Written by 12:23 pm Articles

ফুটৱেৰ ডিজাইনিং (Footwear Designing)

 ° বুলজিৎ বুঢ়াগোহাঁই

ফুটৱেৰ ডিজাইনিং (Footwear designing) পঢ়ি ছাত্র-ছাত্রীসকলে কেৰিয়াৰ গঢ়িব পাৰে৷ ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে সাধাৰণতে পাঠ্যক্রমৰ ওপৰত ভিত্তি কৰি  উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখা বা যিকোনো শাখাত উত্তীৰ্ণ হোৱা পাছত ফুটৱেৰ ডিজাইনিঙৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে৷  ফুটৱেৰ ডিজাইনিঙত চাৰ্টিফিকেট,  ডিপ্ল’মা, স্নাতকোত্তৰ আৰু পি. এইছ. ডি. পাঠ্যক্রম  অধ্যয়ন কৰিব পাৰে৷

 এজন সফল ফুটৱেৰ ডিজাইনাৰ হ’বলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে– সৃষ্টিশীল মন, সুকুমাৰ কলাৰ প্রতি আসক্তি, আৰ্টৰ সুন্দৰ দক্ষতা আদি।

ফুটৱেৰ ডিজাইনিঙত শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল –  চেন্ট্ৰেল ফুটৱেৰ ট্ৰেইনিং ইনষ্টিটিউট, চেন্নাই ( https://www.cftichennai.in), চেন্ট্ৰেল ফুটৱেৰ ট্ৰেইনিং ইনষ্টিটিউট, আগ্রা (https://www.cftiagra.org.in), চেন্ট্ৰেল লেডাৰ ৰিচাৰ্চ   ইনষ্টিটিউট  (http://www.clri.org), ফুটৱেৰ ডিজাইন এণ্ড  ডেভেলপমেণ্ট ইনষ্টিটিউট (http://www.fddiindia.com), গভৰ্ণমেণ্ট কলেজ  অৱ ইঞ্জিনিয়াৰিং    এণ্ড লেডাৰ টেকন’লজী (www.gcelt.gov.in), হৰকোৰ্ট  বটলাৰ    টেকনিকেল ইউনিভাৰছিটি , কানপুৰ (http://hbtu.ac.in), মুজাফ্ফৰপুৰ   ইনষ্টিটিউট অৱ   টেকন’লজী (http://www.mitmuzaffarpur.org), নেচনেল ইনষ্টিটিউট অৱ  ফেচন  টেকন’লজী (www.nift.ac.in) আদি।

 ফুটৱেৰ ডিজাইনিঙৰ বিভিন্ন  ডিপ্লমা  আৰু ডিগ্রী লাভ কৰা সকলে ফুটৱেৰ উৎপাদনকাৰী  কোম্পানীত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে ৷ নিযুক্তি লাভ কৰিব পৰা  বিভিন্ন পদবোৰ হ’ল –   ফুটৱেৰ ডিজাইনাৰ (Footwear Designer), ফুটৱেৰ টেকন’ল’জিষ্ট (Footwear Technologist),মাৰ্কেটিং  এক্সিকিউটিভ  (Marketing Executive),  মাৰচেনণ্ডাইজাৰ  (Merchandiser), প্লেনিং এক্সিকিউটিভ ( Planning Executive), প্ৰডাক্ট ডেভেলপাৰ (Product Developer), প্ৰডাক্ট ডেভেলপমেণ্ট মেনেজাৰ (Product Development Manager), কোৱালিটি কন্ট্ৰলাৰ (Quality Controller) আদি। তাৰোপৰি ফুটৱেৰ ডিজাইনিং বিষয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে৷

ফুটৱেৰ ডিজাইনিঙৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি   নিযুক্তি দিয়া কেইটামান  ফুটৱেৰ উৎপাদনকাৰী  কোম্পানী হ’ল– বাটা (http://bata.in),  লিবাৰ্টি (http://www.libertyshoes.com), খাদিমছ( http://www.khadims.com), লখানী (http://www.lakhanifootwear.com), মেট্ৰ(http://www.metroshoes.net), একচন (http://www.actionshoes.com), লী কুপাৰ (https://www.leecooper.com), এডিডাচ (https://www.adidas.co.in), নাইকী (https://www.nike.com), ৰিবক (https://www.reebok.com), উডলেণ্ড (https://www.woodlandworldwide.com), পুমা (https://in.puma.com) আদি।

 কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

বিদ্র: কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফ’ন (৯৪৩৫১৮৮৬৩০)কৰিব পাৰে।

Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close