Written by 11:25 am Poems

নিজে এটা গাহৰি হৈ ঘূৰি আহিছিলোঁ

নীলাভ সৌৰভ

এটা গাহৰি ৰ’দ 

কচুতলিত সেমেকি আছে

কচুপাতত গজাল বৰষুণ

হাত ভৰি মেলি পৰি আছে ফটাকানি পথ

ভঁৰালেটা উঁইৰ অট্টালিকা, ছালখন ৰ’দ

ৰ’দখিনি আকাশ

আকাশ ডাৱৰীয়া

ডাৱৰত পানী

পানীত লতা

লতা নৈ

নৈত বেলি

বেলিটো গাহৰি

গাহৰি কচুতলিত

পাঠক, ৰুচিত যতি চিন দিবলৈ মই কোন

উৰাই ঘুৰাই পঢ়িব পাৰিব

কাৰণ এই বিচৰণে আপোনাক এটা গাহৰি কৰিব 

পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰাব

ঘুৰি আহি ফটাকানি পথৰপৰা নামি কেঁকুৰিটোতে 

আপোনাৰ ঘৰখন আছিল

পদূলি মূৰতে গোহালি এটা আছে

পিছফালে কচুৱনি

চিনি পাইছেনে

চকু মেলি চাওক

কি সলনি হ’ল আপুনি নে ঘৰখন  

ঠিকনা :

দীঘলীআটি, ৰহা, নগাওঁ (অসম)

ডাক সূচাংক : ৭৮২১০৩

ভ্ৰাম্যভাষ: +৯১ ৮৬৪৮ ৮৯০৯০

       +৯১ ৯৪৩৫০ ০৩৮২৪

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close