ৰমানন্দন বৰা
পাঁচ
ট্ৰেক্টৰ এখন খেতিৰ বাবে কিমান কামত অহা সেই কথা বছাগাঁৱৰ মানুহে নিজ চকুৰে দেখিলে৷ তিনিহাল বলধে এঘণ্টাত যি কাম কৰিব পাৰে, এখন ট্ৰেক্টৰেA সিমান কৰিব পাৰে৷
এইবাৰ ক’লাই মহাজনে হালোৱা চাৰিটাৰ ঠাইত দুটা বন্দোৱস্ত কৰিলে৷ দ মাটি দুপুৰাত অমনা বাও সিঁচিলে৷ বাকী নপুৰা শালি খেতিৰ মাটিও বহাগৰ ভিতৰতে চহাই শেষ কৰিলে৷ কেনেকৈ? টেক্টাৰৰ কৃপাত৷
ট্ৰেক্টাৰৰ কেজুৱেল লগোৱা, ট্ৰেইলাৰ লগোৱা, খোলা আদিবোৰ বেণুৰ একচেটিয়া কাম৷ কিন্তু বেণুৱে লাহে লাহে অনুভৱ কৰিলে দিনটো ট্ৰেক্টাৰখন চলাই থকাটো মুখৰ কথা নহয়৷ গোটেই গাৰ মঙহ কঁপাই থাকে৷ বাউসী আৰু বুকুত বিষ উঠে৷ সেই কাৰণে সি মাজে মাজে ৰজিতক একোপাক চলাই চাবলৈ দিয়ে৷ খেতিটো বেণুৱে অকলে ট্ৰেক্টৰ চলাই তুলিব নোৱাৰিব বুলি সি অনুভৱ কৰিলে৷ গৰুৰ হালেই ভাল৷ গৰুক জিৰণি লাগে৷ মানুহেও জিৰণি পায়৷ শনিবাৰ, মঙ্গলবাৰ, আওবাৰ, আঁউসী, অমাৱস্যা, ষাঠ লগা, শৰণ-গ্ৰহণ আদিত হাল খতি৷ মানে হালোৱাৰ জিৰণি৷ পথাৰৰো জিৰণি৷ পথাৰত থকা পোক-পৰুৱাবোৰে নাঙলৰ ফালে ছিঙি-ভাঙি পেলোৱা ঘৰখন থান-থিত লগাবলৈ সময় অকণো পায়৷ ট্ৰেক্টৰ অহাৰ লগে লগে এই নিয়মবোৰ নেমানিলেও চলে৷ গৰু হ’ল গোঁসাই, চুৱা-নিকাৰ কথা থাকে৷ ট্ৰেক্টৰ হ’ল যন্ত্ৰ, যন্ত্ৰৰ জীৱ নাই৷ গতিকে জিৰণিৰ কথাও নাথাকে, চুৱা-নিকা দূৰৰ কথা৷ কিন্তু যন্ত্ৰৰ কাৰ্যদক্ষতা ৰাইজক দেখুৱাবলৈ যাওঁতে ক’লাই মহাজনে যন্ত্ৰটো চলাই থকা মানুহটোৰ কথা পাহৰিয়ে গৈছে৷
বেণুৱে তথাপি কামক পিছ পেলোৱা নাই৷ নিজৰ দেহালৈ সি আগতেও চোৱা নাছিল, এতিয়াও নাচায়৷ কিন্তু নাচাওঁ বুলি নোচোৱাকৈ, নাভাবোঁ বুলি নাভাবি থাকিব নোৱাৰা কথাটো হ’ল পাহিতা৷ দিনে-ৰাতিয়ে পাহিতাৰ কথাই তাক ব্যাকুল কৰি ৰাখে৷
বেণু-পাহিতাৰ কথাবোৰ এটা সীমাৰ মাজত গোপনে চলি থাকিল৷ বেণু আগতকৈ দৃঢ় হ’ল, পাহিতাও নতুন এটা জীৱনৰ বাবে সাজু হ’ল৷
