Written by 7:36 am Poems

নিচুকনি গীতত টোপনি নাহে…

 অৰ্চনা ঠাকুৰীয়া

এইমাত্ৰ 

ঠিক সূৰ্যোদয়ৰ পূৰ্বে 

জী উঠিছে মোৰ চহৰ

কুশল প্ৰেমিকৰ 

স্পৰ্শত প্ৰাণ পাই উঠিছে 

দিগম্বৰী বালাৰ অহল্যা বুকু

কেনেকৈ কাটি গ’ল ৰাতি

তোমাক বাৰু কিয় ক’ম 

মোৰ ভাগৰ সুখকণ 

কিয়নো ভগাম তোমাৰ স’তে

ফ্লাইঅভাৰৰ খুটাবোৰ এতিয়াও উকা হৈ আছে 

‘ছাৰৰিয়েলিজম’ত বিশ্বাসী মোৰ বাহাদুৰ প্ৰেমিকে 

আজি টোপনি নগৈ 

ছবি আঁকিব- 

লকলকাই থকা জিভাই চেলেকি খোৱা 

পথাৰৰ বিজলুৱা শেলুৱৈ 

অথবা নিগনিয়ে কুটি পেলোৱা 

কোনোবা বতাহীৰ 

চিকুণ টোপোলা

আকাশখন গোমা

টোপটোপে সৰিছে পানী 

ভাগৰত গলিছে গান

নিচুকণি গীতত এতিয়া টোপনি নাহে 

ভাগেহে

পৰিচয় বেচি

ঠিকনা কিনিম নেকি মই 

টোকা : ছাৰৰিয়েলিজিম-(surrealism) :  Free form of writing or art work, মনলৈ যি আহে তাকেই ছবি আৰু লিখনিৰ জৰিয়তে প্ৰকাশ কৰা ধৰণৰ এক শিল্প আন্দোলন।

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close