Written by 8:11 am Articles

পাঠাগাৰ

 সভ্যতা ১

সম্পাদনা : বিপ্লৱজ্যোতি ভূঞা৷ 

বহু-আনন্দ, নগাঁও, ২০২১

    অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতত বিভিন্ন সময়ত বিভিন্ন লিটল্‌ মেগাজিন্ বা সাময়িকী প্ৰকাশ পাই আহিছে যদিও প্ৰায়বোৰ আলোচনীয়েই জীৱনকালৰ ফালৰ পৰা অতিকে ক্ষণস্থায়ী বুলি পৰিগণিত হৈছে৷ যোৱা শাতিকাৰ অষ্টম দশকত প্ৰকাশিত সংলাপ  আৰু সংজ্ঞা, নৱম আৰু শেষ দশকত প্ৰকাশিত অনুবাদকবিতাকথা গুৱাহাটীকথা  আদি আলোচনী অতিশয় গুৰুত্বপূৰ্ণ বুলি চিহ্নিত হোৱা সত্ত্বে‍‍ও ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱৰাটো দুৰ্ভাগ্যজনক৷ শেহতীয়াকৈ এই তালিকাখনত যোগ হৈছে সভ্যতা৷ নগাঁৱৰ বহু-আনন্দ প্ৰকাশনে প্ৰকাশৰ দায়িত্ব লোৱা সাময়িকীখন সম্পাদনা কৰিছে বিপ্লৱজ্যোতি ভূঞাই, সহযোগী ড° মিলন নেওগ৷ একক বিষয়ভিত্তিক সভ্যতাৰ প্ৰথম সংস্কৰণৰ বিষয় হৈছে শংকৰদেৱ আৰু অসমৰ ভৱিষ্যৎ সমাজ৷ সৰ্বমুঠ সাতত্ৰিছটা তথ্যসমৃদ্ধ প্ৰবন্ধ আৰু তিনিটা সাক্ষাৎকাৰেৰে সমৃদ্ধ সংকলনখনৰ মুঠ পৃষ্ঠা সংখ্যা ৫৩২, মূল্য চাৰিশ টকা৷ জাতিৰ পিতৃস্বৰূপ শ্ৰীমন্ত শংকৰদেৱে অসমৰ সমাজ-সংস্কৃতিৰ বিভিন্ন দিশলৈ আগ বঢ়োৱা অৱদানক বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিবলৈ সংশ্লিষ্ট প্ৰবন্ধৰ লেখকসকলে প্ৰয়াস কৰিছে৷ বিশেষকৈ আধুনিকতাৰ বতাহে দ্ৰুত গতিত সলনি কৰা মূল্যবোধৰ পৰিপ্ৰেক্ষাত ভৱিষ্যতৰ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ অৱস্থা কি হ’বগৈ পাৰে সেইখিনি অনুধাৱন কৰিবলৈ লেখকসকলে যত্ন কৰাটো সংকলনখনৰ বিশেষ উল্লেখযোগ্য দিশ৷

হাৱা ভাল চলা নাই

বিপুল খাটনিয়াৰ৷ 

আঁক-বাক, গুৱাহাটী, ২০২০

    সাম্প্ৰতিক সময়ৰ অসমীয়া চুটিগল্পৰ জগতত বিষয়বস্তু, ৰচনাভঙ্গী আৰু দায়ৱদ্ধতাৰ দিশত বিপুল খাটনিয়াৰ আগশাৰীৰ লেখক৷ চাৰিটা দশকৰো অধিক কাল চুটিগল্পৰ জগতত স্বচ্ছন্দ বিচৰণ কৰা খাটনিয়াৰৰ গল্পত ভাবনাৰ বহুমাত্ৰিক প্ৰকাশ অনুভৱ কৰা যায়৷ বিশেষকৈ ভাবৰ উপযোগী ঘটনা নিৰ্মাণত তেওঁৰ দক্ষতা ব্যাখ্যাতীত৷ সেই দক্ষতাৰেই তেওঁৰ গল্পত স্তৰে স্তৰে সূক্ষ্মাতিসূক্ষ্ম গুৰুত্ব থকা পৰিৱেশ ৰচনা কৰে৷  মানৱ জীৱনৰ ভিন্নতাবিশিষ্ট জীৱনশৈলীৰ চিত্ৰণত যেনেদৰে তেওঁ গুৰুত্ব দিয়ে তেনেদৰেই গুৰুত্ব দিয়ে প্ৰতিটো চৰিত্ৰৰ প্ৰতি সমানে সহানুভূতিশীল হ’বলৈও৷ এতেকে তেওঁৰ গল্পত চৰিত্ৰবোৰো হৈ উঠে সক্ৰিয় যি আচলতে গল্পৰ ঘটনাৱলী সৃষ্টি কৰে৷ আন কথাত ক’বলৈ হ’লে বিপুল খাটনিয়াৰৰ গল্পৰ চৰিত্ৰবোৰ ঘটনাৰ সোঁতত উটি-ভাহি নাযায়৷ ইপিনে বিষয়ানুগত ভাষা তেওঁৰ গল্পৰ আন এক বিশেষত্ব৷ অসমীয়া ভাষাৰ বিভিন্ন আঞ্চলিক ৰূপ তেওঁৰ মাজত জীন গৈছে সাৱলীলভাৱে৷ তেওঁৰ নৱীনতম গল্পগ্ৰন্থ হাৱা ভাল চলা নাই ৷ গ্ৰন্থখনত গ্ৰন্থিত হোৱা গল্পকেইটাৰ বিষয়বস্তু অথবা পটভূমি সম্পকে এই নামবাচক বাক্যাংশটোৱেই এটা ধাৰণা দাঙি ধৰিব পাৰে৷ বীৰা, হাৱা ভাল চলা নাই, পুতলা, সোণৰ দাঁত ৰূপৰ দাঁত, গঁৰাল, বৃষভ সংহতি আদি কৰি লেখকৰ ন-পুৰণি ওঠৰটা গল্পৰ এই সংকলনে পঢ়ুৱৈক কেৱল গল্পপাঠৰ আনন্দ দিয়েই দায়িত্ব নাসামৰে, লগতে পঢ়ুৱৈক উপলব্ধি কৰায় গুৰুত্বহীন বুলি ভবা আমাৰ সমাজৰে বহু গুৰুত্বপূৰ্ণ মানৱীয় সংকট আৰু মানুহৰ ভৱিতব্য সম্পৰ্কীয় আশঙ্কাও৷ 

বৈতৰণী 

মণিকা দেৱী৷ 

পূৰ্বায়ন, গুৱাহাটী, ২০২০

    মণিকা দেৱী সমসাময়িক অসমীয়া চুটিগল্পৰ জগতত অন্যতম প্ৰতিভাশালী গল্পকাৰকেইজনৰ ভিতৰৰে এগৰাকী৷ ২০০৫ চনত মৰ্যাদাসম্পন্ন মুনীন বৰকটকী বঁটা আৰু ২০১৪ চনত সাহিত্য অকাদেমি যুৱ বঁটাৰে সন্মানিত মণিকা দেৱীৰ অষ্টমখন গল্প সংকলন বৈতৰণী৷ ক্ষুদ্ৰ প্ৰসঙ্গ এটাকে অসাধাৰণ দক্ষতাৰে বিস্তৃতি প্ৰদান কৰিব পৰাটো মণিকা দেৱীৰ গল্পৰ পাঠক মাত্ৰেই মুগ্ধ হৈ অনুভৱ কৰে৷ তদুপৰি সাধাৰণতে সমাজৰ নিম্নবৰ্গ বুলি ধৰা মানুহখিনিৰ জীৱনক পটত তুলি ধৰিবলৈ মণিকাই আন্তৰিকতাৰে প্ৰয়াস কৰি আহিছে৷ বিষয় অনুসৰি মণিকাৰ গল্পৰ ভাষাও পৃথক ৰূপ আৰু চৰিত্ৰৰ হয়৷ তেওঁৰ গল্পৰ কথকতা গুণটো অতিশয় জীৱন্ত আৰু বিভিন্ন চৰিত্ৰৰ প্ৰতি তেওঁৰ বিচাৰ সদায়ে নিৰপেক্ষ৷ আঠোটা গল্পৰ শেহতীয়া সংকলন বৈতৰণীত পঢ়ুৱৈয়ে নিশ্চিতভাৱে তেওঁৰ গল্পৰ সকলো বিশিষ্টতা ক্ৰমশঃ উত্তৰণমুখী হোৱাটো লক্ষ্য কৰিব৷ কেৱল বৰ্ণনাৰ স্বাৰ্থত বাহুল্যৰ সৃষ্টি নকৰি একেবাৰে সমাহিত আৰু পৰিমিত ৰূপতহে গল্পটো পাঠকৰ সম্মুখলৈ আগবঢ়াই দিয়াটো মণিকাৰ স্বভাৱসুলভ বিশেষত্ব৷ সেয়ে তেওঁৰ ভাষা অতিকে ঘনপিনদ্ধ আৰু ব্যঞ্জনাসমৃদ্ধ৷ বহু সময়ত কবিতাৰ ব্যঞ্জনাতকৈও তেওঁৰ গল্পৰ ব্যঞ্জনা অধিক গভীৰতাবিশিষ্ট যেন অনুভৱ হয়৷ হাস্য-ব্যঙ্গ সম্পৰ্কেও মণিকাৰ এটা স্বচ্ছ ধাৰণা আছে আৰু তেওঁৰ বৰ্ণনাত হিউমাৰ আৰু ৱিট্‌ বিশেষভাৱে লক্ষ্য কৰা যায়৷ অসমীয়া চুটিগল্পক যদি আইকনিক ৰূপ দিয়াৰ প্ৰসঙ্গ উঠে তেন্তে মণিকা দেৱী তেনে যত্ন কৰাসকলৰ ভিতৰত প্ৰথমতেই থাকিব৷ বৈতৰণীৰ প্ৰতিটো গল্পই সুখপাঠ্য আৰু হৃদয়স্পৰ্শী৷

ন’বেলপ্ৰাপ্ত কবিৰ নিৰ্বাচিত কবিতা (১৯০১–২০২০)

অনুবাদ আৰু সংকলন : মানসজ্যোতি শৰ্মা৷ পাঞ্চজন্য, গুৱাহাটী, ২০২০

    ১৯০১ চনৰ পৰা ২০২০ চনলৈকে বিশ্বৰ মুঠ ১১৭ জন সাহিত্যিকক ন’বেট বঁটাৰে সন্মানিত কৰা হৈছে৷ এই আটাইকেইজন সাহিত্যিক পিছে কবি নহয়৷ এই তালিকাখনৰ কেৱল ত্ৰিছজনেহে ইংৰাজী ভাষা-সাহিত্য চৰ্চা কৰিছে৷ ইংৰাজী ভাষাটো কম-বেছি পৰিমাণে আমাৰ পৰিচিত হ’লেও সকলোৱে এই ভাষাত ৰচিত সাহিত্যৰ ৰস আস্বাদন কৰিবলৈ সক্ষম নহয়৷ গতিকে ইংৰাজী লেখকৰ লেখাখিনিৰ অসমীয়া ভাঙনি হোৱাটো আমাৰ সাহিত্যৰ বাবে খুব দৰকাৰী কথা৷ ইংৰাজীৰ বাহিৰে আন ভাষাত ৰচিত সাহিত্যৰ বেলিকা কি হ’ব? নিশ্চিতভাৱে ঘাইকৈ ইংৰাজীলৈ হোৱা অনুবাদৰ পৰাই অসমীয়ালৈ ভাঙনি কৰিব লাগিব৷ এনে ভাঙনিত মূল ৰচনাৰ হয়তো বহু সম্পদেই ৰক্ষা নপৰিব, কিন্তু সামগ্ৰিকভাৱে আমি অনা-অসমীয়া তথা অনা-ইংৰাজী সাহিত্যৰ সোৱাদ ল’বলৈ সক্ষম হ’ম৷ এনে এটা উদ্দেশ্যৰেই মানসজ্যোতি শৰ্মাই অনুবাদ কৰি উলিয়াইছে ন’বেল বঁটাপ্ৰাপক পঞ্চাছজন কবিৰ একোটাকৈ কবিতা আৰু সংকলিত কৰিছে ন’বেলপ্ৰাপ্ত কবিৰ কবিতা’  শিৰোনামেৰে৷ পুথিখন প্ৰকাশ কৰিছে গুৱাহাটীস্থ পাঞ্চজন্য প্ৰকাশনে৷ বিশ্বৰ প্ৰথমজন ন’বেল বঁটাপ্ৰাপক, ফৰাচী কবি চুল্লী প্ৰুধ’মৰ পৰা লুইচি গ্লাকলৈকে প্ৰতিজন কবিৰ এটাকৈ কবিতা এই গ্ৰন্থত সংকলিত হৈছে৷ প্ৰতিজন কবিৰে জীৱন আৰু কৃতি সম্পৰ্কীয় একোটাকৈ চমুটোকাও কবিতাটোৰ সৈতে সন্নিৱিষ্ট কৰাটো পাঠকৰ উপকাৰত আহিব পৰা এটা ভাল দিশ৷ মানসজ্যোতি শৰ্মাৰ অনুবাদ স্বচ্ছন্দ, সাৱলীল৷ কোনো ঠাইতে পাঠকে আন ভাষাৰ পৰা ভাঙনি কৰা কবিতা পঢ়া বুলি অনুভৱ নকৰে৷ ই ভাল অনুবাদকৰ লক্ষণ৷ 

ভালপোৱাৰ কথোপকথন  

নৰেন কুটুম৷ ভবানী বুকছ্‌, গুৱাহাটী, ২০১৯

    কবি নৰেন কুটুম এগৰাকী ব্যস্ত শিশুৰোগ বিশেষজ্ঞ৷ মানুহৰ শৰীৰবিজ্ঞান সম্পৰ্কত তেওঁ যিমান সজাগ বা অৱগত, সিমানেই মানুহৰ মনোজগতক লৈও তেওঁ ব্যস্ত৷ অতিশয় সংবেদনশীল এই লোকজনে অসমৰ লোকজীৱনৰ নানান দিশ সূক্ষ্মভাৱে অধ্যয়ন কৰাৰ লগতে নিজাকৈ এটা কাব্যভাষা নিৰ্মাণৰ বাবে শ্ৰম কৰি অহা সকলোৱে লক্ষ্য কৰিছে৷ নিজে এজন মিছিং জনগোষ্ঠীৰ লোক হোৱাৰ কাৰণে তেওঁ মিছিং লোককবিতাবোৰ হৃদয়ঙ্গম কৰিছে মজ্জালৈকে আৰু ভালেখিনি মিছিং লোককবিতা ইতিমধ্যে অসমীয়ালৈ ভাঙনি কৰিও উলিয়াইছে৷ ২০১৩ চনত প্ৰকাশিত এতিয়াই বিদায়ৰ কথা নক’বা  তেওঁ অনুবাদ কৰা মিছিং লোককবিতা (কাবান আৰু ঐনিঃতম্‌)-ৰ সংকলন৷ ভালপোৱাৰ কথোপকথন তেওঁৰ মৌলিক কবিতাৰ প্ৰথম গ্ৰন্থ৷ মুঠ চৌৰালিছটা অংশত গ্ৰন্থখনৰ কবিতাখিনি বিভক্ত৷ প্ৰতিটো কবিতাই স্বতন্ত্ৰ আৰু স্বয়ংসম্পূৰ্ণ যদিও প্ৰথমটোৰ পৰা শেষৰটোলৈকে এক অদৃশ্য যোগসূত্ৰই সিহঁতক বান্ধি ৰাখিছে৷ অনুৰণ আৰু কস্তুৰী নামৰ দুটা চৰিত্ৰৰ মাজত হোৱা প্ৰেমৰ আন্তঃসম্পৰ্কক কাব্যিক কথা-বতৰাৰ ৰূপত দাঙি ধৰিবলৈ যত্ন কৰা কিতাপখনৰ উল্লেখযোগ্য এটা দিশ হৈছে ইয়াত সন্নিৱিষ্ট ৰঙীন চিত্ৰবোৰ৷ কিতাপখনত সৰ্বমুঠ ছয়ত্ৰিছখন ৰঙীন পেইণ্টিং সমাৱেশিত হৈছে৷ কথোপকথনখিনিৰ সময়ত অনুৰণ আৰু কস্তুৰীৰ মনৰ ৰংবোৰেই যেন চিত্ৰখিনিৰ যোগেদি প্ৰতিভাত হৈ উঠিছে৷

সমকামী সূৰ্য  জোনমণি দাস৷ পাঞ্চজন্য, গুৱাহাটী, ২০২০

    জোনমণি দাসৰ ষষ্ঠ কবিতা সংকলন সমকামী সূৰ্য ৷ কবিতাপুথিখনৰ নামটোৱেই অসমীয়া সাহিত্য পৰম্পৰাত এটা জোকাৰণি তুলিব পৰাকৈ যথেষ্ট৷ আমাৰ সমাজ জীৱন এতিয়াও মানৱ মনৰ বিশেষ অনুশীলন কিছুমানক মুকলিকৈ আলোচনা কৰিব পৰাকৈ আধুনিক হৈ উঠা নাই৷ এনে অৱস্থাত সমকামিতা যদিও বিক্ষিপ্তভাৱে গল্প-উপন্যাসত প্ৰচ্ছন্নভাৱে প্ৰতিফলিত হৈছে তথাপি স্পষ্টকৈ ‘এই সংকলনৰ ষাঠি শতাংশ কবিতা সমকামিতা বিষয়ক’ বুলি কোনেও ঘোষণা কৰিব পৰা নাই৷ জোনমণি দাসে এনে সৎসাহস দেখুৱাইছে৷ দীৰ্ঘদিন ধৰি জোনমণি দাসে শিশুকবিতা অথবা পদ্যও লিখি আহিছে৷ সেয়েহে তেওঁৰ কবিতাৰ শব্দবিন্যাসত সততে এক ছান্দিল গতিপ্ৰৱাহ ধৰা পৰে৷ তদুপৰি অসমৰ লোকজীৱনৰ সৈতে থকা নিবিড় আত্মীয়তাৰ কাৰণে তেওঁৰ কাব্যভাষাত অসমৰ বোকা-পানীৰ এক প্ৰকাৰ সন্তুলিত সমাহাৰ ঘটিছে৷ সমকামিতা বিষয়টো অসমীয়া সাহিত্যতহে প্ৰকাশৰ দিশৰ পৰা নতুন, মানুহৰ জীৱন-ধাৰা আৰু মনস্তত্ত্বত নতুন নহয়৷ কবিয়ে এই বিষয়টোক লৈ সচেতনভাৱে কবিতা ৰচনা কৰিছে নে বিষয়টোৱে কবিৰ চিন্তা-চেতনাক আন্দোলিত কৰাৰ ফলত কবিতাসমূহৰ সৃষ্টি হৈছে বুজা টান৷ কিন্তু সমকামী সূৰ্য  নিশ্চিতভাৱে অসমীয়া কবিতাৰ ইতিহাসত নাম ৰাখি যাব পৰা এখন সংকলন হৈছে বুলি দ্বিধাহীনভাৱে ক’ব পাৰি৷

প্ৰিয় বাংলা কবিতাঅনুবাদ আৰু সংকলন : ছা-হা-বা হাৰ্টি৷ প্ৰতিশ্ৰুতি৷ গুৱাহাটী, ২০২০

    ছালেকিন হাছান নামৰ যুৱকজনৰ ঘৰুৱা নাম বাপি৷ বন্ধুমহলত তেওঁৰ চলতি নাম হাৰ্টি৷ এই সকলোখিনি মিলি ছা-হা-বা হাৰ্টি৷ অসমীয়া সাহিত্যত এটা নতুন ধৰণৰ নাম৷ নতুন সামাজিক মাধ্যমৰ যোগেদি সাহিত্য চৰ্চা কৰা অসমীয়াসকলৰ ভিতৰত এটা সুপৰিচিত নাম ছা-হা-বা হাৰ্টি৷ ল’ৰাজন ঘাইকৈ বিশ্বপ্ৰসিদ্ধ বাংলা লেখিকা তছলিমা নাছৰিনৰ অনুগামী, ক’ব পাৰি ভক্ত৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে তছলিমা নাছৰিনৰ সাহিত্য তেওঁ নিৰলসভাৱে অনুবাদ কৰি গৈছে যদিও সেইখিনি আজিকোপতি একত্ৰ ৰূপত প্ৰকাশ পোৱা নাই৷ ছা-হা-বা হাৰ্টিয়ে বিভিন্ন সময়ত অনুবাদ কৰা বাংলা কবিতাৰ এখন ক্ষুদ্ৰ সংকলন অলপতে প্ৰকাশ পাইছে প্ৰিয় বাংলা কবিতা  নামেৰে৷ নিৰ্বাচিত বাংলা কবি ক্ৰমে হুমায়ুন আজাদ, সুবোধ সৰকাৰ, শ্ৰীজাত, পূৰ্ণেন্দু পত্ৰী, তছলিমা নাছৰিন, জয় গোস্বামীকে ধৰি ষোলজন কবিৰ কবিতাৰ অনূদিত ৰূপ সংকলিত কৰা হৈছে প্ৰিয় বাংলা কবিতাত৷ কবিতাৰ বাবে আত্মোৎসৰ্গা কৰা ছালেকিন হাছান নিজেও এজন দীক্ষিত কবি৷ অহৰ্নিশ অসমীয়া ভাষাত কবিতা চৰ্চা কৰাৰ সপোন এটাৰ পিছে পিছে দৌৰি ফুৰা এক তৰুণ হিচাপে ছা-হা-বা হাৰ্টিয়ে প্ৰিয় বাংলা কবিতাত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বাংলাৰ পৰা অসমীয়ালৈ অনুবাদৰ ক্ষেত্ৰত অসমীয়া সাহিত্যই এজন নিৰ্ভৰযোগ্য অনুবাদক লাভ কৰিছে৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 6 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close