Written by 5:26 am Poems

পৃথিৱীলৈ

 মাধুৰ্য্য গোস্বামী

জঁটাত নৈখন বান্ধি নিয়া খামিডাঠ মানুহ এজন আছিল

যিয়ে কঢ়িয়াইছিল জীয়া পৃথিৱীৰ সকলো

মৰণশীল কথাকবিতা

চকুৰ দাবানলত দগ্ধ হৈছিল

অজস্ৰ অন্যায়,

জ্বলাই দিছিল অসূয়া

স্থিৰতাৰে কলুষতা মচিছিল,

প্ৰশ্নৰ পাছত প্ৰশ্নৰ অনেক সাঁকো পাৰ হৈ

তেওঁ আমাকেই ওলোটাই সুধিছিল–

অভেদ্য চৰ্বীৰ দৰে দুখবোৰ,

গলিত ধাতুৰ দৰে তপ্ত উশাহবোৰ লৈও

তোমালোকে গছ আৰু নৈৰ কথা পাতা কিয়

আহত যোদ্ধাৰ ছটফটনি

নিহততকৈ বেছি;

তেওঁ দুহাতত তুলি লৈছিল

যুদ্ধকালীন সকলো অস্থিৰতা

আহত হোৱাৰ পাছতো তেওঁ আছিল সৌম্য

লানি লানি বৃক্ষৰ সেমেকা আন্ধাৰৰ পৰা ওলাই

তেওঁ কৈছিল,

‘তিতিক্ষাৰ মন্ত্ৰ মোৰ ওচৰত আছে

আৰু জীৱনৰ মন্ত্ৰ আছে প্ৰেমত’ ;

পৰিপূৰ্ণ বুলি ভবাৰ সিপাৰত তেতিয়াও ৰৈ আছিল

আকাশযেন সীমাহীন আকাংক্ষা

অথচ, অপৰিপূৰ্ণতাৰ তালিকা এখন আছে

আপোনাৰ মোৰ আৰু সকলোৰে,

যোগ দি গৈছো ভোগৰ অজুহাত

আৰু বঢ়াই গৈছো জঞ্জাল;

আমালৈ, পৃথিৱীলৈ।

Visited 4 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close