Written by 7:07 pm Poems

প্ৰকৃতি

ধ্ৰুৱাৰ্ক চৌধুৰী

সুনীল আকাশৰ বুকুত

উৰি উৰি প্ৰাণোচ্ছ্বল মতলীয়া ডাৱৰবোৰে

পাহাৰৰ সৈতে আলিংগনৰ খেলা কৰে

আকাশত পোহাৰ মেলে ৰামধেনু ৰঙৰ মেলাৰ

ডাৱৰবোৰেই পাহাৰৰ বুকুত বৰষুণ হৈ সৰি

পাহাৰক সেউজীয়া কৰি তোলে

আৰু পাহাৰৰ বক্ষ উদাৰি নৈ-জান-জুৰি

জলপ্ৰপাত হৈ বৈ গৈ মহাসমুদ্ৰৰ বুকুত বিলীন হয় 

মানুহৰো শেষ হেঁপাহ 

মহাসমুদ্ৰৰেই বুকুত বিলীন হৈ যোৱাৰ

কিছুমান নাৰী আছে ডাৱৰৰ দৰে

চিৰযৌৱনা প্ৰাণচঞ্চলা 

আৰু পুৰুষ – সুউচ্চ পাহাৰৰ দৰে 

অপাৰ প্ৰেমে 

মানুহক মহাসমুদ্ৰৰ বুকুত বিলীন হৈ যোৱাৰ

সমস্ত অনুভৱেই দিব পাৰে

সুনীল আকাশৰ বুকুৰ মতলীয়া ডাৱৰৰ দৰে 

তেনে নাৰীৰ পাৰাপাৰ ভালপোৱাৰ বাবে 

কাৰনো বুকুৰ কেতেকীয়ে নাকান্দে 

আকাশৰ দৰে উদাৰ 

সেই সকলো নাৰীৰ নাম প্ৰকৃতি 

ঠিকনা :

সহকাৰী শিক্ষক (বিজ্ঞান)

গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

দিশপুৰ, গুৱাহাটী – ৬

ফোন নং – ৯৩৯৪৭৯০০৩৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 6, 2025
Close Search Window
Close