প্ৰশান্ত মিশ্ৰ
তুমি দেখিছা
নিদাঘ ৰ’দত পোৰা মুখ।
তুমি দেখিছা
বৰষুণৰ টোপাল চুলিৰ মাজেৰে
সৰকি পৰা মুখ।
তুমি দেখিছা
জুহালৰ উত্তাপত ৰঙা পৰা মুখ।
তুমি দেখিছা
ৰক্তহীনতাত শেঁতা পৰা মুখ।
তুমি দেখিছা
পুৱাৰ কিৰণত হালধীয়া ৰহণ সনা
দুৰন্ত ৰাতিৰ সেই নয়ন আকুল মুখ।
কাজল সনা দুচকুৰ মাজেৰে
নোকোৱাখিনি ক’ব খোজা মুখ।
আঁঠুত গুঁজি থোৱা অভিমানী মুখ।
যৌৱন উদ্দীপ্ত স্বপ্নময় মুখ।
প্ৰথম স্পৰ্শৰ ভয়াৰ্ত মুখ।
উজাগৰী নিশাৰ কলিজা কঁপনিৰ নীলা মুখ।
অৱসাদৰ নিদ্ৰালু মুখ।
তুমি নেদেখা
মোৰ আন এখন মুখো আছে।
আৰালত উচুপি থকা মুখ।
উচুপনি ঢাকি মই হাঁহি থাকোঁ।
সেইখন মুখকেই তুমি দেখি থাকা।
ঠিকনা:
যোৰহাট
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025