Written by 10:42 am Poems

পাৰাস্তম্ভ ১০°

 ৰিপুঞ্জয় বৰুৱা ঋমন

পাৰাস্তম্ভ ১০

বিষে কোঙা বাওঁ খোপনি

কুট্কুটনি কামোৰণি

ঠাণ্ডাত বেছি আমনি ।

জীৱ যাবলৈ ধৰা

বেচেৰা কোষবোৰে ছটফটাইছে ।

যিদৰে ছটফটাই চকাই চেপি মৰা কুকুৰ !

সিহঁতৰ দুখ নিজ চকুৰে দেখিছোঁ

মৃত্যুৰ ঠেঙুলিত পৰ দি মূৰ্-ঘূৰণি

শুব পৰা নাই

পৰাজিত, দুচকুৰ মৰটোপনি ।

টোপ টোপ টোপ

বাথৰূমত ৰুগীয়া টেপটোৰ সৰিছে চকুলো ।

জড়,

তথাপি বৰ তপত

চুই চালোঁ সেয়া দেখোন মোৰেই !

খিৰিকীৰে জুমি চাওঁ

বৰষুণে পেডেল মৰা পথত নিজানে নখ কামুৰিছে ।

নগৰখন সাইলাখ খাচী ছোৱালীজনী

পাইন গছৰ তলত এজন সোণাৰীৰ সমাধি

সেয়ে আন্ধাৰতো ইমান চিকমিকনি ।

বুজিবলৈ কঠিন কবৰৰ বুৰঞ্জী

এই ৰ’দ

এই বৃষ্টি

এই ভোক

এই ভোগ

আয়ে কৈছিল

দেখাত দেউতাৰৰ দৰেই তই

সেয়ে বাটে ঘাটে এই আত্মপ্ৰত্যয় ।

***

ঠিকনা :

খাৰঘুলি, উন্নয়ন সমিতিৰ বিপৰীতে

গৃহ নং – ১০১

গুৱাহাটী-০৪

ভ্ৰাম্যভাষ-৬৯০১৮৫৬০৮৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 6, 2025
Close Search Window
Close