জোনমণি দাস
বৰনৈৰ বুকুত
বনঘোষা উপজিল—
ব’ৰাগীয়ে বতাহক শুনালে
বনঘোষাৰ জন্ম আখ্যান,
হিলদল ভাঙি তেতিয়াই ধূলিৰ ধুমুহা…
শিমলুৱে জুই লগাই দিলে আকাশত
ফাগুনে ভাং খুৱাই দিলে বতাহক
সেউজীয়াখিনি সলনি হ’ল শুকুলালৈ, যেন শ ঢকা ঢাকনি
ৰঙা সূতাৰে আঁচু দিবলৈ আইৰ গাত নোহোৱা হ’ল তৰণি
গোলাপ গছৰ ফুলে ঢকা ডাল
কোনে দেখিলে কোনে ছিঙিলে নোকোৱাই ভাল
আধাতে আইধা পৰা বনঘোষাৰ জন্ম আখ্যান
ব’ৰাগীয়ে দুনাই নেগালে
বিয়লিয়ে বাট ল’লে গোলাপত গধূলি হ’বলে…
আয়ে খুঁটি মাৰি বাতি কাঢ়িছে
গোলাপত গধূলি হ’লে আয়ে ব তুলিব
উঘা-চেৰেকীয়ে বাট চাব আয়ে মহুৰা বটালৈ
কাচতেলৰ চাকিটোৰ পোহৰত
যঁতৰ ঘূৰাই যেতিয়া আয়ে মহুৰা বটিব
তেতিয়া বৰনৈৰ বুকুত নহয়
মোৰ বুকুতহে বনঘোষাই ল’ব
নৈৰ ৰূপত
নতুন জন্ম<!—next-prev and print–>
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা