জ্যোতিনীলিমা গগৈ
বতাহত এক আৰণ্যক মায়া আছিল
পথৰুৱা বেলিয়ে জুই দি
নৈখনিক জোকাই থকাৰ পৰত
হেমন্তৰ নিৰ্জনতাই তেওঁক
মৃত্যুৰ বাবে প্ৰৰোচিত কৰিছিল
মধুৰতম এক মৃত্যু আৱাহন
এটা শব্দৰো যে ইমান শকতি
পানীৰ গভীৰলৈ এটা বাট সাজিব পাৰে
কোনো মূমুৰ্ষ কবিক ধাৰলৈ দিব পাৰে
এহালি চৰাইৰ মাত
সাত সাগৰ বুৰিয়াই অনা যত মাণিকেৰে
তেওঁ কুসুমিত উপত্যকা সজালে
তথাপি বেথা !
টুকিব নোৱৰা এটোপাল চকুপানী
স্নেহময় কোনো এটি ক্ষণৰ
সিন্ধুমণি
তুমি গুজি দিয়া টলবল তেজৰ পোহৰ
হৃদয় ব্যাপি…
Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025