Written by 3:58 am Poems

ফেডেৰিক’ গাৰ্থিয়া লৰকাৰ তিনিটা কবিতা :

 অনুবাদ: ড° প্ৰাণ্‌জিৎ বৰা

(১)

                কিমান কঠিন

কিমান কঠিন মোৰ দৰে

এনেকৈ তোমাক ভালপোৱাটো

তোমাক ভাল পাইছোঁ, সেয়েতো সৌ বতাহে,

মোৰ এই হৃদয়, মূৰৰ টূপীটোৱে

আটায়ে মোকেই বিচাৰি ফুৰিছে

কোনে কোনে কিনি নিব মোৰ পৰা

এই ৰঙীণ ফিটা, কোনে কিনি নিব

এডোখৰ ৰেচমী কাপোৰৰ

এই দুখ এধানি– ৰুমাল কৰিবলৈ বুলি?

কিমান কঠিন মোৰ দৰে এনেকৈ

তোমাক ভালপোৱাটো

                (২)

                চাৰিজোপা ডালিম গছ

চাৰিজোপা ডালিম গছ

বাঢ়িব লাগিছে তোমাৰ বাগিচাত

(শুনা, লৈ যোৱাঁ নতুন এই হৃদয় মোৰ)

চাৰিজোপা চাইপ্ৰেছ গছ

বাঢ়ি আহিব তোমাৰ বাগিচাত

(শুনা, লৈ যোৱাঁ নতুন এই হৃদয় মোৰ)

বেলিটো আৰু জোনটো

তাৰ পাছত…

একো নাই,

বাগিচাও নাই৷

                (৩)

                প্ৰথম পৃষ্ঠা

ইচাবেল ক্লাৰা, মোৰ ধৰ্ম-জীয়ৰীলৈ

স্বচ্ছ ফোৱাৰা

স্বচ্ছ আকাশ

অস্‌ চৰাইকেইটা কেনেকৈ

ডাঙৰ হ’ব লাগিছে

স্বচ্ছ আকাশ

স্বচ্ছ ফোৱাৰা

অস্‌ সুমথিৰাকেইটা কেনেকৈ

চিকমিকাইছে!

ফোৱাৰা

আকাশ

অস্‌, সৌ ঘেঁহুডৰা

কিমান আলসুৱা!

আকাশ

ফোৱাৰা

অস্‌, ঘেঁহুডৰা

কিমান সেউজীয়া!

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close