ধ্ৰুৱকুমাৰ তালুকদাৰ
ধূলিৰ তৰপবোৰ মচি আছোঁ-
দুৱাৰখন বন্ধ কৰিবলৈ মন নাযায়
হয়তো কোনোবা আহি ওলাব
কেইটামান মহ
মাখি
হয়তো এজনী মেকুৰী…
মকৰাৰ জালবোৰ চাৰিওফালে আছে
মকৰাবোৰ নাই
বিছনাৰ তলত ঘূণৰ গুড়ি
ঘূণপোকবোৰ নেদেখোঁ-
বাহিৰত ৰ’দ খেলাবোৰ চাই থাকোঁ
বতাহ আৰু বৰষুণ গান
শুনি থাকোঁ শুনি থাকোঁ
শুনা নাপাওঁ
ধূলিৰ তৰপবোৰৰ মাজত
এটা আচঁ টানি ৰাখিব পাৰি
নমচাকৈ
কাইলৈ হয়তো তাত এটা নতুন তৰপ পৰিব
হয়তো ধূলিৰে…
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025