পাঁচ
বহাগ মাহ সোমাল৷
তেমেকাহঁতে বহাগ বিহুৰ সোৱাদ তেতেলীয়াৰ মানুহবোৰৰ লগতে ল’লে৷ তেতেলীয়াৰ ডেকাবোৰৰ লগতে ঘৰে ঘৰে হুঁচৰি মাৰিও আনন্দ কৰিলে৷ বিহুৰ লগে লগেই আৰম্ভ হৈছিল গোসাঁই উলিওৱা মেলা৷ মেলাত তেতেলীয়া ৰাজ্যৰ বিভিন্ন গাঁৱৰ মানুহে যোগদান কৰি এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছিল৷ নামতী-আয়তীয়ে নাম গাই গাই ৰাতিপুৱাই গা ধুৱাই গোসাঁই সেৱাৰ বাবে সাজু কৰিছিল তেতেলীয়া ৰজাক৷ আনফালে ৰাতিপুৱাই ৰাইজে নিয়ম-নীতিৰে ঘিঁউ, মৌ, এঁৱা গাখীৰ, তুলসী-দূৱৰি আদিৰে গোসাঁইক গা ধুৱাইছিল৷ ৰজাকে ধৰি ৰাজ্যখনৰ সকলো মানুহৰে আৰাধ্য দেৱতা হ’ল এই গোসাঁই৷ ৰজা, ডেকাৰজা, পাতৰ আদিয়েও নামঘৰলৈ গৈ গোসাঁইক সেৱা জনাইছিল৷ গোসাঁই নামঘৰৰ পৰা উলিয়াই আনিবৰ সময়ত নামতী-আয়তীয়ে নাম গাইছিল আৰু ৰাইজে হৰিধ্বনি দিছিল৷ ৰাইজে গোসাঁই কান্ধত লৈ অহা বাটতো নামতী-আয়তীয়ে নাম গাই গাই আহিছিল৷ ৰজাৰ পদূলিমুখ আহি পাওঁতে ৰজাই ধূনা জ্বলাই গোসাঁইক সেৱা কৰিছিল৷ তাৰ পাছতে ৰজাই মেলাথলীলৈ নিয়াৰ সময়ত গোসাঁইৰ লগে লগে গৈছিল৷ এই মেলাতে তেমেকা আৰু কেৰ্পায়ে হাতত ঢাল-তৰোৱাল লৈ বাৰু খেলিছিল৷
লক্ষণসিংহঁতে এইবোৰ কামৰ ক’তোৱেই সহযোগ কৰিব নোৱাৰিলে৷ গোসাঁই উলিওৱা মেলালৈ কোনো চোৰাংচোৱা আহি তেওঁলোকৰ সম্ভেদ ল’ব পাৰে বুলি তেওঁলোকে ভয় কৰিলে৷ তেওঁলোক কপিলী পাৰৰ ঘৰটোতে সোমাই থাকিল৷
আজি তেমেকা আৰু কেৰ্পাইক লক্ষণসিঙে কপিলী পাৰৰ ঘৰটোলৈকে মাতি পঠিয়াইছে৷ প্ৰায় দুমাহ সময়ৰ দিনবোৰ তেমেকাহঁতে তেতেলীয়া ৰজাৰ ঘৰতে কাম-বন কৰি কটাইছে৷ মাজতে সিহঁতে খবৰ পাইছিল মহী কোঁচ আৰু কলি ডেকাক চিপাহীয়ে ধৰি জেলত ভৰাইছে৷ এতিয়া অকল লক্ষণসিং, ৰংবৰ আৰু চাংবৰকহে ধৰিবলৈ বাকী আছেগৈ৷ ইঁংৰাজৰ বিচাৰত এইকেইজন ব্যক্তি আটাইতকৈ বেছি অপৰাধী৷ চিপাহীৰ অত্যাচাৰ ৰহা-ফুলগুৰি ফালে কমাই নাই হেনো৷ লক্ষণসিংহঁতক বিচাৰি মানুহবোৰৰ ওপৰত অত্যাচাৰ কৰিয়েই আছে৷
তেমেকা আৰু কেৰ্পাই লক্ষণসিংহঁত থকা ঘৰটোলৈ সোমাই গ’ল৷ সিহঁতে দেখিলে লক্ষণসিঙকে ধৰি আটাইকেইজন মানুহ গহীন হৈ বহি আছে৷ তেমেকাহঁতক দেখি লক্ষণসিঙে সিহঁতক বহিবলৈ দিলে৷ তেমেকাহঁত বহিল৷
অলপ সময় পাৰ হ’ল৷
লক্ষণসিঙে সিহঁতক ক’লে– “কালি তেতেলীয়াৰ ৰজাৰ লগত বহুত কথা পাতিছিলোঁ৷ বাৰিকা ভৱই কি খবৰ আনিছিল নিশ্চয় গম পোৱাঁ৷ মহী কোঁচ আৰু কলি ডেকাকো চিপাহীয়ে ধৰিলে৷”
“হয় হেনাপতি, ভৱই আমাক কথাটো কৈছিল৷”
“এতিয়া থাকিলোঁগৈ আমি তিনিজন৷ আনফালে আমাক বিচাৰি চিপাহীয়ে মানুহবোৰক অত্যাচাৰ কৰি আছে৷ ইমান দিন হ’ল সিহঁত গুচি যোৱা নাই৷ আৰু আমাৰ মানুহবোৰে ইমান দিন ধৰি কিমান অত্যাচাৰ সহ্য কৰিব! তাকে ভাবিছোঁ আমি ভবা কামটো কৰিব লাগিব৷ নহ’লে নহৈছেগৈ৷”
“কি কাম হেনাপতি মহাহয়?”
“আমি আত্মসমৰ্পণ কৰিম৷ চিপাহীৰ হাতত ধৰা দিম৷”
“ব’ বেয়া কথা হ’ব মহাহয়৷”– তেমেকাৰ গাটো শিঁয়ৰি উঠিল৷ “চিপাহীয়ে পালে আপোনালোকক বহুত হাস্তি দিব৷ আউ ইংআজঅ আদালতে কি হাস্তি দিব ঠিক নাই৷”
“যি শাস্তিয়েই নিদিয়ক আমি ধৰা দিব লাগিব৷ চিপাহীয়ে আমাকেই বিচাৰি ফুৰিছে৷ আমাক নাপাই ৰাইজক অত্যাচাৰ কৰিছে৷ এতিয়া বহাগৰ আধা দিনেই গ’ল৷ ৰাইজে পথাৰত হাল মাৰিব পৰা নাই৷ লুকাই ফুৰোঁতেই গৈছে৷ কোনোবাই পথাৰত হাল মাৰি থকা চিপাহীয়ে দেখা পালে ধৰি নি শাস্তি দিছে৷ মুঠতে মানুহবোৰক একো কৰিব নোৱৰা কৰিছে৷ আনফালে সিহঁতক খোৰাকি যোগান দিব লাগে৷ যোৱা বছৰ বহুতে ধান কাটিবলৈ নাপালে৷ ইমান কষ্ট কৰি কৰা খেতিৰ ফচল পথাৰতে জহি-খহি গ’ল৷ মানুহবোৰৰ ফচলবোৰ একো কামত নালাগিল৷ বহুতে পলাই যোৱা বাবে ঘৰৰ বস্তু-বাহানি আৰু ভঁৰালৰ ধান ভঁৰালতে এৰি থৈ গ’ল৷ জংঘলে জংঘলে পলাই ফুৰোঁতে খোৱাবস্তু লগত নথকা বাবে মানুহবোৰে জংঘলত পোৱা অখাদ্য খাবলগীয়া হৈছে৷ তাৰ বাবে মানুহবোৰ বেমাৰত পৰি মৃত্যু মুখত পৰিছে৷ ৰাইজক ইমান কষ্ট দিব নোৱাৰি৷ আমি আত্মসমৰ্পণ কৰিম আৰু মানুহবোৰক অত্যাচাৰ কৰাটো বন্ধ কৰিবলৈ ক’ম৷ আমি আত্মসমৰ্পণ কৰিলেই চিপাহীয়ে নিশ্চয় ৰাইজক হাৰাশাস্তি কৰাটো বন্ধ কৰিব৷”
লক্ষণসিং অলপ ৰ’ল৷ তেওঁৰ কথা শুনি তেমেকাৰ চকুলো ওলাই আহিল৷ তাৰ মনত দুখ– তাৰ প্ৰভুস্বৰূপ মানুহজনক সি হেৰুৱাব৷ লক্ষণসিঙে পুনৰ ক’লে– “তোমালোকে আমাৰ লগত বহুত খাটিলা৷ শেষ মুহূৰ্তত আমাৰ কথাবোৰ তোমালোকক নজনালে আমাক পাপে চুব৷ সেইবাবেই কৈছোঁ৷”
“তেতেলীয়া অজাই কিবা কৈছিলে নাকি?”
“কৈছিলে৷ বহুত কথাই কৈছিলে৷ তোমালোক সেইখিনি সময়ত ৰজাৰ ঘৰত নাছিলা৷ পাহাৰৰ পৰা বাঁহ আনিবলৈ গৈছিলা৷ ৰজাই আত্মসমৰ্পণ কৰিব নালাগে বুলি বাৰে বাৰে কৈছিল৷ আমি নামানিলোঁ৷ আমি আত্মসমৰ্পণ কৰিলেই যদি ৰাইজৰ মাজলৈ শান্তি ঘূৰি আহে তেন্তে আমি তাকে নকৰোঁ কিয়? আদালতে যি শাস্তি দিয়ে দিব৷ আমি হেলাৰঙে সেই শাস্তি মূৰ পাতি ল’ম৷ আমি মাত্ৰ আমাৰ বাবেই ৰাইজক হাৰাশাস্তি কৰিব নালাগে বুলি অনুৰোধ কৰিম৷ যদি মোৰ ফাঁচিৰ নিৰ্দেশ হয়, তেন্তে শেষ ইচ্ছা হিচাপে কৰৰ পৰিমাণ কমোৱাটো আৰু ৰাইজক হাৰাশাস্তি নকৰাটোৰ কথাকে ক’ম৷ ডিচি স্কনচৰ বিচাৰ হোৱাটোও বিচাৰিম৷ বিচাৰৰ সময়ত আদালততো এইবোৰ কথা ক’ম৷”
“আমাকো ফাঁচি দিলে আমিও এইখিনিকে শেষ ইচ্ছা হিচাপে ক’ম৷”– ৰংবৰ আৰু চাংবৰেও লগে লগে মাত দিলে৷
“দিবও পাৰে৷ মই সৈন্যবাহিনী পৰিচালনা কৰি ইংৰাজৰ বিৰুদ্ধে যুঁজিছিলোঁ৷ মোৰ সৈন্যৰ হাতত সিহঁতৰ চিপাহী আহত আৰু নিহত হৈছে৷ এই ৰংবৰ আৰু চাংবৰে ছিংগাৰ চাহাবক মাৰি কলঙত উটুৱাই দিছিল৷ এইবোৰ কথা আদালতত আমাৰ মানুহবোৰক জেৰা কৰা উকিলে উলিয়াই লৈছে বুলি মই গম পাইছোঁ৷ কিন্তু নাজানো আমাৰ কি শাস্তি হ’ব! মুঠতে এতিয়া ৰাইজে চিপাহীৰ অত্যাচাৰৰ পৰা ৰেহাই পাব লাগে৷ ৰাইজে শান্তিৰে কাম-বন কৰি খাব পৰা হ’ব লাগে৷ হয়, আমাৰ লগত উন্নত বন্দুক-বাৰুদ নথকা বাবে আমি ধেৱাখনত ইংৰাজক হৰুৱাবলৈ সমৰ্থ নহ’লোঁ৷ কিন্তু আমাৰ জীৱনৰ বাবদ আমি কিছু সফলতা আনিবলৈ বিচাৰিম৷ কাৰণ আমাৰ মূল লক্ষ্যটোৱেই আছিল কৰ কমোৱাটো৷ গতিকে আমাক ফাঁচি দিলে আমি অতি আনন্দৰে শেষ ইচ্ছাৰ কথা ক’ম৷”
লক্ষণসিংহঁতৰ কথা শুনি তেমেকা আৰু কেৰ্পাই স্তব্ধ হৈ ৰ’ল৷ তেমেকাই ভাবিলে এওঁলোক কিমান মহান মানুহ! নিজৰ মানুহখিনিৰ কল্যাণৰ কাৰণে এওঁলোকে নিজৰ জীৱন উছৰ্গা কৰিব পাৰে! আজিলৈকে এওঁলোক ধৰা পৰা নাই৷ ক’ৰবালৈ পলাই গৈ নতুনকৈ জীৱন আৰম্ভ কৰিবও পাৰিলেহেঁতেন৷ এওঁলোকে তাকে নকৰি নিজৰ মানুহবোৰৰ উপকাৰ হোৱাৰ কথাহে চিন্তা কৰিছে৷
