কেশৱ চাউ
ওপজোঁতে আমি নগ্ন আছিলোঁ
আৰু যামগৈও নগ্ন দেহাৰে
তেন্তে ইমানবোৰ প্ৰস্তুতিৰ অৰ্থই বা কি
সীমা গচকি
মাটি ঠেলি
কৰিবানো কি
বাঢ়িব কেৱল এক ইঞ্চি মাটি
ইপিনে মিৰি
সিপিনে নিচি
ইপিনে আদিবাসী
সিপিনে দেউৰী
ৰাভা, বড়ো আৰু কাৰ্বি
বছৰজোৰা বাদ-বিবাদৰ শেহত
প্ৰজন্মৰ পাছৰ প্ৰজন্মই
ইঞ্চি ইঞ্চি মাটিৰ নাম থ’ব
বধ্যভূমি বুলি
ঠিকনা :
স্নাতকোত্তৰ তৃতীয় ষান্মাসিক
ৰাজনীতি বিজ্ঞান বিভাগ
ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশ ভ্ৰাম্যভাষ : ৮৮১২৯৭২৭৫১
Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025