পংকজ গোবিন্দ মেধি নৱবৰ্ষৰ শুভেচ্ছা
নৱবৰ্ষৰ শুভেচ্ছা
নৱবৰ্ষৰ শুভেচ্ছাক’ত থাকে নৱবৰ্ষৰ শুভেচ্ছা
কেনেকৈ জনায় নৱবৰ্ষৰ শুভেচ্ছানৱবৰ্ষ মানে ঘড়ীৰ কাঁইটৰ
এক লহমান সময়ৰ ইফাল আৰু সিফালনৱবৰ্ষ মানে উলাহ আৰু স্ফূৰ্তি
স্মৃতি আৰু পৰিকল্পনাকাইলৈৰ পৰা মই চিগাৰেট নাখাওঁ
অথবা অন্যান্য
কাইলৈৰ পৰা মই এজন ভাল মানুহ হ’মেই হ’মকাইলৈৰ পৰা মই জঁপিয়াই পাৰ হ’ম
সকলো উন্মাদনা সকলো আসক্তিনৱবৰ্ষ মানে শপত কাণত ধৰা
মূৰ্তিৰ পদ যুগল স্পৰ্শ কৰানৱবৰ্ষ মানে ছাল চেলোৱা ছাগল
গল কটা কুকুৰা
নৱবৰ্ষ মানে পুলিচৰ হুইচেল চেক পইণ্ট জৰিমনা
নৱবৰ্ষ মানে গলাধঃকৰণ কৰি পৃথিৱীখন
নিজৰ কৰাৰ আমেজনৱবৰ্ষ মানে মনৰ বিপৰীতে বিৱেকৰ জয়যাত্ৰা
নৱবৰ্ষ মানে পৰাজয়ৰ বিপৰীতে সত্যৰ স্ফুৰণ
নৱবৰ্ষ মানে শ্মশানলৈ জীৱনৰ এখোজ আগ
নৱবৰ্ষ মানে শ্মশানলৈ যোৱাৰ আগতে
সভ্যতাক সৰ্বোচ্চ প্রদানৰ প্রতিশ্ৰুতি
আপোনাক জনাইছোঁ নৱবৰ্ষৰ শুভেচ্ছা
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা