Written by 4:19 am Poems

পুতলা পুৰাণ

উজ্জ্বল স্মৰণ দত্ত

 বত্ৰিছ পুতলাৰ সিংহাসনত

পুতলা ৰজা বহিছে

পুতলাৰ দেশৰ পুতলাবোৰ

পুতলা হৈ আছে

দেখা নাই  বেয়া

কোৱা নাই  বেয়া

শুনা নাই   বেয়া

পুতলাবোৰ পুতলাৰ হাতৰ পুতলা

ৰচীৰ টানত নাচে কাঠ পুতলা হৈ ৷

কথা নাই  পুতলাটো

অথিৰ অবিৰ

নাই   চকু

নাই  মাত

নাই  কাণ

ইকাটি নাই সিকাটি নাই

পুতলাটো  পুতলাই

পুতলা নাচে ৷

ঠিকনা : 

সাপেখাতী , চৰাইদেউ 

ফোন : ৮৭৬১৮১৪৪৯৬ , ৭০০২৪৮৮৭০১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close