Written by 2:02 pm Poems

নাম

 প্ৰেমনাৰায়ণ নাথ

দেখিছিলো জাপানী কবিতাৰ চেৰীফুল

টুৱেনছাঙৰ পাহাৰত

শেৱালিৰ দৰে তল ভৰি নসৰে

মাথোঁ এজাৰবুলীয়া বেজাৰ সানি যেন সুৱাগুৰি  তোলে

মৰমসনা পাহিবোৰত মিহি মিহি আখৰৰ

কোমল হাইকুবোৰ

যেনি তেনি ওলমি আছিল

কোনো ফুলেই কাহানিও কথা কোৱা শুনা নাই

কোনো ফুলেই কাহানিও মনৰ কথা কোৱা নাই

কোনো ফুলেই কাহানিও তোমাৰ কথাও লিখা নাই

এতিয়া দেখোন সকলোতে লিখা আছে তোমাৰ নাম

আকাশত বতাহত  উশাহত নিশাহত

ৰ’দত জোনাকত  সপোনত দিঠকত

যেনি তেনি চেৰীফুল হাইকু

চেৰীফুল হাইকু

বতাহত সিঁচি দিয়া মাত এটাৰ দৰে

পথাৰত সিঁচি দিয়া শইচৰ দৰে

তোমাৰ নাম

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close