Written by 8:11 am Poems

নিজগৰী

নীলিমা ঠাকুৰীয়া হক 

কেঁচীৰে কেঁচ কেঁচকৈ কলাফুললৈ কাটি দিলে
তাৰ উঁৱলি যোৱা জিনছৰ তলছোৱা
কেঁচ কেঁচ শব্দটোৱে আৰু বহু কিবাকিবি কাটিলে
এঙেৰুৱা ছালৰ তলত ঘাম হৈ বৈ থকা কথাবোৰ

তাৰ আকাশখনো বিবৰ্ণ জিন্‌ছ
তলত বানৰ বালিয়ে পোতা গাঁওখনৰ কবৰস্থান
খেৰৰ চালত সপোনৰ তৰাফুল গুজি দিব নোৱাৰে
জীৱনৰ এছোৱা কাটি থৈ আহিছে
জোনাকেৰে লেপি লেপি মচা চোতালৰ একোণত
টোপ টোপকৈ সৰা হাঁহিটো
নিজে নিজে কটা গ’ল

যেতিয়া ৰ’দৰ বেজীয়ে সীয়ে মানুহটোক
পোৰা আঙুলিৰে লিখে সি ৰিক্সাৰ হুডত
আত্মকথাৰ বকলা সেইখন
মাজে মাজে খোলে আৰু জপাই থয়
অলিয়ে গলিয়ে ঘূৰা ৰিক্সাৰ চকাৰ তলত
কত পদ্য পিহা যায়, গল্পৰ গজালে টায়াৰ ফুটায়

ছিগনেলৰ ৰঙা চকু যহন-তহন
পুলিচৰ লাঠিৰ কোবত কেতিয়াবা
ঝনঝনকৈ বাজি উঠে পেটৰ কাঁহীখন
আৰু হেৰায়ো যায় বাটৰুৱা আৰু বাহনৰ আৱাজত

কলাফুলৰ পেশীৰে উশাহ উজোৱা সময়ত
সন্ধিয়াটো গাঢ় হয়। আত্মকথাৰ বকলাত
আন্ধাৰৰ পাখি গজে, বিষাদ উৰে
হেৰোৱা গাঁওখনৰ বাঁহপাতবোৰেৰে পিছলি
কিবা এটা বৈ আহে
নৈ নে গান
মৃদু লহৰ, গুণগুণ গুণগুণ

এগিলাছ দুখৰ ওঁঠত ওঁঠ থয় সি
গিলাছত উপঙি থাকে তৃতীয়াৰ জোন
নিজানৰ লগৰী তাৰ
নিজগৰী কথোপকথন।শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close