হৰেকৃষ্ণ ডেকা
কলম বিচাৰি আছোঁ।
বহীৰ খোলা পাত উকা।
প্ৰহৰবোৰ গৈ আছে।
দিন বাগৰিব, সময় ৰৈ নাথাকে।
খোলা পাতত নেদেখা আখৰেৰে
সময়ে লিখিব,
বছৰবোৰ যদি খোজ হয়
তোমাৰ জীৱনৰ একাশীটা খোজ পাৰ হ’ল;
কিন্তু চোৱা, বালিয়ে ঢাকি পেলাইছে
তোমাৰ আটাইবোৰ খোজ ।
সময়ে আকৌ কাণে কাণে কলে,
ঢাক খোৱা বালিৰ তলত
তোমাৰ খোজবোৰ আছে
সোঁৱৰণৰ বাবে
উত্তৰ পুৰুষলৈ।
কলমটো বিচাৰি পালোঁ।
কিন্তু বহীৰ পাতত লিখিবলৈ
মোৰ বাবে ঠাই নৰ’ল।
সময়ে কলে, এই দিনটো বাগৰিল ।
নতুন পাত এটা খোল খাব।
মই নতুন পোহৰৰ বাবে
ৰৈ আছোঁ।
বহীখন পুৰণি।
তাত আকৌ এটা পাত যোগ হব।
মই তাত লিখিম।
(কি লিখিম, কি লিখিম,
কি লিখিম!
মই নাজানো)
কলা চিয়াহীবোৰ এদিন বগা হব।
সেই দিনটো অহা নাই।
আহিলে,
সেই দিনটো মই নেদেখিম।
——-
Visited 7 times, 1 visit(s) today
Last modified: May 4, 2025