কুকুৰ পোহেনে? মস্কো বা পিটাৰ্ছবাৰ্গৰ বাটত এনে কুকুৰ দেখা পালে কি কৰা হয় জানানে? আইন-চাইন একো মনা নহয়, পোনচাটেই সিহঁতক মাৰি পেলোৱা হয়। খ্ৰিউকিন, মনত ৰাখিবি– তোক এই কুকুৰটোৱে কামুৰিছে। সহজে ঘটনাটো এৰি দিয়া নহয়। সিহঁতক শিক্ষা দিয়াৰ সময় আহি পৰিছে।
: কেনেবাকৈ কুকুৰটো জেনেৰেলৰ হ’বও পাৰে। চেহেৰা চায়েই কেতিয়াবা সকলো কথা ধৰিব নোৱাৰি। সেইদিনা তেওঁৰ ঘৰৰ চৌহদত এনে এটা কুকুৰ দেখা যেন লাগে।’ – চিপাহীজনে আপোন মনে ভোৰভোৰাবলৈ ধৰিলে।
: হয়, হয়, এইটো জেনেৰেলৰেই কুকুৰ। – কোনোবা এজনে মানুহৰ জুমটোৰ পৰা চিঞৰিলে।
: হেৰা এলডিৰিন! মোক অভাৰকোটটো আকৌ পিন্ধাই দিয়াঁচোন, হঠাতে চেঁচা বতাহ এজাক বলিবলৈ আৰম্ভ কৰিছে, মোৰ জাৰেই লাগিছে! তুমি জেনেৰেলৰ কাষলৈ কুকুৰটো লৈ যোৱাঁ আৰু সেইটো তেওঁৰ হয়নে নহয় সুধি আঁহা – ক’বা মই তোমাক তেওঁৰ ওচৰলৈ পঠিয়াইছোঁ। বাটত তেনেকৈ কুকুৰটো এৰিবলৈ মানা কৰিবা, দামী কুকুৰ হ’ব পাৰে। বাটৰ বদমাছবোৰে এইদৰে জ্বলন্ত চিগাৰেট তাৰ নাকত লগাই ফুৰিলে সি জীয়াই নাথাকিব। কুকুৰ হ’ল বৰ মৰমেৰে ৰখা বস্তু! ..আৰু শুন বদমাছ খ্ৰিঊকিন, হাতখন তললৈ নমা। মূৰ্খৰ দৰে আঙুলিটো কাক দেখুৱাই আছ? গোটেই গণ্ডগোলবোৰ তোৰ বাবেই হৈছে… অ’ সেয়া জেনেৰেলৰ ৰান্ধনিজন এইফালে আহিব ধৰিছে। তেওঁকেই কথাটো সোধা যাওক। হেৰা ভাই প্ৰ’হৰ, অলপ এইফালে আহাঁ। ভালকৈ চাই কোৱাঁচোন এইটো তোমালোকৰ কুকুৰনে?
: নাই, নহয়। আমি কোনোদিনে এনে কুকুৰ ৰখা নাই।
: ওঁ, কথাটো এতিয়া পৰিষ্কাৰ হ’ল।’ – ওচেমেলভে ক’লে। ‘এইটো এটা গৰাকীহীন বাটৰ কুকুৰ। সময় নষ্ট কৰি তেনেহ’লে লাভ নাই, যিমান সোনকালে পাৰি ইয়াক শেষ কৰাই কথা।’
প্ৰ’হৰৰ কথা শেষ হোৱা নাছিল। ‘কুকুৰটো আমাৰ নহয়, কিছুদিনৰ আগেয়ে জেনেৰেলৰ ভায়েক আহিছে আৰু এইটো তেওঁৰ কুকুৰ। বৰ্জোই জাতৰ কুকুৰক লৈ আমাৰ জেনেৰেলৰ ৰাপ নাই কিন্তু তেওঁৰ ভায়েকৰ বৰ পছন্দ।’
: কি ক’লা? জেনেৰেলৰ ভায়েক আহিছে? ভ্লাদিমিৰ ইভানিচ আহিছে?’ ওচুমেলভ প্ৰায় চিঞৰি উঠিল। অপাৰ্থিৱ হাঁহিৰে তেওঁৰ মুখখন উজলি উঠিল। কি কথা, মই একেবাৰেই গম নাপাওঁ। কিছুদিন নিশ্চয় তেওঁ থাকিব।
: ওঁ, থাকিব।
: কি কাণ্ড দেখিছানে! ককায়েকৰ ঘৰলৈ আহিছে আৰু মই গমেই নাপাওঁ। তেনেহলে কুকুৰটোৰ গৰাকী মিঃ ইভানিচহে! বৰ ভাল কথা! লৈ যোৱাঁ, তাক ঘৰলৈ নিয়া। কি যে মৰম লগা কুকুৰ! সি আকৌ এই মানুহজনৰ আঙুলিতে কামুৰিলে – হাঃ, হাঃ,হাঃ! উৱা!..কঁপিছ কিয় আকৌ? নিশ্চয় খং উঠিছে তাৰ…!! বৰ মৰম লগা পোৱালি দেই!
প্ৰ’হৰে খৰিৰ দোকানখনৰ পৰা কুকুৰটোক মাতি লৈ গ’ল। জুমটোৰ মানুহবোৰে খ্ৰিউকিনলৈ চাই ফিচিঙা-ফিচিঙি কৰিবলৈ ধৰিলে আৰু ওচুমেলভেও তালৈ পোন্দোৱাকৈ চাই এটা হুমকি দিলে– ‘ৰ, তোক সোনকালে এশিকনি দি আছোঁ!’ অভাৰকোটটো ভালকৈ গাত মেৰিয়াই বজাৰখনৰ মাজেৰে ইন্সপেক্টৰ ওচুমেলভ আগ বাঢ়ি গ’ল।
০০০
ঠিকনা :
মাস্কাট, চুলতানেট অব ওমান।
ভ্ৰাম্যভাষ : +৯৬৮-৯৯৬৭-২৭৮১।