শাওন মহীয়া৷ টিখাং খাং ৰ’দ৷ এজাৰণি ঘাটৰ গাতে লাগি থকা মাটি কেইডৰা আগতীয়াকৈ ৰুই ল’লে মহাজনৰ সমস্যা এটা কমি আহে৷ দূৰণিবটীয়া মাটি৷ বাকী মাটিবোৰ একে ঠাইতে৷ ক’বলৈ গ’লে আনৰ মাটি নগচকাকৈয়ে যাব পাৰি৷ কিন্তু এজাৰণিৰ মাটি কেইডৰালৈ পুৱা পোহৰ নৌহওঁতেই হাল নিব লাগে৷ এইবাৰ ট্ৰেক্টৰখন আছে যেতিয়া এটা সুবিধা হ’ব৷ সেইবুলি সদায় সদায় কেজুৱেল চকা লগাই অনা নিয়া কৰিবলৈ অসুবিধা হ’ব৷ বেণুৱেই কথাটো মহাজনক ক’লে৷ মহাজনে দুখন তিৰ্পাল বজাৰৰ পৰা অনাই তম্বু সজাৰ ব্যৱস্থা কৰিলে৷ ভগা টিনপাত এছলাৰে ট্ৰেক্টৰখন ঢাকি ৰাখিবলৈ সুবিধা এটা কৰিলে৷ এসপ্তাহৰ আগতে ট্ৰেক্টৰখন টায়াৰ চকাৰে ভোগদৈৰ এজাৰণি ঘাটৰ পথাৰ পোৱালেগৈ৷ ট্ৰেইলৰত তম্বু তৰিবৰ বাবে লগা বস্তু কেইপদমান, কেইদিনমানৰ বাবে বাচন-বৰ্তনো লৈ গ’ল৷ খেতি শেষ নোহোৱালৈকে বেণু তম্বুৰ আবাসী হ’ল৷
আজি ৰ’দ বৰ টান৷ বেণুৱে ট্ৰেক্টৰেৰে হাল বাই আছে৷ পাহিতাই অকলশৰীয়াকৈ নিজৰ পথাৰত ভূঁই ৰুই আছে৷ ক’লাই শইকীয়া, ভালীৰাম শইকীয়াৰ মাটিৰ পট্টা এতিয়াও একেখন৷ পাহিতাহঁতৰ পথাৰত কালি বোকা দিছিল৷ ছজনী ৰোৱনীয়ে শেষ কৰিব নোৱাৰিলে৷ দুডৰা বাকী থাকিল৷ দেউতাকে পাহিতাক ক’লে, ‘তয়ে ৰুই পেলাগৈ, দুডৰাহে৷ লগত কমলক লৈ যা৷’ চেমনীয়া ভায়েক কমলক লগত লৈ পাহিতাই দিনটোৰ আগভাগতে বাকী থকা বোকা দুডৰা শেষ কৰিব পাৰিব৷
পথাৰ পাই বেণুক হাল বাই থকা দেখি পাহিতাৰ মনটো নাচি উঠিল৷ বেণুৱে ট্ৰেক্টৰ লৈ আহিছে বুলি তাই জানে৷ তাক লগ পাব বুলি তাই আশা কৰিয়েই আহিছিল৷ বোকালৈ নমাৰ আগতে কোমল চাউলৰ জলপানৰ টোপোলাটো বেণুৰ তম্বুতে ভালদৰে থৈ গ’ল৷ কমলে লগত বৰশীডাল আনিবলৈ পাহৰা নাছিল৷ সি ভোগদৈত বৰশী বাবলৈ গ’ল৷
পাহিতা পথাৰলৈ অহা দেখি বেণুৱে ট্ৰেক্টৰখন ৰখাই তাইৰ ওচৰ পালেহি৷ তাই দিয়া তামোলখন মুখত ভৰাই ক’লে, ‘সোনকালে শেষ কৰ৷ ৰ’দ বৰ বেছি৷ জাপিটো পিন্ধি ল৷’
প্ৰখৰ ৰ’দক শান্ত কৰাৰ নিজা পৰিকল্পনা থাকে প্ৰকৃতিৰ৷ শাওণ মাহ৷ ৰ’দে বোলে মাটিক মই ভাল পাওঁ, বৰষুণে বোলে মইহে বেছি ভাল পাওঁ৷
নীলা আকাশত লাহে লাহে ডাৱৰ উঠি আহিল৷ বতৰৰ গুৰিটো ক’লা কৰি আহিলে৷ ৰ’দ ঢিমাই আহিল৷ পশ্চিমৰ পৰা এছাটি চেঁচা বতাহে সিঁহতক চুই গ’ল৷ বেণুৰ এডৰা পথাৰৰ দুটা আওচ বাকী আছে৷ পাহিতাৰ এডৰা পথাৰৰ এটা চুক ৰুবলৈ আছে৷
বুঢ়া মেঘে গিৰিং গিৰিং কৰি আহিল৷ কাতিৰামৰ চুকৰ ফালে গা চাদৰ এখনে সেউজীয়া গছ-বনবোৰ ঢাকি অনা দেখি পাহিতাৰ হাতখন খৰকৈ চলিবলৈ ধৰিলে৷ বৰষুণজাক পৰাৰ আগতে ৰুই শেষ কৰিব পাৰিমনে?
