কৌস্তুভমণি শইকীয়া দত্ত কথাবোৰ দেখাত ৰংচঙীয়া হ’লেও
আচলতে বিমূৰ্ত।
মনটোৱেই সকলো—
মনে ৰং সানিলে শৰীৰ হৈ পৰে কেনভাচ।
আঙুলিয়ে কুণ্ডলি পকাই মেৰাই ধৰে পছোৱাক
আৰু মই ওঁঠত সানো পলাশৰ ৰং।
প্ৰসাধন মোৰ মুখা নহয়
একান্তই আত্ম-বিস্তাৰ—
যি আছিল মোৰ তাতে যোগ হয়
আৰু অকণমান চকুত
আৰু অকণমান ওঁঠত
আৰু অকণমান নখত
একলা একলাকৈ সম্পূৰ্ণা।
আস্! মোৰ ত্বকৰ কেনভাচত
সানিছোঁ মনৰ ৰং।
নিজক ধুনীয়া কৰাৰ মোৰ আতোলতোল সপোনটো জী উঠিছে।
তুমি দেখিছা
জগতে দেখিছে।
সকলোৱে মোক ধুনতী বুলি হাঁহিছে।
আন কোনোবাই মোৰ মুখত শেঁতা ৰং
সানি দিয়াৰ ঘোৰ বিৰোধী মই।
নিজক মই ৰঙীন কৰোঁ আপোন ৰুচিৰে।শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025