Written by 6:37 pm Poems

পথিক

জোনমণি দাস

যিয়ে মোক আধা বাটত এৰি থৈ গুচি গ’ল

তেওঁৰ বাবে ৰৈ থাকোঁতে থাকোঁতে বাটটোৰো পিয়াহ লাগিল

আৰু পানী বিচাৰি বাটটোৱে বাটকুৰি বালে।

মই ৰৈ থকাতে থাকিলোঁ

ধোঁৱাৰ বৃত্তত কিছুমান চকু আঁকি আঁকি।

কঁপি থকা কুঁহিয়াৰ পাত, আৰু এটা চৰাই

কান্দি থকা বাঁহীটোৰ মাত, আৰু এটা চৰাই

কাহি কাহি বুঢ়া এজন আহিল

আৰু এমুখ খেকাৰ পেলাই ক’লে-

লংগৰ নেথাকিলে বন্দৰত নৰয় জাহাজ

নদীয়ে নিৰৱে কঢ়া দীঘল হুমুনিয়াহ

নিপুণ নাবিকেও নেদেখে।

ধোঁৱাৰ বৃত্তত মই অঁকা চকুবোৰ

সঁচাসঁচি চিলা হ’ল আৰু উৰি গ’ল বৃত্ত ভাঙি।

বুঢ়াই আকৌ ক’লে- উভতি যোৱাঁগৈ, 

অথবা আগলৈ দিয়াঁ নিজৰ খোজ৷

খোজৰ খতিয়ান নাৰাখে,

খোজেও খুচৰি নুফুৰে বাটৰ বুৰঞ্জী …

পাহাৰেও পাহৰিব নোৱাৰে ৰৈ থকাৰ শোক৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close