ৰেমী শৰ্মা
কোনোবাই মাতিলে
দুৱাৰখন খুলি দে
বৰশী এটা হাতত লৈ মই পানীপতাত ৰৈ আছিলোঁ
থৰথৰকৈ কঁপা ভৰিহাল মোৰ আছিল
কিন্তু …
আঙুলি আৰু মাংসপেশীবোৰ ভাৰালৈ অনা হৈছিল
ন মাহৰ বাবে
লাহে লাহে সোমাই অহা শৃংখলটো
দীঘলীয়া সময় ধৰি উশৃঙ্খল হৈছিল
মেটেকাৰ আঁৰত
এন্ধাৰ হোৱাৰ আগতেই
“দ্য প’টেট’ ইটাৰ্ছ”ৰ
মুক্তিৰ আয়োজনত ব্যস্ত
এডাল কাৰ্শলা
প্ৰত্যেকৰ হাততেই একোখনকৈ প্লে’কাৰ্ড
এটা নতুন ফাংগাছে পানী ঘোলা কৰিছে
কোনোৱে হাঁহিছিল কোনোৱে কান্দিছিল
বিজুলী গতিত বতাহে খবৰ বিয়পাইছে
এহাতী পানীৰ তলত কোনোবাই
কাৰোবাক জন্ম দিছে
বত্ৰিছটা দাঁত
দুশ ছডাল হাড়
আঁঠুৱনীয়া চুলি
পানী-দাপোণত মুখ চাইছে উপজিয়ে
প্ৰজন্মৰ শেষ প্ৰাণী নে
আৰম্ভণি
—
ঠিকনা :
নগাঁও, অসম
ফোন : ৬০০০৭১৭৮০০
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025