Written by 4:54 am Articles

নতুন ব্যঞ্জন বিচাৰি

সঞ্জীৱ সভাপণ্ডিত

মানুহে কয় আৰু আমিও বহু দিনৰ পৰা শুনি আহিছোঁ যে অসমখন এখন সমস্যাজৰ্জৰ ৰাজ্য৷ কথাবোৰ এনেকৈ শুনা যায় যে সমস্যা কেৱল অসমৰহে আছে আৰু পৃথিৱীত ক’তো কাৰো আমাৰ সমান সমস্যা নাই৷ শুনি শুনি এনেকুৱা হ’লগৈ যে অসমীয়াবিলাকে এটা Persecution complex-তে ভুগিবলৈ ল’লে৷ কাৰণ ইমান সমস্যা নিজে নিজে হ’ব নোৱাৰে— কোনোবাই নিশ্চয় কৰাই আছে৷ নহ’লে হ’বই নোৱাৰে৷ অৰ্থাৎ বাহিৰৰ কাৰকেহে অসমৰ ইমানবোৰ সমস্যা সৃষ্টি কৰি আছে বা আহিছে৷

কথাটো শুনি শুনি মানুহে এনেকৈ বিশ্বাস কৰিবলৈ ল’লে যে সমস্যাবিলাকৰ সমাধান হিচাপে এই বাহিৰা ‘শত্ৰু’-বিলাককে ‘নিধন’ কৰিবলৈ আমাৰ মানুহবিলাক যেন জাঙুৰ খাই থকাটো অৱধাৰিত হৈ পৰিল৷

কথাটো বিশ্বাস কৰিবলৈ টান হয়৷ অন্য মানুহ অত্যন্ত আচৰিত হয়৷ কিন্তু অসমীয়া মানুহে এইটো পৰম সত্য বুলিয়েই মানি লৈছে যে অসমৰ সকলো সমস্যাৰ কাৰকবোৰ হ’ল ‘বাহিৰা শক্তি’৷ এইটো এটা স্বয়ংসিদ্ধ কথা বুলি এনেকৈ ভাবি লোৱা হৈছে যে সমস্যা লাগিলে যিয়েই নহওক কিয় বস্তু-বাহানিৰ দাম বঢ়া, বানপানী বা খহনীয়া হোৱা, পৰীক্ষাৰ ৰিজাল্টত বিসংগতি হোৱা আদি যিকোনো কথাকে বাহিৰা বা অন্য মানুহে কৰিছে বুলি ভাবি লৈয়েই উৰাই-ঘূৰাই খং জাৰিবলৈ লাগি যায়৷

আলুৰ দাম ২০ টকা বুলিলে আমাৰ মানুহৰ খং উঠে; কিন্তু কিমান হ’লে বা খং নুঠিলহেঁতেন! আলু খেতি যিহেতু নিজে নকৰে, গতিকে দাম কিমান হোৱা উচিত সেইটো নাজানেও!

এই কথাটোৰ ফল কিন্তু আমাৰ কাৰণে বৰ ক্ষয়ংকৰী হৈছে৷ যিবোৰ দুষ্ট মানুহে আৰু দুষ্ট কাৰকে বেয়া কামবোৰ কৰি আছে, তেওঁলোকে মানুহৰ খং অন্যফালে ঢাল খোৱা দেখি বৰ স্ফূৰ্তি পাইছে আৰু সেই ভুল তথা বদমাচিৰ সমষ্টিৰে জীৱনটো কটাই দিবলৈ বেপৰোৱা হৈ চলি আছে৷

এটা উদাহৰণ দিলেই আচলতে যথেষ্ট৷ মেট্ৰিক পৰীক্ষা বা উচ্চতৰ মাধ্যমিক পৰীক্ষা বা আজিকালিৰ মুক্ত বিদ্যালয়ৰ পৰীক্ষাবিলাকৰ প্ৰক্ৰিয়াবিলাক মই অলপ ওচৰৰ পৰা দেখিছোঁ৷ আমাৰ শিক্ষকসকলৰ কামৰ যিহে নমুনা, দেখিলে চকু কপালত উঠিব! সমাজত গণ্য-মান্য ব্যক্তি হৈ মেলে-মিটিঙে ভব্য-গব্য মানুহ হৈ সন্মান-সম্বৰ্ধনা লৈ ঘূৰি ফুৰাসকলে যে Top Sheet-খন শুদ্ধকৈ লিখিব নোৱাৰে, নম্বৰকেইটা শুদ্ধকৈ যোগ কৰিব নোৱাৰে, ভুলকে শুদ্ধ কৰে— শুদ্ধকে ভুল বোলে ভাবিলে আচৰিত লাগে৷ বহুত পৰীক্ষা কেন্দ্ৰত SO মানে Supervising Officer-ক সোমাবলৈকে নিদিয়ে— নকল কৰাৰ পোহাৰ পাতিবলৈ— চকু মুদি থাকে, ‘মোৰ কেন্দ্ৰৰ ৰিজাল্ট ভাল কৰিবৰ বাবে’!

বাকীবোৰ কথালৈ নাযাওঁ বাৰু৷ কিন্তু খেলিমেলিবোৰৰ কাৰণে শিক্ষামন্ত্ৰী বা অধ্যক্ষহে ৰাজহুৱা ৰোষত পৰিব লাগে৷ লাখ লাখ বহী, মানুহৰ ওপৰত নিৰ্ভৰ কৰিবইতো লাগিব; কিমান চকু দিব, টকা লৈ পৰীক্ষাত নকল কৰিবলৈ সুবিধা দিয়াজনে কেন্দ্ৰত নিমাখিত মুখ এখন দেখুৱাই যিহে ভেশ দিবহি, কাৰ সাধ্য ধৰা পেলোৱাৰ!

এইবিলাক কথা চলি আছে৷ আমাৰ চোকাটেকেলা সাংবাদিকে কিন্তু এইসৱক জৱাবদিহি কৰা নাই৷ কেৱল মুৰব্বীজনকে ধৰি আছে৷ ফলত ‘হত্যাকাৰী’ সাৰি গৈছে৷

এইখিনিতে মই ক’ব খোজা কথাটো আহি পৰেহি৷ কোনে কেনেকৈ কি কৰিব?

এইটো দেখ দেখ কথা যে আমাৰ সমাজত প্ৰায় ৯০% মানুহ যিকোনো কামৰ বাবে দৰাচলতে অযোগ্য– কেৱল জৈৱিক-জান্তৱ ক্ৰিয়াখিনিৰ বাহিৰে৷ গতিকে এই মানুহৰ পৰা ভাল কাম আশা কৰাটোৱেই ভুল৷

আকৌ শিক্ষা ব্যৱস্থাটোৰ ভিতৰৰ ফোপোলা স্বৰূপটোৰ কথা যিহেতু বুজিলোঁৱেই, সেই ব্যৱস্থাটোৰে এই মানুহক ঠিক কৰিবলৈ বিচৰাটোও বাতুলতা মাত্ৰ৷

মোৰ পৰিসংখ্যাটো পাঠকে আক্ষৰিক অৰ্থত ল’ব নালাগে৷ কাৰণ, এইটো কোনো জৰীপ বা সমীক্ষাৰ পৰা পোৱা তথ্য নহয়৷ বয়সৰ অভিজ্ঞতাই কিছুমান কথা কয় আৰু এই পৰিসংখ্যা সেই ধাৰণাৰে ফল৷ ব্যক্তিগতভাৱে মই সকলোকে ভালেই দেখিম, কিন্তু কাপোৰৰ তলত সকলো উলংগ হোৱাৰ দৰে, চাৱনিৰ আঁৰত প্ৰায় সকলোৱেই সেই চৰিত্ৰৰ৷

গতিকে সমস্যাটো বাহিৰৰ নহয়৷ আমাৰ এই নদীপ্ৰধান ঠাইৰ বানপানী-খহনীয়াৰ সমাধান ৰাজস্থান-দিল্লী-হাৰিয়ানাৰ খৰাং মৰুভূমিসদৃশ ঠাইৰ মানুহে দিব বুলি ভাবি লাভ নোহোৱাৰ দৰে, এই সমস্যাৰ সমাধান আন কোনোবাই কৰি দিব বুলি ভাবি একো লাভ নাই৷

মোৰ এই লেখাৰ অভিকেন্দ্ৰ এইখিনিতেই৷ কি কৰা যায়? কেনেকৈ কৰা যায়? কোনে কৰিব?

আমাৰ সমাজত .০১% মান মানুহে অলপ ঠিককৈ কথা ভাবিব পাৰে৷ বৰ্তমানলৈকে দেখা পোৱা কবি-গল্পকাৰ-নিবন্ধকাৰ-ঔপন্যাসিক সকলোৱে কেৱল এক কাল্পনিক শত্ৰুৰ কথাহে কৈ আছে৷ হয়, ৰাজনৈতিক নেতাজনক বা সমাজৰ ধনী কাৰোবাক বা তেনে কাৰোবাক Villain– খলনায়ক সজাই সমাজ সংস্কাৰ কৰাৰ অলীক সপোনত বিভোৰ হৈ বহি আছে৷ তেওঁলোকে এনে পাঠকসমাজ সৃষ্টি কৰি লৈছে য’ত কেৱল তেওঁলোকৰ মতবাদৰ প্ৰশস্তিহে হয়৷ আচল কথাবোৰ তল পৰিয়ে থাকে৷ দুখীয়া মানুহবোৰ সৎ আৰু পৱিত্ৰতাৰ প্ৰতীক হৈ থাকে; ধনী মানুহবোৰ অসৎ আৰু দুষ্টামি বা অপৰাধৰ প্ৰতীক হৈ থাকে।

এই গোটেইবোৰ ধ্যান-ধাৰণা সলনি কৰিবৰ হ’ল৷

আমি গজল শুনি ভাল পাওঁ৷ গজলবিলাক বিৰহৰ গীত- নাৰী সৌন্দৰ্য প্ৰলেপনৰ গীত৷ এনে গীতত ছোৱালীবিলাকক চন্দ্ৰ-তৰা-ফুল-সুগন্ধিৰ লগত ৰিজাই ৰিজাই একোটা passive মাংসপিণ্ডলৈ ৰূপান্তৰিত কৰা হৈ গৈছে আৰু তাকে আমি প্ৰেমৰ গীত বুলি মহীয়ান কৰি গৈ আছোঁ৷

ৰাজ কাপুৰৰ ‘ববী’ চিনেমাখনত শৈলেন্দ্ৰ সিং আৰু লতা মংগেশকাৰে এটা গান গাইছে– তুমি যদি মাৰাৰ ঘৰলৈ যোৱাঁগৈ, তেন্তে মই এজনী সতিনী লৈ আনিম ! এনে ধমকি শুনি নায়িকাই কৈছে লেতু-সেতু হৈ – মই মাৰ ঘৰলৈকে নাযাওঁ তেনেহ’লে৷

আমি এনেবোৰ কথা শুনি শুনি অভ্যস্ত হৈ গৈছোঁ যে ইয়াতকৈ বেলেগ কিবা শুনি হজম কৰিবলৈ আমাৰ মগজুৱে নকয়েই৷

এনেকুৱা গান শুনিবলৈ বিচৰাটো দুৰূহ কল্পনা য’ত এজনী ছোৱালীয়ে কৈছে– তুমি এনেকুৱা কিয় নোহোৱাঁ, যি পৃথিৱীখনক মানুহৰ দানৱীয়তাৰ পৰা ৰক্ষা কৰিব পাৰে বা তোমাৰ চৰিত্ৰত মোক দেখুওৱা সূৰ্য ৰশ্মিৰ প্ৰেম যি প্ৰেমে জীৱন জন্ম দিয়ে বা তুমি এনেকুৱা পুৰুষৰ ৰূপত কিয় উদ্ভাসিত নোহোৱাঁ, যি নাৰীক ৰান্ধনীঘৰৰ পৰা চাৰিঘণ্টা হ’লেও মুক্তি দিয়ে৷ পুৰুষে সদায় কিয় গানে- কবিতাই নাৰীক বখানি থাকে৷ নাৰীয়ে কিয় নিলিখে কেনে পুৰুষ তেওঁলোকে বিচাৰে৷ নাৰীয়ে কিয় কেৱল অলংকাৰ আৰু প্ৰসাধনেৰে নিজৰ সৌন্দৰ্য জাহিৰ কৰিব লাগে৷ পুৰুষে যেনেকৈ কেৱল বাণী (বাক্য অৰ্থাৎ কথা)-ৰে নিজৰ শোভা বঢ়ায়, নাৰীয়ে কিয় তেনেকৈ নোৱাৰে৷ সমাজে এই কথা কিয় নিবিচাৰে৷ সমাজে কিয় এনেকুৱা কথা দাবী নকৰে৷

পৃথিৱীখন প্ৰধানকৈ পুৰুষেই চলাই আছে৷ তেনেস্থলত নাৰীয়ে গানে- কবিতাই কিয় পুৰুষক প্ৰশ্ন নকৰে–পৃথিৱীখন এনেকৈ ইমান বেয়া কিয় কৰিছা!

