দেৱাশিস বুঢ়াগোহাঁই
এজন কবি আহিছিল,
হাতত আধালিখা কবিতা এটা
কবিতাটোৰ
দুটামান শাৰীত আছিল বাল্মীকিৰ আখৰ
দুটামানত হ’মাৰৰ
দুটামানত বাইৰনৰ (জঁপিয়াই থকা, তেজাল)
দুটামানত নেডাৰ (স্ফুলিংগযুক্ত)
শেষলৈ ৰিণি ৰিণি দেখিলোঁ, এটা শাৰী। নহয় এটা ৰিং
হৰিৎ প্রান্তৰত হঠাৎ বাজি উঠা ঘণ্টাৰ ধ্বনি…
শাৰীবোৰৰ
কোনোবাটো— পাখিৰে লিখা, অস্পষ্ট
কোনোবাটো ডট কলমেৰে, স্পষ্ট
কোনোবাটো টাইপ কৰা
ইটোৰ গাত সিটো ভেজা দি থিয় হৈ আছিল শাৰীবোৰ
যেন, পিৰামিডৰ গাঁঠি থোৱা শিলৰ তৰপ। ইটোৰ ওপৰত আনটো। আকাশলৈ অনিৰুদ্ধ গতি…
(পট পৰিল। লাহেকৈ দেখা গ’ল এটা ঠেক উপত্যকা, মাজতে এখন নীলা চাদৰ, অঁকোৱা-পকোৱা।)
শাৰীটো যেন শুনা শুনা
পথেৰে বৈ আহিল এখনি জুইৰ নৈ
শ্ল’গান, হা-হুতাহত জুই একুৰাত জঁপিয়াই উঠিল
দাউদাউ শিখাৰ পৰা জুই চুৰ কৰি আনি সজা হ’ল জুইৰ ঘৰ। ওখ … ওখ … ত্রিভুৱন ওখ!
এদিন সেই ঘৰবোৰৰ পৰাই নিক্ষিপ্ত হ’ল পানীৰ ফোৱাৰা
ব্যাখ্যা দিয়া হ’ল, জুই-পানীৰ মিতিৰালিৰ বোলে সোৱাদ অপূর্ব
ক্ষন্তেকলৈ মানুহবোৰ ৰ’ল কিজানি বৰষুণ, ঈশ্বৰৰ(?) আশিস।
পাছ মুহূর্ততে মানুহবোৰে পিঠি, বুকু, হাত, ভৰি পাতি দিলে,
জুই নুমাল— তেজ ব’লে— তেজে-পানীয়ে মিলি তেজৰ নৈ হ’ল
হঠাৎ প্রাণ পোৱা আন্ধাৰ
পুনৰাই পোহৰ মঞ্চত—
কবিজনে কাগজখন পাতি দিলে
কবিতাটোৰ পৰৱৰ্তী শাৰীকেইটা আঙুলিৰ আগেৰে ওলাল, ৰঙা-বঙা আখৰ
কাগজখন ভিজিল, তেজত। গোটেই কবিতাটো তিতিল উধৰ পৰা মূধলৈ…
কবিজনৰ হাতখন কঁপিছিল নে?
ওঁহো, জনা নগ’ল।
উপত্যকাটোৰ শেষৰকেইটা আখৰ কবিতাটোত ভৰাই তেওঁ বাট ল’লে
গম্ভীৰ, প্রশস্ত খোজেৰে।
পিৰামিডটোৰ দুতৰপমান ইটা খহি পৰিল।শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা