Written by 4:26 pm Articles

বচা বকুল

 ৰমানন্দন বৰা

তেৰ

নৈ কাষৰ গছৰ থিৰতা নাই৷

নৈ পাৰৰ মাটিৰ থিৰতা নাই৷

কেতিয়া কোন পাকত খহনীয়াই নিয়ে ঠিকনা নাই৷ নৈ সিপাৰৰ মাটি থাকিলে ৰোৱা-তোলা কৰা কত আহুকলীয়া কাম, জানোতাইহে জানে৷ তথাপি নৈৰ বুকুতে মানুহে জীৱনৰ সপোন বিচাৰে৷ নৈৰ পলসত জীৱনৰ ফুল ফুলায়৷

ভোগদৈপৰীয়া বছা গাঁৱৰ গঞাৰো মাত-কথা, চিন্তা-ভাবনা, কাম-কাজক নৈখনে বান্ধি ৰাখিছে৷

ভোগদৈ যি ভোগদৈ- ভোগৰ নৈ৷ কোন ৰজাৰ মন্ত্ৰীয়ে ভোগ দি নৈ বোৱালে, বছা গাঁৱৰ মানুহৰ সেইবোৰ কথাৰ গম ল’বলৈ দৰকাৰ নপৰে৷ বহাগৰ প্ৰথমটো ধলৰ পৰাই ভোগদৈত মাছৰ উজান উঠে৷ খেৱালি, লাঙিৰে যত পাৰে ধৰে, অলপ ভোল পানীত গোবৰ আৰু তুঁহগুড়ি‍ৰে লাৰু পাতি জুলুকী, পলৰে ধৰে৷ গালফুলা, গাগৰি পাতি ধৰে৷ যাঠি মাৰে, ধাম বৰশী পাতে, আহিন-কাতি মহীয়া ভোগদৈৰ উঠন বুকু শুকাই আহিলে বান পাতি ধৰে৷ কত ৰকমে বছাবাসীয়ে ভোগদৈৰ মাছ ধৰি আহিছে, বছৰৰ পাছত বছৰ ধৰিছে, কিন্তু মাছ কম হোৱা নাই৷ ভোগদৈৰ মদৰুৱা পানীত মাছ বাঢ়ে, গা-কলঠি বাঢ়ে, সোৱাদ বাঢ়ে৷

নৈখনৰ পলসত দুপাৰত ধান বাঢ়ে৷ আকাল নোহোৱা হয়৷ হেঁপাহ বাঢ়ে৷ ঘাঁহ বাঢ়ে, উৰি দলনিবোৰ জপ্‌জপিয়াকৈ বাঢ়ে৷ গৰু-ম’হৰ তেল বাঢ়ে৷ গাখীৰ বাঢ়ে৷ ভোগদৈ পাৰৰ দলঘাঁহত কিবা যাদু থাকে৷ দৈ খাই হাত ধুব নোৱাৰি৷ গামোচাৰে মচিলেও আঠা নাযায়৷

নল, বিৰিণা, খাগৰি, মজৰা পাৰে পাৰে গজে৷ বাঁহ-বেতৰ সোধ নাই৷ ভোগদৈ ভটিয়ায় যেতিয়া বেলিটো লহিয়াই সিপাৰৰ বাঁহনিডৰাৰ সিপাৰে বুৰ যায়৷ এই পাৰৰ বাঁহনিডৰাৰ আগেদি জোনটো ওলাই আহে৷ আকাশখনে সিহঁতৰ খেলাখনৰ মজা লয়৷ ভোগদৈৰ তাম বৰণীয়া বালিচৰে মনে মনে হাঁহি ৰয়৷ বিৰিণা বনত বতাহজাকে তাৰেই সাধুকথাবোৰ কৈ যায়৷

তথাপি ভোগদৈয়ে কাৰোবাক সুখী কৰিব নোৱাৰে৷ ভোগদৈৰ পাৰত যি মানুহে এখন্তেক বহি পোৱা নাই, ভোগদৈৰ বোকাত যাৰ ভৰিৰ নখ মদৰুৱা হোৱা নাই, সেইসকলক নৈখনে সুখী কৰিব নোৱাৰে৷ নৈখনক বুজি নোপোৱা সেই মানুহবোৰে এদিন বছাগাঁৱৰ মানুহবোৰক বুজালেহি৷ নৈখনক লৈ অসুখী হ’বলৈ৷

নগা পাহৰৰ নাচনীজনী হৈ নামি অহা ভোগদৈয়ে সঘনে বাট সলায়৷ চঞ্চলা গাভৰু মন৷ আগৰ সুঁতি এৰি নতুন সুঁতি লয়৷ এৰাসুঁতিত মানুহে খেতি কৰে৷ বাৰিষা বৰষুণ দিলেই ভোগদৈৰ বুকু ওফন্দি উঠে৷ পাৰ উপচি দুপাৰ বুৰায়, গাঁৱে-ভূঞে সোমায়৷ বছাগাঁৱতো সোমায়৷ বাৰীখন কেতিয়াবা বুৰায়, কেতিয়াবা নুবুৰায়৷ যাওঁতে পলস পেলাই থৈ যায়৷ জাকে জাকে মাছ খালে-ডোঙে থৈ যায়৷

ভোগদৈৰ বান বেলাটোৰহে৷ খুব বেছি দিনটোৰ৷ পুৱা পানী সোমাল আবেলি ওলাল, ৰাতি সোমাল দুপৰীয়া ওলাল৷ ওফৰা জেঙৰ নিচিনা৷ ভোগদৈৰ পানী শালমৰা বিলেদি আকৌ নৈতে পৰেগৈ৷ বেজী জানটোৱে পানীখিনি বোৱাই দিয়ে৷ গাঁওবিলাকৰ পৰা হোলা-খান্দাবিলাকেৰে পানী ওলাই বেজীজানত পৰে৷ এটা আউল নাই৷ গতিকে ভোগদৈ বছাগাঁৱৰ দৰে আৰু দুকুৰিখন গাঁৱৰ বাবে চিন্তা কৰিবলগা কথা নহয়৷

কিন্তু… বিলতীয়া মানুহৰ জিভা বৰ আলতীয়া৷ তাৰ মিঠা আৰু আঠাই গাঁৱলীয়া মানুহৰ মন মোহে৷ চিনাকি‍ নৈখন অচিনাকি‍ হয়৷ সৰু কথাবোৰ ডাঙৰ হয়, ডাঙৰ কথাবোৰ সৰু হয়৷

তেওঁলোকে গঞা ৰাইজক বুজালে- নেভেটি সিঁচিলে জলৰ ক্ষয় নাই৷ ভেটা নিদিলে নৈৰ আপোন-পৰ নাই৷ ভোগদৈক গতি নলগালে ৰাইজৰ বাৰী-ঘৰ, গছ-গছনি, শাক-পাতেৰে মেতমৰা নহ’ব৷ প্ৰতি বছৰে বান আহে৷ ব’হাগত খেতিত নামি ভাদলৈকে পথাৰৰ পৰা উঠিব নোৱাৰি৷ একেডৰা মাটি কেইবাৰ ৰুব? এই ৰুব, বানে মহটি‍য়াই যাব৷ এনেকৈ কিমান শ্ৰম, কিমান খৰচা অবাবত গৈছে৷

“সঁচা, সঁচা৷ বহুত কষ্ট৷”

“ভাল ভাল খেতিৰ মাটি নৈয়ে নিজৰ বুকুলৈ লৈ গৈছে৷ বালি মাটি এৰি গৈছে৷ এনেকৈ হ’লে এদিন আপোনাৰ গাঁওখনো যে নৈ বুকুত জাহ নাযাব, বুকু ডাঠি ক’ব পাৰিবনে?”

“নোৱাৰি, ক’ব নোৱাৰি৷ আমাৰ গাঁওখন যদি নৈ হৈ যায়৷”

“শিং লগা জন্তু, নখ লগা প্ৰাণী আৰু নদীৰ একো ভৰষা নাই৷”

“দেশ প্ৰগতিৰ পথত আগ বাঢ়িছে৷ যোৰহাট নগৰৰ লগত বছাগাঁৱলৈ অহা বাটটো বাট নে গাঁত? এনেকৈ প্ৰগতি নাহে৷ মটৰ গাড়ীত উঠিহে প্ৰগতি আহে৷”

“হয়তো গুণেশ্বৰৰ হেলৌ-হেচৌ বাছখনৰ বাহিৰে কোনো মটৰেই নচলে৷ আমাৰ উন্নতি হ’ব ক’ৰ পৰা? গুণেশ্বৰৰ বাছত উন্নতি কেনেকৈ উঠিব৷ ছি‍টেই নাপায়৷”

“এটা ৰাস্তাৰ কথা বাদ৷ গাঁৱৰ মাজৰ বাটবোৰ এতিয়া গৰুবাট৷ গাঁৱৰ পানী ওলাই যোৱা বাট হৈয়ে আছে৷ ভোগদৈৰ বান্ধ নিদিয়ালৈকে তেনেকৈয়ে থাকিব৷ ফিনফিনীয়া গাড়ী তাত কেনেকৈ চলিব?”

“হয়তো৷”

আলতীয়া জিভাই আৰু কিবাকিবি বুজালে৷ নৈত মথাউৰি বান্ধিবলৈ বাহিৰৰ পৰা কাম্‌লা আহিব যদিও গাঁৱৰ মানুহেও কাম কৰিব পাৰিব৷ সাপ্তাহিক হিচাপত নগদ ধন পাব৷ বহুত বাঁহৰ দৰকাৰ৷ সেইখিনি গাঁৱৰ মানুহেই বেছিব লাগিব৷ নগদ টকা দিয়া হ’ব৷ ইত্যাদি ইত্যাদি৷

অৱশেষত বছাগাঁৱৰ লগতে ওচৰৰ কুৰিখন গাঁৱৰ মানুহে গম পালে এতিয়ালৈকে ভোগদৈয়ে যি কৰিলে, সেয়া কেৱল অনিষ্টই কৰিলে৷ মাথাউৰি বান্ধি নৈখন গত লগালেহে গাঁওবোৰ শস্যে-মৎস্যে, ফুলে-ফলে জাতিষ্কাৰ হৈ উঠিব৷

গাঁওখনে নতুন যুগত ভৰি থ’বলৈ উত্ৰাৱল হৈ উঠিল৷

*      *      *

চৈধ্য

সেয়া পাঁচ বছৰৰ আগৰ কথা৷ চঞ্চলা ভোগদৈ বান্ধ খালে৷ দুপাৰে মথাউৰি৷ ইয়াৰ সুফল আন গাঁৱৰ দৰে বছাগাঁৱৰ মানুহেও পালে৷ মথাউৰিত মাটিৰ কাম কৰি, বাঁহ-কাঠ বেচি‍, কামলাহঁতৰ ৰছদ-পাতিৰ চাউল, পাচলি যোগান দি বছাগাঁৱৰ মানুহে নগদ ধনো কিছু পালে৷ খেতি-খোলাও সোনকালে চাপিল৷ অৱশ্যে ৰাস্তা-পদূলিৰ একো উন্নতি এই চাৰি বছৰে নহ’ল৷ হ’ব, ৰাইজৰ আশা৷ বান্ধোনৰ মাজত দুখমনেৰে বৈ থাকিল নৈখন৷

কিন্তু…

এসোপা ক্ষোভৰ বহিঃপ্ৰকাশ এনে দুৰ্বাৰ গতিৰে হ’ব বুলি বছাগাঁৱৰ কোনো মানুহেই ভবা নাছিল৷ ভাবিব পৰা নাছিল৷

চিনাকি‍ নৈৰ অচিনাকি চেহেৰা৷

বতৰৰো কিবা পৰ্‌কিতি লৰিল হ’বলা৷ জেঠ মাহত আগতে বাৰ খৰ মাৰে৷ প্ৰচণ্ড তাপত গছ-বন তাপ মাৰে৷ এজাক বৰষুণৰ বাবে মানুহে ভগৱানক খাটে৷ কোনো কোনোৱে ভেকুলী বিয়া পাতে৷ কঠীয়া পাৰিবলৈ লেহেতীয়া পানী সিঁচি তত নোহোৱা হয়৷ সিঁচা কঠীয়া পানীৰ অভাৱত শুকাওঁ যেন হয়৷ হঠাৎ বিজুলী, ঢেৰেকনিৰে একোজাক বৰষুণ হয়৷ তাৰ পাছত আৰু দুই-এজাক৷ মাটি ৰসাল কৰি বৰষুণ যায়গৈ৷ জেঠত জাগল নেপাতে৷ এবেলা ৰ’দ, এবেলা বৰষুণ৷ দিনত যদি ৰ’দ, তেন্তে ৰাতিলৈ বৰষুণ৷ গধূলি গধূলি বৰষে দেও, তেহে চাবা ধানৰ থেও৷

