Written by 7:53 am Poems

ফুটপাথৰ ঈশ্বৰ

অৰ্চনা পূজাৰী

বিষাণু অহাৰ বহু আগৰ কথা

বন্ধ নাছিলেই৷ দেওবাৰে ভিৰ বাঢ়েহে

ফুটপাথৰ ঈশ্বৰৰ দুৱাৰ

চৌবিছ ঘণ্টাই খোলা থাকে

সকলোৰে বাবে

শ্যেলীয়ে দেওবৰীয়া ফুটপাথত কবিতাৰ সভা পাতে

কবিতাৰ সভাত সমাগম বেছি

ঈশ্বৰে একাষৰীয়াকৈ বহি ৰেহৰূপ

চাই থাকে

এজাক ডেকা-ডেকেৰীয়ে আৱেগত

জেপ খুচৰি-খুচৰি

কবিতাবোৰৰ শোভাযাত্ৰাত নামে

*

আন এদিন

ৰজনজনোৱা বাতৰি এটাত

ম্ৰিয়মাণ হ’ল ফুটপাথৰ ঈশ্বৰ

ফুটপাথৰ “মেনহ’ল”ত ভুলতে ভৰি দি

কেৰাণী শ্যেলী উটি গ’ল

মানুহটো ভাবুক আছিল

অন্তৰত প্ৰেম যেনেকৈ আছিল

বেদনায়ো খুলি খুলি খাই আছিল

সেইজন আকৌ

কবি মহেন্দ্ৰ বৰাৰ আপোন সন্তান

*

ফুটপাথৰ ঈশ্বৰে সৰ্বেশ্বৰকো চিনিছিল

বিষ্ণুৰ দোকানৰ পৰা ধাৰত কিনা

চাৰমিনাৰেৰে

কুণ্ডলী পকাই ক্ষোভবোৰ

 ধোঁৱাময় কৰিছিল সি

*

দুখবোৰ সামৰি সুতৰি

ৰং সনা মুখেৰে বেশ্যাজনীও

বটগছজোপাৰ আঁৰ লৈ থিয় দিছিল

ঈশ্বৰে দেখিও নেদেখাৰ ভাও জুৰিছিল

সন্ধিয়া ক’লা আইনাৰ গাড়ীখন

বটগছ জোপাৰ পৰা ঠিক

দহ গজ দূৰৈত

অকণমান ৰৈ উধাও হৈছিল

*

ফোঁ-ফোঁৱাই যোৱা মো-চাহেব

মৰ্নিং ৱাকত যোৱা গাঁঠলু মহাজনৰ

সোৱাদ ভৰা “মট্‌কা” চাহপিয়লা ফুটপাথৰ ঈশ্বৰে নিজেই কৰিছিল

আই. এ. এছ. পোৱা ল’ৰাটোৱে

পঢ়িছিল নিয়ন লাইটৰ তলতে

ভিক্ষাৰীবোৰৰ বেৰ নোহোৱা শান্তিৰ ঘৰবোৰত ঈশ্বৰ বহিছিল

*

চিপাহীবোৰৰ হাজাৰখন ভৰিৰ গিৰিপনি

আৰ্তজনৰ বুকুভঙা চিঞৰ

পানীপুৰিত প্ৰেমৰ বুৰবুৰণি

এইবোৰ ফুটপাথৰ ঈশ্বৰৰ নখদৰ্পণত

*

অচিন শত্ৰুৰ পৰা বাচিবলৈ

নগৰত “লক ডাউন” আৰম্ভ হৈছিল

মালতীৰ বিননিটো উকি হ’ব ধৰোঁতে

নগৰত কাৰ্ফিউ নামিছিল

অভাৱে গাঁৱৰ পৰা খেদালে

বিষাণুৱে পৰিয়ালটোকে উচন কৰিলে

*

যায় কলৈ তাই

কৰবালৈ গুচি গ’ল ফলৰ বেপাৰীটো

ফটা জোতা চিলোৱা মুচিটো

গান এটা ওঁঠত লৈ ফুৰা

অন্ধ মানুহটো

ফুটপাথৰ ঈশ্বৰৰ বুকুত ডাঙৰ তলা

*

এইবোৰ “ফ্ৰণ্ট্ লাইন্” বাতৰি নহ’ল ৷৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close