দাদুল ভূঞা
ফ্লেশ্ববে’কত জিলিকি থাকে কথাবোৰ—
গাভিনী ৰাতিৰ এন্ধাৰত
হেৰাই যায মৈঠুনৰত সংগীত
উচপিচনিৰ দগমগ বেলি এটা
চকুত সাৰে থাকে
সুখৰ নৈত উটি ভাহি ফুৰে
এচমকা তৰল বীৰ্য
ওঁঠত ওঁঠ থৈ
দুটি ওঁঠে কথা পাতে
নৈশব্দৰ নিতাল নৈঋত
গুমগুমণি মেঘ
প্ৰেমৰ বৰষুণত
ডেউকা ভগা দুটি পক্ষীৰ গানৰ
মাজে-মাজে ফ্লেশ্ববে’ক—
ৰঙৰ পৰা ৰংহীন
আকৌ এন্ধাৰ—পোহৰ
পোহৰ—এন্ধাৰ
চকামকাত ডুলি থাকে
জীৱনৰ সাঁচতীয়া ফ্লেশ্ববে’ক
***
ঠিকনা :
গহপুৰ, মাগনি, বিশ্বনাথ, পিন-৭৮৪১৬৮
ফোনঃ- ৯৮৫৯২৮৯৩২৫
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 4 times, 1 visit(s) today
Last modified: May 13, 2025