পিছে এইবাৰ শেনৰ এজাত৷ ব’হাগৰ পৰাই বৰষুণ৷ মাজতে দুদিন যদি ৰ’দ দিছে, চাৰিদিন বৰষুণ৷ জেঠ সোমোৱাৰ পৰাই বতৰে চকুকে নেমেলা হ’ল৷ জাকে জাকে বৰষুণ৷ প্ৰৱল বৰষুণ৷ দিনটো তামোলখন খোৱা পৰ যদি অলপ চেগাইছে, ৰাতি আকৌ কলহৰ কাণে ঢালিছে৷

বাওতলীবোৰ ৰূপালীপিঠিয়া কৰি তাৰ ওপৰত পানীয়ে ঢৌ খেলি আছে৷ কেইঘৰমানৰ বাওধান বেগেতীয়া হৈছিল৷ সেইখিনি ৰ’ব, কিন্তু সৰহ ভাগৰ গজালি মেলিবলৈকে থাকিল৷ সেইবোৰ তেনেই গেলিল৷ গৰুবাটবোৰ পানীৰে ভৰি পৰিল৷ খাল-ডোংবোৰ ভৰি পৰিল৷ হোলাবোৰত দলঘাঁহবোৰে বাঢ়নি পানীৰ সৈতে কোনোমতে ফেৰ মাৰিছে৷ আগ এটা ওলাই থাকিলেই দলঘাঁহ উঠি আহিব৷ মাছৰ উজান উঠিছে৷ কিন্তু মাছ বুলিলে মৰিব পৰা দুই-এটাইহে উজানৰ মাছ ধৰিবলৈ গৈছে৷ বতাহ-বৰষুণ, বিজুলী-ঢেৰেকনি৷ তাতে উজানৰ মাছ দেওলগা৷ মাছলৈ মন নেমেলাই ভাল বুলি প্ৰায়বোৰ মানুহে ভাবিছে৷ সাত দিনলৈকে বৰষুণ নকমিল৷ কঠীয়াতলীবোৰো সমূলি বুৰিল৷ গৰু-ম’হৰ কাৰণে ঘাঁহ নোহোৱা হ’ল৷ কোনোবা গোৱৰ্ধনধাৰীয়ে নাৰাখিলে এইবাৰ বৰষুণ ৰাখোঁতা নাই৷

বছাগাঁৱৰ মানুহক তাৰণ কৰিবলৈ কোনো ভগৱন্ত নাহিল৷ আহিল বান! তাৰণ কৰিবলৈ নহয়, তাৰি‍বলৈ৷

ভোগদৈৰ বান৷ এনেয়ে মানুহে একো নাভাবিলেহেঁতেন৷ কিন্তু এইবাৰ ভাবিবলৈ বাধ্য হ’ল৷ মথাউৰি ভাঙি প্ৰবল বেগেৰে সোমাই অহা পানী৷ আগৰে পৰা খাল-ডোং, হোলা পানীৰে ভৰপূৰ৷ তাতে বানপানীৰ তোলপাৰ লগাভেজনি৷

বছাগাঁৱৰ মানুহে এনেকুৱা পানী আগতে কেতিয়াও দেখা নাছিল৷ এজাৰণি ঘাটৰ পৰা পশ্চিমে থকা কেঁকুৰিটোতে ভোগদৈয়ে মথাউৰি ভাঙিলে৷ পাহাৰীয়া মুকলি ছোৱালীৰ বান্ধ খোল খালে৷ নৈখনে এইবাৰ প্ৰচণ্ড ক্ষোভ, অভিমান লৈ বছাগাঁৱক সমূলি বুৰাই পেলালে৷

দুদিন এৰাতি নৈখন মথাউৰিৰ কাণ সমানকৈ বৈ থাকিল৷

পিছদিনা পুৱাতে…

ধান মেলা নগাঢাৰি নুৰিওৱাৰ নিচিনাকৈ নুৰা পাতি পানী বাগৰি আহিল৷ দ-বাম চাবলৈ নাই৷ এফালৰ পৰা বুৰাই আনিছে৷ জেঠ মহীয়া উদং পথাৰ ঢক্‌ঢকীয়া বগা চাদৰ এখন যেন কৰি বছাগাঁৱৰ ফালে হুৰ্‌হুৰাই বৈ আহিল উন্মাদিনী ভোগদৈৰ বান৷

কোনেও কথাটো টং কৰিবলৈকে নাপালে৷ কোনেও নাভাবিলে৷ আগৰ ভোগদৈ যেন এই ভোগদৈ নহয়৷ আগতে আছিল বাধাহীন স্বাচ্ছন্দ্য গতি৷ এতিয়া বান্ধ ভাঙি অহা ক্ষোভিতা ভোগদৈ৷ আগেয়ে ভোগদৈৰ পানী ভেঁটিৰ ওপৰলৈ নুঠে৷ আজিলৈকে উঠা নাছিল৷ কিন্তু এইবাৰ উঠিল৷

মানুহবোৰৰ মাজত হাহাকাৰ লাগিল৷ প্ৰথম চিন্তা গৰু-গাইকেইটাক লৈ৷ গোহালিৰ তিতা ভেঁটিত কেনেকৈ থাকিব? ওখ ঠাইলৈ খেদি নিবলৈ হ’লে এটা মানুহ লাগিল ৰখীয়া কৰিবলৈ৷ আনৰ কঠিয়া খালে সুদাই এৰিবনে? মানুহকেইটা বাৰু ঘৰৰ ভিতৰতে থাকিব পাৰিব৷ গৰুকেইটা?

পুতুকা আৰু ৰঙায়ে সিহঁতৰ চুবুৰি‍ৰ আটাইৰে গৰু গোহালিৰ পৰা মেলি খেদাই আনিছে৷ বাটত আঁঠুৱনীয়া পানী৷ ইঘৰ সিঘৰকৈ আটাইবোৰে নিজৰ নিজৰ গৰুবোৰ সিহঁতৰ লগতে লগ লগালে৷ “আমি দুটাই ইমানগাল গৰু কি কৰিম? কেনেকৈ ৰাখিম?” বুলি আপত্তি কৰাত আৰু দুটা আহি সিহঁতৰ লগ ল’লেহি৷ “নে নে বোপাই, পুণ্য হ’ব৷ বানপানীত এই নিমাখিত জীৱকেইটাক ৰইখা কৰাটো মহাপুইণৰ কাম৷”

ক’লাই মহাজনৰো পয়মালৰ পাৰ নোহোৱা হ’ল৷ ৰজিত আজি আহি নেপালেহি৷ তাক বছৰটোৰ বাবে খন্দুৱাকৈ ৰাখিছে যদিও বৰষুণত এইকেইদিন কাম নোহোৱাত সি দেৰি‍কৈ আহিছে৷ অগত্যা মহাজনে পুতুকাহঁতৰ গৰুজাকটোৰ লগতে নিজৰ এগোহালি গৰু খেদাই পঠালে৷ “চোৱা-চিতা কৰিবি৷ খা-খৰচ পিছত দিম৷ চিন্তা নকৰিবি৷”

ক’লাই মহাজনৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল ট্ৰেক্টৰখনক লৈ৷ পানী যদি এনেকৈয়ে বাঢ়ি থাকে ট্ৰেক্টৰখনৰ ইঞ্জিনটো বুৰিব৷ তাৰ আগতেই কিবা ব্যৱস্থা এটা নকৰিলে নহ’ব৷ পানীৰ পৰা বচাৰ এটাই উপায় আছে৷ পূৰাতন উপায়৷ কলগছৰ ভূৰ৷ মহাজনেও তাকেই কৰিলে৷ বাৰীৰ ঢাপৰ পৰা ডাঙৰ ডাঙৰ তিনিজোপা ভীমকল কাটি আনি তিনিটাকৈ ছে‍ও কৰি শলা মাৰি ডাঙৰ ভূৰ এখন সাজিলে৷ তাৰ ওপৰত ছাগলী গঁৰালৰ পৰা গাধৈবেৰ দুখন খুলি আনি জাপি দিলে৷ তাৰ পাছত ট্ৰেক্টৰখন ষ্টাৰ্ট কৰি তাৰ ওপৰত তুলিলেহি৷ তেতিয়ালৈ মহাজনৰ চোতালত আঁঠুৱনীয়া পানী৷ ঘৈণীয়েক সাবিত্ৰীৰ ডাঙৰ চিন্তা ছাগলীকেইজনীক লৈ৷ কলগছৰ ভূৰ সাজি তাৰ ওপৰত ৰজিতক শুবলৈ দিয়া তক্তাপোচখন জাপি ছাগলীকেইজনীকো তুলিলে৷

পানী বাঢ়ি যেতিয়া ভিতৰত সোমাল তেতিয়াহে ক’লাই মহাজনৰ গা চেবালে৷ এই কথাই কথা নহয়৷ নৈখনেই গুচি আহিছে যেন পাওঁ৷ ভেঁটি ৰখোৱা সম্ভৱ নহ’ব৷ পানী পাই বেৰৰ গুৰিৰ পৰা বুৰবুৰণি ওলাবলৈ ধৰিলে৷ পীৰা-ঢৰা, লাম-লাকটু পানীত ওপঙিবলৈ ধৰিলে৷ সাবিত্ৰীয়ে চৰু-কেৰাহী, বাচন-বৰ্তন, কাঁহী-বাটি সোপাকে আনি মহাজনৰ বহল বিছনাখনতে তুলিলেহি৷

 “ইয়াত এইসোপা তুলিলে শুবি ক’ত?”

“শোৱা-খোৱা পাছৰ কথা৷ পেৰাকেইটা ধৰকহি৷” তেওঁ গিৰীয়েকৰ সহায়ত নিজৰ বিছনাতে পেৰাকেইটা তুলিলে৷ কিন্তু এটা চিন্তাই মানুহজনীক কেহেঁৰাজ বটা কৰিলে৷ পেৰাকেইটাৰ কাষতে বেৰৰ চুকলৈ পুতি থোৱা তেওঁৰ সাঁচতীয়া সম্পদকেইটাৰ কি হ’ব? বজাৰৰ পৰা কিনি অনা নাৰিকল তেলৰ টেমা এটাৰ ভিতৰত তেওঁৰ সাঁচতীয়া ৰূপকেইটা আৰু সৰুমইনাই কিবা অনা প্লাষ্টিকৰ টেমা এটাত তেওঁৰ সোণৰ আ-অংলকাৰখিনি ভৰাই শুৱনি কোঠাৰ চুক এটাতে পুতি থৈছিল৷ এতিয়া আৰু ভেটি খান্দি সোণ উলিয়াবৰ সময়-সুবিধা কাৰো একো নাই৷ “যি হয় হ’ব৷ হে ভগৱন্ত তুমিয়েই ৰাখিবা৷” মানুহজনীৰ চকুপানী ওলাল৷

পানীৰ দৰক লগাৰ নামেই নাই৷ বাঢ়িয়েই আছে৷ বেলি দুপৰ পালেহি৷ ওপৰৰ পৰা চিপ্‌চিপীয়া বৰষুণ৷ তলত চেঁচা পানী৷ বতাহজাক পশ্চিমৰ পৰা অহৰহ বলি আছে৷ বতাহ-বৰষুণৰ হিৰ্‌হিৰনি আৰু বানপানীৰ সোঁত গছে-বনে ঠেকা খাই তোলা হোৰ্‌হোৰ শব্দৰ বহিৰে আন একো শুনিবলৈ পোৱা নাই৷ এপলক খতি নাই; কেৱল হিৰ্‌হিৰ… হোৰ্‌হোৰ্‌ শব্দ৷

ক’লাই মহাজনে পানীত নামি নামি বস্তুবোৰ সামৰিছে৷ বাহিৰত থকাবোৰ ৰছীৰে বান্ধিছে৷ নহ’লে উটি যাব৷ ভিতৰত থকা লাগতিয়াল বস্তুবোৰ ওপৰলৈ তুলিছে৷ একেৰাহে ছঘণ্টামান কাম কৰি কৰি মানুহটো তেনেই অৱশ হৈ পৰিছে৷ ভিতৰি ভিতৰি সিৰ্‌সিৰাই জাৰ এটাও লাগিছে৷ আৰু নোৱাৰি৷ অলপ ৰ’ব লাগিব৷ কণা মেঘদেৱতাটো অলপ ৰোৱা হ’লেও…

“এবাটি ৰঙা চাহ পানী পোৱা হ’লে?”

“ক’ত পাব? চৰু-কেৰাহী, বাচন-বৰ্তন আটাইখিনি বিছনাৰ ওপৰত৷ পানীত চৰু জুৰিব ক’ত? আজি পুৱাৰ জলপানো খোৱা নহ’ল৷” ভীষণ ভোক লাগিছে ক’লাই মহাজনৰ৷ পিয়াহো লাগিছে৷ কিন্তু পানী ক’ত? খাবলৈ এটুপি নাই৷ পানীৰ কলহকেইটা নুবুৰে চাগে৷

তেওঁ পাকঘৰলৈ বুলি পানী ফালি যাবলৈ ওলাল৷ ভিতৰত একঁকাল পানী৷ পাকঘৰৰ দুৱাৰখন বন্ধ কৰা হৈছিল৷ এতিয়া খুলিব নোৱাৰি৷ প্ৰচণ্ড গাৰ জোৰ দিও খুলিব নোৱাৰিলে তেওঁ৷ পানীৰ জোৰৰ লগত মানুহৰ জোৰে কি ফেৰ মাৰিব৷ তেওঁৰ অণ্ঠ-কণ্ঠ শুকাই যেন কৰ্কৰীয়া মাৰিলে৷ জীৱনত এটুপি খোৱা পানীৰ কাৰণে এনেকুৱা কষ্ট কৰিব লাগিব বুলি তেওঁৰ সপোনৰো অগোচৰ আছিল৷ পানীৰ কলহকেইটা বিছনালৈ তুলি ননা কাৰণে ঘৈণীয়েকক ককৰ্থনা কৰিবলৈ মন গ’ল৷ কিন্তু কি লাভ? কিয়েই বা কৰিব মানুহজনীয়ে৷

হঠাৎ মনত পৰিল চ’ৰাঘৰৰ দুৱাৰখন মেলা থাকিল৷ ভিতৰৰ বস্তুবোৰ এটা এটাকৈ বাহিৰ ওলাই সোঁতত উটি যায় যদি৷

সাধাৰণ অৱস্থাত হাতৰ আঙুলি এটাৰে জপাব মেলিব পৰা দুৱাৰকেইখন আজি গাৰ সৰ্বশক্তিৰেও লৰচৰ কৰিব নোৱৰা হ’ল৷

কি বিড়ম্বনা! চ’ৰাঘৰৰ দুৱাৰখনত মানুহ বহা দীঘল ‘আৰামী’ বেঞ্চখনকে তেওঁ পথালিকৈ বান্ধি দিলে যাতে বস্তুবোৰ ওলাই নযায়৷ বৰঘৰৰ বিছনাখনতে ঘৈণীয়েক সাবিত্ৰীয়ে তলমূৰকৈ বহি তেওঁলৈকে চাই আছে৷

এযোৰ নাৰিকল উপঙি আছে, মাৰল ঘৰৰ উত্তৰ কোণত৷ ক’লাই মহাজনৰ মনটোত আশাৰ সঞ্চাৰ হ’ল৷ বাৰীৰে নাৰিকল৷ পাৰি আনি থোৱা এসপ্তাহমান হৈছে৷ নাৰিকল এটা গুচাই বখলিয়াই দুয়ো খালে৷ তাৰেই পিয়াহ আৰু ভোক দুইটা গুচালে৷ তাৰ পাছত বিছনাখনতে কুচি-মুচি বহি মহাজনে পানীৰ আলেখ-লেখ চাই ৰ’ল৷ তাৰ বাহিৰে মহাজনে কৰিব পৰা আৰু একো নাই৷

 তেওঁৰ ভীষণ চিন্তা হ’ল৷ পানী বাঢ়িয়েই আছে৷ বেলি লহিয়াইছে৷ ৰাতিটো ক’ত থাকিব? কি খাব?

তেওঁৰ মনটোৱে হঠাৎ সকীয়াই গ’ল- এই চুবুৰি‍ত আৰু কোনোবা এনেকৈ ৰৈছে নে আটাইবোৰ মানুহ ইয়াৰ পৰা গুচি গ’ল৷

ক’লাই মহাজনৰ বিশাল বাৰীখনৰ বাবে তেওঁৰ ঘৰৰ গাতে লাগি আন কোনো নাই৷ তথাপি চ’ৰাঘৰৰ মুকলি হৈ থকা দুৱাৰখনৰ মুখলৈ ওলাই আহি তেওঁ নাম কাঢ়ি কাঢ়ি চুবুৰীৰ মানুহবোৰক মাতিবলৈ ধৰিলে৷

নাই! কাৰো কোনো সঁহাৰি নাই৷

বোঁৱতী পানীৰ হো-হোৱনি, বতাহৰ হিৰ্‌ হিৰ্‌ শব্দ, ছাগলী খেদা বৰষুণৰ কিন্‌কিননি৷ লাহে লাহে ঘৰৰ ভিতৰখন আন্ধাৰ হৈ আহিবলৈ ধৰিলে৷ ওচৰৰ কোনোবাখিনিৰ পৰা কুকুৰ এটাই মৰ ৰাউচি জুৰিলে৷ লগে লগে দূৰৰ পৰা আৰু কেইবাটাও কুকুৰৰ ৰাউচি- যেন প্ৰাণ ৰক্ষাৰ বাবে সিহঁতে কাৰোবাক প্ৰাৰ্থনা কৰিছে৷

ভৌ ঔ ঔ ভৌ উ উ উ… বৰ ভয় লগা, দীঘলীয়া৷

ক’লাই শইকীয়াৰ দৰে খামিডাঠ মানুহটোৰ মনতো এটা অজান ভয় সোমাল৷ এইখন ঠাই যেন তেওঁৰ চিনাকি‍ নহয়৷ নিজৰ ঘৰখনো যেন অচিনাকী ঠাইহে৷ তেওঁ ঘৈণীয়েকক ক’লে, “আজি ওপৰ চাঙতে শুব লাগিব৷ কাইলৈ কি হয় দেখা যাব৷”

তক্তাপোচৰ ওপৰত তক্তাপোচ জোৰা দি তাৰ ওপৰত থোৱা পেৰাকেইটাৰ লগতে কুচিমুচি মানুহজনী বহি আছিল ৷ ইতিমধ্যে লেপ-তুলি, কথা-কানিবোৰ টোপোলা টোপোলকৈ বান্ধি ঘৰৰ চ’তিত ওলমাই থোৱা হৈছিল৷ তাৰে টোপোলা এটা বৰচাঙলৈ তুলি মানুহ দুটা ৰাতিটোৰ বাবে সাজু হ’ল৷ নিজৰ পৰম নিৰাপদ ঘৰখনৰ ভিতৰতে এটা অনিশ্চিত সময়৷

কথাই-কামে অন্ধকাৰ৷ জুই একুৰা জ্বলাবলৈকো কোনো ব্যৱস্থা নাই৷ অথনিৰ নাৰিকল কেইচকল খায়েই পেটৰ পোৰণি মাৰিব লগা হ’ল৷ কথা এখন ওপৰ চাঙত মেলি দুয়ো শুই পৰিল৷ দিনটোৰ অধিক ভাগৰৰ বাবেই নে চিন্তাতে ক’লাই মহাজনৰ টোপনি নাহিল৷ ঘৈণীয়েকেও পেটৰ ভয় মুখেৰে নকৈ মানুহটোৰ বুকুত সোমাল৷

চিনাকি‍ ঘৰখনত অচিনাকি‍ ভয় লগা আন্ধাৰ, অচিনাকি‍ গোন্ধ, অচিনাকি‍ শব্দৰ মাজত দুয়ো ৰাতিটো পুৱাবলৈ বাট চালে৷ পানীৰ সোঁত চলৎ… চলৎ… হো হো… শব্দ চলি থাকিল৷

হতাশাৰ গৰম নিশ্বাসে ক’লাই শইকীয়াৰ বাবে ঠাইখন কৰুণ কৰি তুলিলে৷

(অহা সংখ্যাত)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 16 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close