Written by 6:08 am Poems

বদনামী কবি

নৃপেন গোস্বামী

কবিতাৰ মানুহবোৰ বৰ বদনামী

লিখে কবিতা

সাঁচে সপোন

পূৰঠ নোহোৱা সপোন দেখি দেখি

বদনামী কবিতাৰ মানুহবোৰ

ইয়াত কবিতাৰ মানুহবোৰ

কবি নহবও পাৰে

কাৰণ কবিৰ সদনাম তেনেই  ন্যূনতম

যুগজয়ী কবি বদনামী

কালজয়ী একা   

কবিৰ চেতনাত মাতৃ

কবিৰ অন্তৰ ধাত্ৰীৰ

তাৰ পাছতো 

বদনামী  কবি

কবিক লগ পালে কোনেও নোসোধে 

কিয় লিখে কবিতা

কিয় পঢ়ে কবিতা

দিন বাগৰে 

জীৱনৰ সন্ধ্যাবোৰ পূৰঠ হয়

পূৰঠ নহয় মাথোঁ কবিতা পঢ়া মানুহৰ মন

কবিক সন্দেহৰ চকুৰে চোৱা অভ্যাস

অতি পুৰণি

কবি সচেতন নাগৰিক

কবি সচেতন পথিক

ভোক বিসৰ্জন দি পাতে মেল

বজায় ৰণডংকা

আইৰ মান কবিৰ অভিমান

কবি নাছিলোঁ কোনোকালে

তথাপি শব্দৰ বাহক হৈ থাকিম মৰিবলে

বদনামৰ আঁত

কেঁচা সুতানেছাৰ দৰেই 

বদনামী শব্দৰ সহজ পৰিভাষা লৈ

লৈ গতিশীল 

কবিজগত

হয়

কবিৰ বদনাম সৰহ

কাৰণ কবিৰ সমকক্ষ তৰা অতি আপেক্ষিক।

ভ্ৰাম্যভাষ : ৭০০২১৯৪২৮৬, ৯৪৩৫৪২৬১৬৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close