নোৱাৰিলে, হুৰ হুৰাই বৰষুণ জাক আহিল৷ ট্ৰেক্টৰ পথাৰতে বন্ধ কৰি বেণু পাহিতাৰ ওচৰ পালেহি৷ ‘ব’ল ব’ল, পাছত ৰুবি৷’ কিন্তু বৰষুণজাক পিছ নপৰিল৷ দুয়োটাকে তিয়াই থৈ গ’ল৷ বতাহে পাহিতাৰ জাপিটো থিৰে থাকিবলৈ দিয়া নাই৷ বেণুৱে তাইৰ হাতত ধৰি পথাৰৰ বোকা ফালি তম্বুৰ ফালে পোনালে৷ ‘কমল, কমলক চোৱাঁ৷’ পাহিতাৰ কথাত বেণুৱে মথাউৰিত উঠি ইফালে-সিফালে চাই দেখিলে কমলে অকণমানহঁতৰ টঙী ঘৰত উঠিছেগৈ৷
দুয়ো আহি তম্বুৰ ভিতৰত সোমাল৷ দীঘলীয়া তম্বুটোৰ আগ ভাগতে দুটুকুৰা কাঠৰ ওপৰত দুয়োটা বহিল মুখামুখিকৈ৷ জৰ্জৰাই বৰষুণ পৰিছে৷ পানীৰ ছিটিকণিয়ে সিহঁতক তিয়াইছেহি৷
‘জাপিটোৰে মুখখন ঢাকি দিয়াঁ৷’ – পাহিতাই বেণুক ক’লে৷
‘আন্ধাৰ হয় বা৷’
‘এতিয়ানো কি পোহৰ৷ আকাশখনেই আন্ধাৰ৷’
বেণুৱে পাহিতাৰ জাপিটো দি তম্বুটোৰ দুৱাৰ মুখেদি সোমাই অহা ছিটিকণি বন্ধ কৰিবলৈ যত্ন কৰিলে৷
মনৰ মানুহজনীক এনেকৈ অকলশৰীয়াকৈ, আচুতীয়া আৱদ্ধ ঠাইত পাই বেণুৰ গাত কিবা শিহৰণ জাগি উঠিল৷
‘এতিয়া কি কৰিম বুলি ভাৱিছা?’
‘নিজাকে কিবা এটা কৰিব লাগিব৷’
‘কেতিয়া কৰিবা? কি কৰিবা? ইমান বছৰে গা মাৰি কাম কৰিছা৷ পইছা সাঁচিব পাৰিছা নে নাই? দৰমহা দিয়েনে মহাজনে? মই জানো, তোমাক মই ভালকৈ বুজি পাওঁ৷ তুমিহে তোমাক নুবুজাঁ৷’
‘কি কৰিবি? মানুহ ঘৰৰ মৰমৰ কাৰণে একো ক’ব নোৱাৰোঁ৷’
‘কি মৰম? তোমাৰ পৰা কাম আদায় লৈছে৷ তোমাক মাটি-বাৰী কিবা দিবনে? তোমাৰ ঘৰখন পতাৰ কথা কোনোবা দিনে ভাবিছেনে?’
পাহিতা আৱেগিক হৈ উঠিল৷ দুয়ো নীৰৱে ৰ’ল৷ বাহিৰত জৰ্জৰীয়া বৰষুণৰ শব্দ৷ কি ক’ব বেণুৱে ভাৱি নাপালে৷ পাহিতাৰ কথাবোৰ সঁচা৷ সি এটা ভ্ৰমৰ মাজত সোমাই আছিল৷ সি কণা আছিল৷ পাহিতাই তাৰ চকু মুকলি কৰিছে৷ তাই তাৰ কাৰণে ইমান চিন্তা কৰে৷ তাইক সাবটি ধৰি মৰম কৰিবলৈ মন গ’ল৷
হঠাৎ আকাশখন ফাটি যোৱাৰ দৰে গাজনি৷ উচপ খাই পাহিতা বেণুৰ কাষ পালেগৈ৷ বতাহৰ ৰু-ৰুৱনি শব্দ৷ সি তাইক সাবটি ধৰিলে৷ তাৰ সৰ্বশৰীত এটা অনামী কঁপনি উঠিল৷ পাহিতাও ঠিৰেৰে থাকিব নোৱাৰিলে৷ বুকুৱে বুকুৱে ঠেকা খালে৷ ওঁঠে ওঁঠ বিচাৰি ল’লে৷ ভোগদৈত ঢৌ ফুটিছে৷ বতাহে তাৰ কেঁচা গোন্ধ এটা বোৱাই আনিছে৷ শাওনৰ পথাৰত বৰষুণৰ ৰমণ৷ কেঁচা মাটিৰ গোন্ধত দুটা আদিম নৰ-নাৰী এক হৈ পৰিল৷ বৰষুণীয়া আকাশখনৰ দৰে পাহিতাৰ ক’লা চুলিটাৰিয়ে জপটিয়াই ধৰিলে বেণুক৷ এক কঠিনতাই আনি দিয়া আমেজত চকু মুদি দিলে পাহিতাই৷
(আগলৈ)
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা