Written by 1:08 pm Poems

নৃত্যৰতা পৃথিৱীৰ কবিলৈ

জোনমণি দাস

দুপৰীয়াটোৰ ডেউকা গজিলত

মই পানীৰ পোছাকযোৰ খুলি থ’লোঁ

আৰু আৱাহনী মন্ত্ৰৰে বোধন কৰিলোঁ

বসন্তক

শিলবোৰ নৈ হৈ বৈ গ’ল

পখিলাৰ পাখিত ৰঙা হৈ ৰৈ গ’ল ৰ’দ

মই গানত গা ধোৱা গছবোৰলৈ চালোঁ

আৰু দৃষ্টিক দৃষ্টান্ত দি বুজিলোঁ

গছবোৰে গান গাব নোৱাৰে

অথচ গছে গজাই তুলিব পাৰে

কোনেও নোগোৱা অনেক গান।

পানীৰ পোছাকযোৰ মই আকৌ পিন্ধি ল’লোঁ,

ডেউকা গজা দুপৰীয়াটোৱে

মোক দেখুৱাই দিলে

নৈ হৈ বৈ যোৱা

শিলবোৰত

বসন্ত

ৰৈ-ৰমলী…

দূৰৈত

ঢলি পৰা আকাশ।

Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close