গতিকে আমাৰ মানুহে চিন্তা সলনি কৰিব লাগিব৷ শংকৰদেৱ-লক্ষ্মীনাথে যি লিখিলে লিখিলে– যি কৰিলে কৰিলে৷ ভবেন্দ্ৰনাথে-লক্ষ্মীনন্দনে যি লিখিলে লিখিলে– যি কৰিলে কৰিলে৷ যি মানুহ যি সময়ত আছিল- তাক সেই সময়তে বিচাৰ কৰিব লাগে৷ শংকৰদেৱৰ ৰজা বা নাৰীৰ প্ৰতি দৃষ্টিভংগী আজি বিচাৰ কৰি লাভ নাই৷

আজিৰ তাৰিখত আমি কি কৰি আছোঁ, সেইটোহে লাগে৷ আজিৰ কাম আৰু কথা কেতিয়ালৈকে টিকি থাকিব, সেইটোহে লাগে৷ আমাৰ বহুত জনজাতীয় বাই-ভনী আছে– যিবিলাকৰ বহু বিচিত্ৰ বেশভূষা, খাদ্য-নৃত্য-সংগীত আছে; সেইবোৰ ভাবি বা পাগুলি থাকি একো লাভ নাই৷ অতীতক মানুহৰ প্ৰয়োজন আছে; কিন্তু মানুহ কেৱল অতীতক লৈয়ে জীয়াই নাথাকে৷ বিহু আৰু সত্ৰীয়া নৃত্য পাগুলি থাকিলে আমি মিউজিয়ামৰ সঁচহে হ’মগৈ৷ লুইত লুইত বুলি ইনাই বিনাই থকা অসমীয়াই লুইতৰ ওপৰত এখন দলঙো সাজিব পৰা নাই– লুইতৰ বুকুৱেদি যাবলৈ এখন নাৱো সাজিব পৰা নাই৷

গতিকে এনেকুৱা ফটুৱা কথাবোৰ আমাক নালাগে৷ আমাক আচলতে আমাৰ বহুত কথাকে নালাগে৷ আমাৰ লেখক-সাহিত্যিক-চিন্তাবিদ-বুদ্ধিজীৱি প্ৰায়বিলাককে নালাগে৷ মানুহক ভৱিষ্যতৰ দিশ দিব নোৱৰা লেখক-সাহিত্যিক-চিন্তাবিদ-বুদ্ধিজীৱিৰ কোনো প্ৰয়োজন নাই৷ শব্দৰ অভিসাৰে ভৱিষ্যতৰ প্ৰেম নানে৷

আজি অসমৰ ৰাজহুৱা প্ৰেক্ষাপটত কেৱল ৰাজনীতিবিদৰ পয়োভৰ- বলিয়া গায়কৰ পয়োভৰ- মাতাল চেলেপু সাংবাদিকৰ পয়োভৰ- কিছুমান চেৰাবলিয়া নতুন চেঙেলীয়াৰ পয়োভৰ৷ সিহঁতৰ হঠাৎ সৰ্বত্ৰ অসম প্ৰেম! সিহঁতে অসম মানেও নাজানে, প্ৰেম মানেও নুবুজে৷

মই নতুন চিন্তাৰে মানুহক লিখিবলৈ ক’লেও নহ’ব৷ প্ৰকাশ মাধ্যমে প্ৰকাশো কৰিব লাগিব৷ আচলতে প্ৰকাশ মাধ্যমৰহে দায়িত্ব বেছি এই ক্ষেত্ৰত৷ We must not remain confined to history; we must create history৷ কথা নহয় কাম– কেৱল কাম নহয় চিন্তা– কেৱল চিন্তা নহয় ভাব- কেৱল ভাব নহয় দৃষ্টি- কেৱল দৃষ্টি নহয় সময়৷

এই সময়ক বুজা মানুহ লাগে৷ এয়া দুৰ্দান্ত সময়৷ মানুহ-অমানুহৰ মাজৰ সন্ধিক্ষণ৷ সমস্যাক সুবিধা তথা সম্ভাৱনালৈ ৰূপান্তৰিত কৰাৰ ক্ষণ! অযোগ্য অপদাৰ্থক দলিয়াই পেলোৱাৰ সময়৷ সাহিত্য-সংস্কৃতি-ভাব-চিন্তা-কামত নতুন ব্যঞ্জনৰ সোৱাদ লোৱাৰ সময়৷ নাৰীক পণ্য সামগ্ৰী কেৱল পশ্চিমীয়া সভ্যতায়েই কৰা নাই৷ ভাৰতীয় সংগীত-মূল্যবোধেও কৰিছে৷ অযোগ্যক বৰপীৰা পাৰি দিয়াটো– নিজৰ জাতিভাই বুলি আমাৰেই কাম৷

এতিয়া সময় নতুন চিন্তাশীল চামক সামাজিক দৃশ্যপটলৈ স্বাগতম জনোৱাটো!     

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 16, 2025
Close Search Window
Close