Written by 3:17 am Poems

বয়ন পৰ্ব

  মদাৰজ্যোতি

নেচা সূতা মেৰিওৱা চেৰেকী দ্ৰৌপদী নহয়

যে দুৰ্যোধন যঁতৰৰ নিৰ্দেশনাত

উঘা দুঃশাসনে টানিয়েই থাকিব

উঘায়ো সপোন দেখে

বোৱনীৰ চানেকীৰ ফুলেৰে ৰঙা পোহৰ লেখে

নেচা সূতা মেৰিওৱা চেৰেকী দ্ৰৌপদী নহয়

যে দুৰ্যোধন যঁতৰৰ আদেশত

মহুৰা কণিষ্ঠ-দুঃশাসনে টানিয়েই থাকিব

মহুৰায়ো কল্পনা কৰে

তাঁতৰ মাকোত গাভিনী বুকুৰ শৰাধ লেখে

এনেকৈয়ে যদি তাঁতি অথবা তাঁতীৰ তাঁতৰ জাতত

অচিনা আঙুলিয়ে চিৰি সলাই ফুল বাছে

তেনে কোনখন মহাভাৰত অশুদ্ধ

শুদ্ধিৰ বাবে বুদ্ধি পাঙি এজনে ফকৰা জুৰিলে-

দুঠেঙে বোলে- এঠেং,

দুঠেং ক’লৈ গ’ল ?

এঠেঙে বোলে- চাৰি ঠেঙত উঠি দুঠেং

ছঠেং বিচাৰি গ’ল

ইয়াৰ পৰাই ৰোজগাৰৰ কাহিনীটোৰ আৰম্ভ

ভোগৰ শেষতো অতৃপ্তি থাকে

কেতিয়াবা উঘাৰ

কেতিয়াবা মহুৰাৰ

কেতিয়াবা ছঠেঙীয়া জিঁয়াখোৱা চৰাই পোৱালিৰ

আঁচুফুলৰ সূঁতাবোৰ শিখণ্ডী 

মাজতে ফুলে

আৰু বিভাজিত কৰে উকা বাটৰ দীঘলীয়া বুৰঞ্জী

দুহাতৰ মাকো আৰু দুভৰিৰ নভবা গৰকাৰ কুটনীতিত

Visited 3 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close