Written by 5:29 am Poems

পানীৰ সাধু

 অৰুণ গগৈ

মেটেকা ভাহি যোৱা কথাবোৰ

মেখেলাৰ পাতলিত মেৰিয়াই

আয়ে কৈছিল পানীৰ সাধুকথা

পানীকেঁচুৱাৰ কান্দোনত তল যোৱা গাঁওবোৰে

পানীৰ পকনীয়াত পাক খাই

হেৰুৱাইছিল পিতাইৰ পদূলিৰ বাট

হেৰুৱাইছিল মাটি মুখৰ মাত

পানীৰ মালিতাত মানুহবোৰে খাইছিল হাবুডুবু

ঘৰ, বাৰী, পদূলি, পথাৰ

সকলোতে পানীৰ সাধু

দুচকুত গজিছিল মৰা মাছৰ চকু

পানীৰো যে থাকে কি যাদু

নৰীয়াত পৰা নাৱৰীয়াই

ডিঙিলৈকে গিলিছিল পানীৰ সাধু

জয়ধ্বনিৰে ভৰা  ভয়াল যামিনী

পিতাইৰ পদূলিত বাঢ়িছিল যিমানেই পানী

সিমানেই কিৰিলিয়াইছিল যমডাকিনী

দেওভূতৰ দেওধনীত

নখন্দাকৈয়ে পানীৰ পুখুৰী

আৰু যে জাহ গ’ল কতজনী কমলাকুঁৱৰী

পানীৰ সাধু এটাই

থানবান কৰা পিতাইৰ ভেঁটিটো সাবটি

বাঢ়ি আহে উঁইহাফলু

কঁপি উঠে উদং বুকু

আকাশ ফালি বাৰিষাৰ বৰষুণে

গাঁওখনত ৰাতি ৰাতি চিঞৰে

“ইমান ইমান পানী গংগা ৰাণী” ৷

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

Visited 3 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close