লক্ষণসিঙে তেমেকাহঁতক পুনৰ ক’বলৈ ধৰিলে– “কাইলৈ আমি ৰাতিপুৱা ৰহাৰ ফাললৈ যাবলৈ ল’ম৷ তোমালোকে মানুহবোৰক খবৰ দিয়াৰ বাহিৰে আন অপৰাধ কৰা নাই৷ তোমালোকে আমাৰ দৰে ধৰা দিলে জেলত থাকি কষ্টহে পাবা৷ তোমালোকক ইমান ডাঙৰ শাস্তি নিদিব৷ জেলত সোমাই এনেয়ে কষ্ট পাবা৷ তাৰ পৰা ৰাইজৰ একো উপকাৰ নহ’ব৷ গতিকে তোমালোকে নতুনকৈ পতা গাঁৱলৈ গুচি যাবা৷ আজি ৰাতি ৰজাই আমাক ভালদৰে ভাত এসাঁজ খুউৱাৰ কথা চিন্তা কৰিছে৷ তোমালোকৰ কাম থাকিব পাৰে৷ তোমালোক এতিয়া গৈ থাকাঁ৷ কাইলৈ ৰাতিপুৱা আমি সকলোৱে একেলগে ৰজাৰ ঘৰত ভাত খাম আৰু গুচি যাম৷ তোমালোকে তোমালোকৰ বাট ল’বা আৰু আমি আমাৰ বাট ল’ম৷”
“নাই হেনাপতি মহাহয়৷ আমি আধালৈকে আপোনালোক’ লগত যাম৷”
“বাৰু যাবা৷ কিন্তু আধালৈকেহে৷ চিপাহীৰ মুখামুখি হোৱাৰ আশংকা থকা ঠাই পোৱাৰ আগতে আঁতৰি যাবা৷”
“হ’ব মহাহয়৷”
“যোৱাঁ, এতিয়া ৰজাৰ ঘৰলৈ যোৱাঁ৷ ৰজাৰ ঘৰত তোমালোকৰ কাম থাকিব৷”
তেমেকা আৰু কেৰ্পায়ে তিনিওজনকে সেৱা জনাই ৰজাৰ ঘৰলৈ যাবলৈ ওলাল৷ দুয়ো চকুপানী টুকি টুকি ৰজাৰ ঘৰলৈ গৈ থাকিল৷
ৰজাৰ ঘৰ পোৱাৰ পাছতে দামুৱে তেমেকাহঁতক সুধিলে– “তহঁত ক’লৈ গৈছিলি? মই তহঁতক বিচাৰি আছিলং৷”
“হেনাপতিয়ে মাতি পঠিয়াইছিল৷ তালৈ গৈছিলং৷”
“দেওৰজাই পুখুৰীত মাছ মাৰিব দিছে৷ ছাগলী এটাও কাটিব দিছে৷ ব’ল এতিয়া মাছ মাৰংগৈ৷”
টাউনী জাল এখন লৈ তেমেকাহঁত ৰজাৰ পুখুৰীৰ পাৰত উপস্থিত হ’ল৷ পুখুৰীটোত বহুত শ’ল আৰু চিতল মাছ আছে৷ টাউনী জালখন লৈ তেমেকা আৰু কেৰ্পাই পানীত নামিল৷ দামুৱে এডাল লানি লৈ পাৰত থাকিল ধৰা মাছ সীবলৈ৷
তেমেকাহঁতে টাউনী জালখন অলপ টানোতেই এটা চিতল আৰু এটা শলমাছ পৰিল৷ সিহঁতে মাছ দুটা দামুক চমজালে৷ দামুৱে মাছ দুটা লানিত সী থ’লে৷ অলপ পাছতে দুটা শ’ল আৰু এটা চিতল মাছ টাউনী জালত পৰিল৷ দামুৱে ক’লে– “মাছ হৈ যাব৷ ডাঙৰ ডাঙৰ তিনিটা শ’ল আৰু দুটা ডাঙৰ চিতল মাছ৷ হৈ যাব৷ ব’ল ঘৰলৈ৷ ঘৰত কাম আছে৷”
তিনিও মাছকেইটা আৰু টাউনী জালখন লৈ ৰজাৰ ঘৰলৈ ৰাওনা হ’ল৷
ৰজাৰ ঘৰ পাই তেমেকাই দেখিলে লেলেউ নামৰ লগুৱাটোৱে দুজন মানুহৰ লগত ছাগলী এটা মাৰি ছাল চেলাই আছে৷ তেমেকা সিহঁতৰ কাষ চাপি গ’ল৷ কেৰ্পাই দামুৰ লগত গ’ল মাছ বাছিবলৈ৷ তেমেকাই লেলেউহঁতৰ কামত সহায় কৰিবলৈ ধৰিলে৷
ছাগলীটোৰ ছাল চেলোৱাৰ পাছতে তেমেকাহঁতে মাংস কাটিবলৈ আৰম্ভ কৰিলে৷
লাহে লাহে সন্ধ্যা নামি আহিল৷ ৰজাৰ নিৰ্দেশ অনুসৰি ঘৰৰ বাহিৰে-ভিতৰে বন্তি জ্বলোৱা হ’ল৷ আনফালে বাহিৰতে পাতি লোৱা চৌকাত ৰন্ধনকাৰ্য চলি থাকিল৷
এটা সময়ত ৰজাৰ নিৰ্দেশ আহিল সেনাপতিহঁতক মাতি আনিব লাগে৷ তেমেকা আৰু কেৰ্পায়ে কামটোৰ দায়িত্ব ল’লে৷ দুয়ো এটাৰ জোঁৰ জ্বলাই লক্ষণসিংহঁত থকা ঠাইলৈ খোজ ল’লে৷
অলপ সময়ৰ পাছতে লক্ষণসিংহঁতক লগত লৈ তেমেকা আৰু কেৰ্পাই ৰজাৰ ঘৰত উপস্থিত হ’ল৷ লক্ষণসিংহঁত ৰজাৰ চ’ৰাঘৰৰ ভিতৰলৈ সোমাই গ’ল৷ তেমেকাহঁতে ৰন্ধনকাৰ্য চলি থকা ঠাইত উপস্থিত হৈ কামবোৰ চাবলৈ ধৰিলে৷
তেতেলীয়াৰ ডেকাৰজা, পাতৰ, দলৈ, ডেকাদলৈ, মান্তা আদি বিষয়াও আহি ৰজাৰ চ’ৰাঘৰত বহিল৷ সকলোৱে লক্ষণসিংহঁতক আত্মসমৰ্পণ নকৰিবলৈ দিহা দিলে৷ ৰাইজক বুজাব নোৱাৰি লক্ষণসিং আৰু ৰংবৰহঁতে ‘বাৰু চাই লওঁ’ বুলি সামৰি থ’লে৷
এটা সময়ত ভোজৰ ভাত খাবৰ হ’ল৷ ৰজা আৰু বিষয়াসকলৰ লগত লক্ষণসিংহঁতে চ’ৰাঘৰত ভাত খালে, তেমেকাহঁতে চোতালতে বহি আন ৰাইজৰ লগত খালে৷
ৰাতি ভালেখিনি হ’ল৷ লক্ষণসিংহঁতে বিদায় লৈ নিজে থকা ঠাইলৈ খোজ ল’লে৷ তেমেকাহঁত শুই থাকিল৷
পাছদিনা ৰাতিপুৱা সোনকালে ভাত-তৰকাৰি ৰন্ধাৰ কাম আৰম্ভ হ’ল৷ ৰন্ধাৰ কাম সম্পূৰ্ণ হোৱাৰ আগে আগে লক্ষণসিংহঁত আহি ওলাল৷ তেওঁলোক যাবৰ বাবে সাজু হৈয়েই আহিছে৷ তেমেকাহঁতো লক্ষণসিংহঁতৰ লগত যাবৰ বাবে নিজৰ নিজৰ দা, মোনা আদি সাজু কৰিলে৷
ভাত হোৱাৰ পাছতে ভাত খাই লক্ষণসিংহঁতে ৰজা আৰু ৰজা ঘৰৰ সকলোৰে পৰা বিদায় মাগিলে৷ তেমেকাহঁতেও বিদায় মাগি যাবলৈ সাজু হ’ল৷ ৰজাই লক্ষণসিং, ৰংবৰ আৰু চাংবৰক সাবটি ধৰি চকুলো টুকি বিদায় দিলে৷ ৰজাই ভালদৰে অনুভৱ কৰিছে নিশ্চয় লক্ষণসিংহঁতে কি কৰিবগৈ!
তেমেকাহঁতৰ যাত্ৰা আৰম্ভ হ’ল৷ সকলোৰে আগত গ’ল লক্ষণসিং৷ তেওঁৰ পিছে পিছে আনসকল গৈ থাকিল৷ লক্ষণসিঙে তেমেকাহঁতক ক’লে– “আমি কি কৰিবলৈ গৈ আছোঁ কাকো নকওঁ আৰু তোমালোকেও কাকো নক’বা৷ মানুহবোৰক বুজাই থাকিব নোৱাৰি৷ পাছত সকলোৱে সকলোবোৰ কথাকে গম পাব৷”
“হ’ব হেনাপতি৷ এতিয়া এইবো’ কথা আলোচনা নকঅং৷”
তেমেকাহঁত আহি কপিলীৰ পাৰ পালে৷ তাৰপাছত কপিলীৰ পাৰে পাৰে পূবলৈ উজাই খোজ দিলে৷
মাজত এৰাতি ভৱৰ ঘৰত থাকি পাছদিনা গধূলি সময়ত মাজবড়িৰ দেওবৰৰ ঘৰত তেমেকাহঁত উপস্থিত হ’ল৷ দেওবৰে তেমেকাহঁতক এটা ঘৰৰ ভিতৰলৈ নি বহুৱালে৷ লক্ষণসিঙে তাক সুধিলে– “চিপাহীহঁত ঘূৰিয়েই আছে নে?”
“হয় মহাহয়, ঘূঈয়েই আছে৷ কিছুমান মানুহক ধঈ নি আপোনালোক’ কথা হুধি মা-পিট কঈ পঠাই দিয়ে৷ আমা’ ঘঅলৈকো কালি আহি খোআকি লৈ গৈছে৷ আমি খোআকি ঠিক মতে দি আছং বাবে একো কআ নাই৷ খোআকি দিয়াত গণ্ডগোল কঈলেই মা’-পিট কএ৷”
“তোমাক বাৰিকা বুলি গম পোৱা নাই নেকি?”
“নাই, বাঈকা বুলি গম পালেই ধঈ নিব৷ কিছুমান বাঈকাক চিপাহীয়ে ধঈছে৷ হিন্তে কোনো দিনে ম’ক বিচাঈ আহা নাই৷ তথাপি মই চিপাহী আহা বুলি গম পালেই ঘঅত নাথাকং৷ জংঘলত লুকাই থাকংগৈ৷”
“আজি আমি তোমাৰ ঘৰতে থাকিম৷ কাইলৈ ৰাতিপুৱা এঠাইলৈ যাম৷”
“হ’ব৷ কেইবাদিনো থাকিবা পাঈলেহেঁতেন৷”
“নাই নাই নাথাকোঁ৷ আমি কাইলৈ গুচি যাব লাগিব৷”
দেওবৰে মাক-বাপেকক কোঠাটোলৈ মাতি আনি লক্ষণসিংহঁতৰ লগত চিনাকি কৰি দিলে৷ মাক-বাপেকে কোঠাটোত বহি কিছু সময় লক্ষণসিংহঁতৰ লগত কথা-বতৰা পাতি নিজৰ কামত লাগিলগৈ৷
ৰাতি ভাত খোৱাৰ পাছতে সকলোৱে বিছনাত বাগৰ দিলে৷
ৰাতি তেমেকাৰ ভালদৰে টোপনি অহা নাই৷ লক্ষণসিংহঁতৰ কথাই তাৰ মূৰত পাকঘূৰণি খাই আছে৷ টোপনি চিলমিলকৈ আহিলেও লক্ষণসিংহঁতৰ কথা মনলৈ আহে৷ লগে লগে তাৰ টোপনি ভাগি যায়৷ ৰাতিটো ইবাগৰ-সিবাগৰ দিয়েই সি কটাই দিলে৷ ৰাতিপুৱা প্ৰথম কুকুৰা ডাক দিওঁতেই সি বিছনা এৰি বাহিৰলৈ আহিল৷ লক্ষণসিংহঁতে কিন্তু টোপনি মাৰিয়েই আছে৷ পুলিচৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ ওলায়ো আৰামেৰে শুই আছে৷ মনত কোনো ভয়ৰ ভাব নাই৷ মানুহে ত্যাগ কৰিবলৈ শিকিলে হয়তো এনেদৰে নিৰ্ভয় হৈ পৰে৷ লক্ষণসিংহঁতে নিজেই সিদ্ধান্ত লৈছে যেতিয়া কোনো ধৰণৰ শাস্তিলৈকে তেওঁলোকে ভয় নকৰে, লাগিলে ফাঁচিকাঠত ওলমিব লগা হ’লেও ওলমিব৷
তেমেকাই মুখ-হাত ধুই উঠাৰ পাছত কেৰ্পাই বিছনা এৰি বাহিৰ পালেহি৷ আকাশে-বতাহে বহাগ মাহৰ পৰিৱেশ৷ দেওবৰহঁতৰ পদূলিত থকা কৃষ্ণচূড়াজোপাক ৰাঙলী কৰি ফুল ফুলিছে৷ কেৰ্পায়েও নাদৰ পাৰলৈ গৈ হাত-মুখ ধুলে৷
চাৰিওফালে সম্পূৰ্ণ পোহৰ হ’ল৷ দেওবৰহঁতৰ ঘৰৰ সকলো মানুহ টোপনিৰ পৰা উঠিল৷ দেখা গ’ল লক্ষণসিংহঁতো বিছনা এৰি বাহিৰলৈ আহিছে৷ তেওঁলোকেও নাদৰ পাৰলৈ গৈ মুখ-হাত ধুই বাৰাণ্ডাত বহিল৷ লক্ষণসিঙে দেওবৰক ক’লে– “আমি বেছি সময় ইয়াত নাথাকিম৷ অলপ পাছতে আমি এফালে ওলাই যাম৷”
“হ’ব হেনাপতি মহাহয়৷ যোৱা আগতে ভাত কেইটামান খাই যাব৷”
দেওবৰৰ মাক আৰু ভনীয়েক ইতিমধ্যে পাকঘৰত সোমাই ভাত-তৰকাৰি ৰন্ধাত লাগিছে৷ দেওবৰে তেওঁলোকক ইটো-সিটো কামত সহায় কৰিবলৈ ধৰিলে৷
ডাৱৰীয়া বতৰ৷ বেলিটো কিমান উঠিল তেমেকাই ধৰিব পৰা নাই৷ এনেতে সি গম পালে ভাত খাবৰ হৈছেহি৷ দেওবৰে মাক আৰু ভনীয়েকক ভাত বাঢ়িবলৈ দি নিজে পানীৰ যোগাৰ কৰাত লাগিছে৷
ডাৱৰবোৰ আকাশত ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে৷ তেমেকাই লক্ষ্য কৰি অনুমান কৰিলে বৰষুণ পৰিব চাগে’৷
ভাত-পানী খোৱাৰ পাছতে লক্ষণসিংহঁত যাবলৈ ওলাল৷ লক্ষণসিঙে তেমেকাক ক’লে– “তোমালোক ইয়াৰ পৰা আমাৰ লগত যাব নালাগে৷ তোমালোকে তোমালোকৰ ঠাইলৈ গুচি যোৱা৷ বুজিছা নে?”
“বুজিছং মহাহয়৷”
সকলোকে মাত-বোল কৰি বিদায় লৈ লক্ষণসিং, ৰংবৰ আৰু চাংবৰ সৰু বাটটোৰে যাবলৈ ধৰিলে৷ তেওঁলোক যোৱাৰ ফালে তেমেকাই একেথৰে চাই থাকিল৷ তাৰ চকুলো ওলাই আহিল৷ সকলোৰে অলক্ষিতে চকুলো মচি সি স্থিৰ হৈ ৰ’ল৷
অলপ পাছতে লক্ষণসিংহঁত বাটৰ কেঁকুৰিত নেদেখা হৈ গ’ল৷ তেমেকাই দেওবৰক সাবটি ধৰি ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে৷ দেওবৰে একো বুজিব নোৱাৰি তেমেকাক সুধিলে– “কি হ’ল ত’? কেলেই কান্দিছ?”
“নক’বি, বহুত দুখ’ কথা৷ ক’ম তোক৷ ব’ল ঘঅলৈ ব’ল৷”
দেওবৰে তেমেকা আৰু কেৰ্পাইক পদূলিমুখৰ পৰা আনি ঘৰৰ বাৰাণ্ডাত বহুৱালে৷ কেৰ্পায়েও কান্দি আছে৷ সিহঁতে কান্দি থকা বাবে দেওবৰৰ ঘৰৰ মানুহবোৰেও আচৰিত হৈ সিহঁতলৈ চাই আছে৷
অলপ সময়ৰ পাছত দুয়োৰে কান্দোন বন্ধ হ’ল৷ দেওবৰে তেমেকাক সুধিলে– “কচোন কিয় কান্দিছিলি?”
তেমেকাই সকলোবোৰ কথা দেওবৰৰ আগত বিবৰি ক’লে৷ তেমেকাৰ কথা শুনি দেওবৰ স্তব্ধ হৈ পৰিল৷ স্তব্ধ হৈ পৰিল দেওবৰৰ ঘৰৰ আন মানুহবোৰো৷ দেওবৰৰ দেউতাকে ক’লে– “এনে ত্যাগক মানুহে সদায় মনত আখিব৷ ইচ্ছা কঈলে হেনাপতিহঁতে দূঅ’ ক’অবালৈ পলাই গৈ নতুনকৈ জীৱন আঅম্ভ কঈবা পাঈলেহেঁতেন৷ তাকে নকঈ দহজন’ উপকাঅ বাবে নিজ’ জীৱনটোকে আগ বঢ়াই দিছে৷ বিচাঅত ফাঁচি হোৱাটো প্ৰায় খাটাং৷ সকলোবো’ জানিও এনেকুৱা কাম লক্ষণসিংহঁতেহে কঈবা পাঈছে৷ আনে নোৱাএ৷ হেইবাবেই এওঁলোক মহান৷ এওঁলোকক মহান বুলিয়েই মানুহে মনত আখিব৷”
তেমেকাই আকাশলৈ চালে৷ ইমান সময়ে গোমোঠা লাগি থকা ডাৱৰবোৰ বতাহৰ ঠেলা পাই লাহে লাহে আঁতৰি যাবলৈ আৰম্ভ কৰিছে৷
ছয়
তেমেকাই খবৰ পাইছে ইমান দিনে বাহৰ পাতি মানুহক অত্যাচাৰ কৰি থকা দুৰ্মদ চিপাহীবোৰ নিজৰ ঠাইলৈ ঘূৰি যাবলৈ আৰম্ভ কৰিছে৷ তেজপুৰৰ পৰা অহাবোৰ তেজপুৰলৈ আৰু গুৱাহাটীৰ পৰা অহাবোৰ গুৱাহাটীলৈ যাবলৈ লৈছে৷ এতিয়া কোনো ফালৰে পৰা চিপাহীৰ অত্যাচাৰৰ বাতৰি অহা নাই৷ তেমেকাই ভাবিছে এতিয়া সি এৰি থৈ যোৱা নিজৰ পুৰণি গাঁওখন এবাৰ চাই আহিব পাৰিব৷ গাঁওখনে তাক বৰকৈ আকৰ্ষণ কৰিছে৷ সি এতিয়াও গাঁওখনৰ মোহ এৰিব পৰা নাই৷
দেওবৰহঁতৰ ঘৰত থাকিবলৈ লোৱা তেমেকাহঁতৰ পোন্ধৰ দিন হ’ল৷ দেওবৰে ওলাই গৈ অনা খবৰ মতে লক্ষণসিংহঁতে গৈ ৰহা থানাত আত্মসমৰ্পণ কৰিলেগৈ৷ ৰহাৰ পুলিচে তেওঁলোকক পাছদিনা চমজাই দিলে হয়বৰগাঁও থানাত৷ হয়বৰগাঁও থানাই তাৰ পাছদিনা আদালতত হাজিৰ কৰালে৷ এতিয়া আদালতত বিচাৰ চলি আছে৷ লক্ষণসিংহঁতে সকলোবোৰ কথা আদালতত স্বীকাৰ কৰিছে৷ লক্ষণসিঙে কৈছে হেনো যে তেৱেঁই সৈন্যবাহিনী গঠন কৰি ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিছিল৷ তেৱেঁই সৈন্যবাহিনী পৰিচালনা কৰিছিল৷ ৰংবৰ আৰু চাংবৰে কৈছে হেনো যে তেওঁলোক দুজনে ছিংগাৰ চাহাবক মাৰি কলঙত উটুৱাই দিছিল, ছিংগাৰ চাহাবৰ হত্যাত অকল তেওঁলোক দুজনহে জড়িত, বাকী আন কোনো নহয়৷ তেওঁলোকে আৰু কৈছে, তেওঁলোকক যি শাস্তি দিলেও দিয়ক, তেওঁলোকৰ অনুৰোধ থাকিল যে ৰাইজক হাৰাশাস্তি কৰিব নালাগে, কৰ কমাই দিব লাগে আৰু দুৰ্মতি স্কনচৰ বিচাৰ হ’ব লাগে৷
লক্ষণসিংহঁতে নিজৰ দোষ স্বীকাৰ কৰিছে যেতিয়া আদালতত বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া নহ’ব৷ সোনকালে আদালতে ৰায় দিয়াৰ সম্ভাৱনা আছে৷ তেমেকাহঁতে আদালতৰ ৰায় জানিবৰ বাবে এতিয়াও নিজৰ নতুন গাঁওখনলৈ ঘূৰি যোৱা নাই৷ দুয়োটাই এৰি থৈ যোৱা সিহঁতৰ পুৰণি এৰাগাঁওখন এবাৰ চাই ফুলগুৰিৰ হংবৰৰ ঘৰতো এপাক মাৰিবলৈ মন কৰিছে৷
দেওবৰৰ পৰা বিদায় লৈ তেমেকাহঁতে খোজ ধৰিলে নিজৰ পুৰণি গাঁওখনলৈ বুলি৷ নগাঁৱলৈ যোৱা মূল পথেৰে নগৈ সিহঁতে আগতে ব্যৱহাৰ কৰা জংঘলৰ বাটেৰে যাবলৈ ধৰিলে৷
আবেলি সময়ত সিহঁত পুৰণি এৰাগাঁওখনত উপস্থিত হ’ল৷ তেমেকাই দেখিলে ঘৰবোৰ জহি-খহি গৈছে৷ নিজৰ ঘৰখনত উপস্থিত হৈ সি ঘৰবোৰত সোমাই চালে৷ কোনো মানুহৰে আপদাল নোপোৱা ঘৰবোৰৰ অৱস্থা জৰাজীৰ্ণ৷ সি বাহিৰলৈ ওলাই আহি ভঁৰাল ঘৰটোৰ দুৱাৰ খোল খাই থকা দেখি আচৰিত হ’ল৷ সি ভঁৰালটোৰ দুৱাৰ মুখলৈ উঠি গৈ জুমি চালে৷ ভঁৰাল ঘৰত এটাও ধান নাই– কোনোবাই আটাইবোৰ ধান লৈ গৈছে৷ কোনে ইমানখিনি ধান চুৰ কৰি নিব পাৰে? কানিয়াকেইটাই নিয়া নাইতো? তাৰ কানিয়াকেইটাৰ ওপৰতে সন্দেহ হ’ল৷ সি কেৰ্পাইক লগত লৈ কেৰ্পাইহঁতৰ ভঁৰালটোকো চাবলৈ গ’ল৷ কেৰ্পাইহঁতৰ ভঁৰালতো ধান নাই৷ তেমেকাই কেৰ্পাইক ক’লে– “এয়া কানিয়াকেইটা’ কাম৷ হিন্তেই হকলোবো’ ধান চু’ কঈ ক’অবাত লুকুৱাই থৈছেগৈ৷ ব’লচোন কানিয়া মদন’ ঘঅলৈ৷”
“অঁ ব’ল৷ হিন্তেই ধান চু’ কঈছে৷”
দুয়ো গৈ মদনৰ ঘৰত উপস্থিত হ’ল৷ মদনৰ ভঁৰালটোৰ দুৱাৰখনো খোল খাই আছে৷ কেৰ্পায়ে উঠি গৈ চালে, তাৰ পাছত তেমেকাক ক’লে– “ইয়া’ ভআলতো ধান নাই দেখোন!”
“তেন্তে কোনে নিলে ধানবো’! কানিয়াকেইটা’ ভআলত ধান নাই যেতিয়া কাও ভআলতে নাই৷ তথাপি বীএনহঁত’ ভআলটো চাং ব’লচোন৷”
দুয়ো বীৰেনহঁতৰ ঘৰলৈ খোজ ল’লে৷
বীৰেনহঁতৰ ঘৰত উপস্থিত হৈ দেখিলে বীৰেনহঁতৰ ভঁৰালৰ দুৱাৰখনো খোল খাই আছে, ধান এটাও নাই৷ কথাটোত তেমেকাই বিস্ময় মানিলে৷ সি কেৰ্পাইক ক’লে– “ঘটনাটো’ একো ওৱাদিহ নাপালং৷ কানিয়াকেইটাও নাই হুধিবলৈ৷ ব’ল এতিয়া ফুলগুঈলৈ৷ চিপাহীবো’ গ’ল চাগে’৷ আউ থাকিলেও একো নকএ৷”
বেলি পৰি আহিল৷ দুয়ো খৰখোজেৰে ফুলগুৰিলৈ যাবলৈ ধৰিলে৷ গৈ থাকিয়েই কেৰ্পায়ে তেমেকাক সুধিলে– “আমি আক’ এইখন গাঙলৈ ঘূঈ আহিবা নোৱাঈম না? এতিয়াতো চিপাহী নাই৷”
“এতিয়া আউ আহিবা পাআ নাযাব৷ আমি তাত গৈ বহুতএ ধা’ খাইছং৷ আমা’ একোৱেই নাছিল৷ কাংবুআ তিমুং গাঁৱঅ মানুহে আমাক এতিয়ালৈকে বহুত ধান ধা’ দিছে৷ এতিয়া কিজানি হাল বাবলৈ গউ-ম’হো ধাঅলৈ দিছে৷ হেইবো’ ধা’ হুজাবা পাঈলেহে আমি আহিবা পাঈম৷ আমি মাটিনো কিমান খুলিছং? এইবা’ অলপ অলপ মাটিতহে খেতি কঈবা পাঈম৷ তাএ কিমান ধান হুজাবা পাঈম নাজানং৷ নিজলৈকো লাগিব৷ গউ-ম’হ’ ধা’খিনিতো আছেই৷ হেইবো’ ধা’ মাঅংতে কেইবা বছও লাগিবা পাএ৷ তেতিয়ালৈ ইয়া’ গাংখন গাং হৈ নাথাকিব৷ গতিকে তাতে থাকাই ভাল৷”
“তই ঠিক কথাই কৈছ৷ ম’ মনলৈ কথাখিনি আহা নাছিল৷”
গধূলি সময়ত তেমেকা আৰু কেৰ্পাই হংবৰৰ ঘৰত উপস্থিত হ’ল৷ হংবৰে এডাল লাখুটিৰ সহায়ত চোতালত খোজ কাঢ়ি আছে৷ তেমেকাই ওচৰ পায়েই তাক সাবটি ধৰিলে৷ হংবৰেও তাক সাবটি ধৰি হুৰাওৰাৱে কান্দিবলৈ ধৰিলে৷ কিছু সময় কন্দাৰ পাছত হংবৰে ক’লে– “কি দিন আহিছিল অ’ বাপু! মানতকৈয়ো ইন্তে কম নহয়! ম’ক জীৱনলৈ ঘূণীয়া কঈ থৈ গ’ল৷ তন্ত’ বৌআঅকো নষ্ট কঈ থৈ গ’ল৷”
“ব’ বেয়া দিন আিহছিল৷ কি কঈবি! ব’ল বাআণ্ডাত বহিবি৷”
বাৰাণ্ডাত এখন ঢাৰি পাৰি থোৱা আছিলেই৷ তেমেকাই হংবৰক ধৰি আনি ঢাৰিখনত বহুৱালে৷ নিজেও কাষতে বহিল৷ তেনেতে ৰংদৈ সিহঁতৰ কাষেৰে কান্দি কান্দি পাৰ হৈ গ’ল৷ ৰংদৈক কি ক’ব তেমেকাই একো ভাষা বিচাৰি পোৱা নাই৷ কেৰ্পায়ো নিমাতে আছে৷
হংবৰে চকুলো টুকিয়েই থাকিল৷
হংবৰ এটা ওখপাখ বলবান মানুহ৷ তাৰ কথাত ওজন আছিল৷ গাঁওখনৰ সকলোৱে তাক সমীহ কৰি চলিছিল৷ দুষ্টজনক এটা ধমকিতে সি চিধা কৰিব পাৰিছিল৷ সেই মানুহটোৰ এতিয়া ঘূৰি-ফুৰি চলিব নোৱৰা অৱস্থা৷ সি হয়তো নিজেই কথাবোৰ উপলব্ধি কৰি দুখত ভাগি পৰিছে৷
এটা সময়ত হংবৰৰ কান্দোন বন্ধ হ’ল৷ সি সুস্থিৰ হৈ মাত দিলে– “তন্তে কোন ফাল’ পআ আহি ওলালি?”
“আমি বহুদূ’ ঘূঈ ঘূঈ আহিছং৷”
তেমেকাই লক্ষণসিংহঁতক বিচাৰি যোৱা আৰু তেওঁলোকৰ লগতে ঘূৰি আহি দেওবৰৰ ঘৰত থকাৰ কথাখিনি ক’লে৷ হংবৰে পুনৰ সুধিলে– “তন্ত’ গাঁঙ’ মানুহবো’ ইয়া’ পআ গুচি গৈছে বুলি হুনিছং৷ হয় নাকি?”
“অঁ হয়৷ বহুত দূঅত হিন্তক থৈ আহিছং৷ ইয়ালৈ ঘূঈ আহা নহ’ব আউ৷ তাতে গাং পাতিছং, খেতিমাটি খুলিছং৷”
“কোনফালে হেইটো ঠাই?”
“মিকি’ পাহাঅ ফালে৷ ধুনীয়া পানীখেতি কঈবা পাআ মাটি আছে৷ বহুত মাটি৷ জংঘল কাটি মাটি মোকলাই ল’লেই হ’ল৷ মাছ-পুঠিও বহুত পোৱা যায়৷”
“হয় দেই৷ এই ধেৱাখন’ বাবে ক’ মানুহ ক’ত গৈ থাকিবা লাগা হৈছে ঠিকনা নাই৷ তন্তে এতিয়া মুখ-হাত ধুই মুকলিমূঈআ হৈ ল৷”
তেমেকাহঁতে বহাৰ পৰা উঠি নাদৰ পাৰলৈ গ’ল আৰু ভৰি-হাত ধুই পুনৰ আগৰ ঠাইত বহিলহি৷ এটা কথা মনত পৰাত তেমেকাই হংবৰক সুধিলে– “কাকা! তই এটা কথা গম পাৱ না?”
“কি কথা?”
“আমি গাং এঈ যোৱা পাছত আমা ভঁআল’ ধানবো’ কোনে নিলে ধঈবা পাআ নাই৷”
“এ গম পোৱা নাই? চিপাহীবোএ হেইবো’ ধান ম’হগাঈ-গউগাঈএ আনি মানুহ কিছুমানক দি হিন্ত’ খোআকি কঈলে৷”
“হয় নাকি! হেই কাঅণে এটাও ধান নাই৷ অ’ এতিয়াহে বুজি পাইছং৷”
“আউ এটা কথা কাকা!”– তেমেকাই বতাবাৰী গাঁওখনৰ কথা জানিব বিচাৰিলে৷ “আমা’ অহেমাইহঁত’ গাঙ’ মানুহবোএও পলাই গৈছে বুলি হুনিছিলং৷ হিন্ত’ কিবা খব’ হুনিছ না?”
“নাই৷ হিন্তেও কোনোবাফালে গুচি গ’ল৷ গঐমাঈ গাঙ’ মানুহবোঅকহে চিপাহীয়ে জংঘলতে ধঈছিল৷ চিপাহীয়ে হিন্তক বহুত অত্যাচা’ কঈলে৷ মাইকী মানুহবোঅ বহুতকে চিপাহীয়ে নষ্ট কঈলে৷ মানুহখিনিক আনি গাঙত থাকিবা দিলে আউ চিপাহী’ খোআকি দি থাকিবা দিলে৷ কিছুমানক ধঈ আনি জেলতো ভআলে৷”
“ব’ দুখ লাগা কথা দেই!”
চাৰিওফালে আন্ধাৰে আৱৰি ধৰিছে৷
ৰংদৈ পাকঘৰত ব্যস্ত৷ তেমেকা বহাৰ পৰা উঠি পাক ঘৰলৈ গ’ল৷ তাক দেখা পায়েই মাটিত বহি হুকহুকাই কান্দিবলৈ ধৰিলে ৰংদৈয়ে৷ সি ৰংদৈক ক’লে– “বৌ নাকান্দিবি৷ ইয়াত ত’ একো দোষ নাই৷ আক্ষসহঁতে অকল ইয়াতেই নহয় বহুত ঠাইতে এনেকুৱা কাম কঈছে৷ হেইবুলি মানুহবো’ মঈ যাব নাকি! তই মনত অলপো দুখ লৈ নাথাকিবি৷ নাকান্দিবি…”
ৰংদৈ অলপ সুস্থিৰ হ’ল৷ তাই তেমেকাৰ কথাত মূৰ দুপিয়াই ৰন্ধাৰ কামত লাগিল৷ তেমেকা পুনৰ বাৰাণ্ডালৈ আহি হংবৰৰ কাষতে বহিল৷ হংবৰে কেৰ্পাইৰ লগত কথা পাতি আছে৷ সিহঁতৰ সন্মুখত লগুৱা ল’ৰাটোৱে ইতিমধ্যে এটা মাটিচাকি জ্বলাই থৈ গৈছে৷ ধনবৰ কোনোবাফালৰ পৰা আহি তেমেকাৰ কাষত ওলাল৷ তেমেকাই তাক টানি আনি কোলাত বহুৱাই লৈ মৰম কৰিবলৈ ধৰিলে৷ কেৰ্পায়ে হংবৰক ক’লে– “আমি ঘূঈ ফুঈছং বাবে এনেকুৱা ঘটনা’ কথা বহুত হুনিছং৷ এইবো’ মনত লৈ থাকিলে নিজলৈহে বেয়া৷”
“হঁচা কথা৷ কিন্তু আগ’ দএ কাম কঈবা নোৱাআ বাবেহে বেয়া লাগে৷ আমা’ গাঙএ আউ দুটাকো এনেকুৱা কঈলে৷ ছোৱালী কেইবাজনীকো নষ্ট কঈ গ’ল৷ আমি ছোৱালী-তিউতা মানুহবোঅক দিনত থাকিবাই নিদিছিলং৷ হিন্তে দুপঈয়া হময়ত ভাত খাবা আহে আউ গুচি যায়৷ হিদিনা ধনবঅ’ মায়েক ভাত খাই থাকংতে আক্ষসকেইটা আহি ওলাইছিল৷ ময়ে হিন্তক চাউল-পাত ঠিকেই উলিয়াই দিছিলং৷ কিন্তু কম হোৱা বুলি কৈ ম’ জগ’ ধঈলে৷ তাতে ছাগলী এটা নিবা খোজাত ম’ ব’ খং উঠি আহিল আউ হিন্তক ধমকি দি পালং৷ হেই কথাতে ম’ক খুব পিটিলে, খুব গুঈয়ালে৷ ধনবঅ’ মায়েক অ’ব’ নোৱাঈ ম’ক অক্ষা কঈবা আহিছিল৷ কিন্তু হিন্তে ধনবঅ’ মায়েকক নষ্ট কঈহে থৈ গ’ল৷”
“বহুত বেয়া ইন্তে৷ ইন্তে আক্ষকেই হয়৷”
“গাঙএ চাঈজনী গাভউক জংঘলত পাই হিন্তকো নষ্ট কঈ থৈ গ’ল৷…”
তেমেকাই মাজতে মাত দিলে– “আমা’ হেনাপতিহঁত’ বিচাঅ’ কিবা কথা ওলাইছে নাকি?”
“দুদিন আগতে হুনিছিলং হিন্ত’ ফাঁচি অডা হৈছে বুলি৷ কেতিয়া দিব হেইটোহে গম পোৱা নাই৷”
“ইমান হংকালে ফাঁচি অডা হ’লেই নাকি?”– তেমেকা আচৰিত হ’ল৷
“হেনাপতিহঁতে নিজ’ দোষ স্বীকা’ কআ পাছত কাউ ক’বা লাগা নাথাকিল৷ হলধ’ ডাউগা আউ দুটামান’ হাক্ষী লৈ অডা দি দিলে৷”
“হেনাপতিহঁতে আদালতত ক’ কমাবলৈ, আইজক হাৰাশাস্তি নকঈবলৈ আউ ডিচি স্কনচৰ বিচা’ বিচাঈছিল হেনো৷ হয়া না কথাটো?”
“হেই কথা হুনিছং৷ আদালতে হেনো চঅকাঅক কঅ কমোৱা কথাটো বিবেচনা কঈবলৈ, আইজ’ ওপঅত অত্যাচা’ বন্ধ কঈবলৈ অডা দিছে আউ ডিচি স্কনচ’ ওপঅত নিজাববীয়াকৈ ব্যৱস্থা ল’বলৈ দিছে৷”
“অ’ আদালত’ আয় হৈয়ে গ’ল তেনেহ’লে৷”
“অঁ হয়ে গ’ল৷ অৱশ্যে ইয়া’ আগএ পআ চিপাহীবো’ যাবা লৈছিল৷ আচল মানুহকেইটাই ধআ দিয়া পাছত হিন্তে যাবা আঅম্ভ কঈছিল৷”
লক্ষণসিংহঁতৰ ফাঁচিৰ হুকুম হোৱা বুলি জানি তেমেকাৰ মনটো দুখেৰে ভৰি পৰিছে৷ সি মাত দিলে– “আইজক অক্ষা কঈব’ বাবেই লক্ষণসিংহঁতে ফাঁচি কাঠত ওলমিব এতিয়া৷”
“হয় আইজ’ বাবেই জীৱন দিব৷ ব’ বেয়া লাগে৷”
“আউ কা’ কা’ কি কি হাস্তি হ’ল৷”
“কিছুমানক কলীয়াপানীত দিছে৷ কলীয়া পানীত দিয়াহকল হ’ল উপসিং লালুং, চিবচিং লালুং, নঅচিং লালুং, হেবেআ লালুং, বাহু ডোম আউ বনমালী ডোম৷ দহ বছ’ কলিকতা জেলত দিছে কাতি লালুং, অম্বা লালুং, জৱ লালুং, কাটিয়া লালুং, মহী কোঁচ আউ কলি ডেকাক৷”
“এইবো’ মানুহেও ইংআজ’ অন্যায় বিউদ্ধে লাগি কলীয়াপানীত যাব আউ জেল খাটিব৷ ব’ বেয়া লাগে৷”
লগুৱা ল’ৰাটোৱে তেমেকাহঁতক ভাত খাবলৈ মাতিলে৷ তেমেকাই হংবৰক ধৰি ঘৰৰ ভিতৰলৈ লৈ গ’ল আৰু একেলগে বহি ভাত খালে৷
ভাত খোৱাৰ পাছতে এটা কোঠাত তেমেকা আৰু কেৰ্পাই শুই থাকিল৷
হংবৰৰ কথা মতে পাঁচদিন তাৰ ঘৰতে তেমেকাহঁত থাকিল৷ সেই পাঁচদিনত সিহঁতে হংবৰৰ পথাৰত হাল বালে আৰু ঘৰৰ কামবোৰকে যিমান পাৰে কৰি দিলে৷ ষষ্ঠ দিনা সিহঁতে ৰাতিপুৱাই সিহঁতৰ নতুন গাঁৱলৈ যাবলৈ ওলাল৷
হংবৰে ৰাতিপুৱাই ডাঙৰ মুৰ্গী এটা মৰাই তাৰ মাংসৰে তেমেকাহঁতক ভাত খোৱালে৷ তাৰ পাছত সিহঁতৰ মোনাত চাউল-নিমখ-জলকীয়া আৰু ভাতৰ টোপোলা ভৰাই দিলে৷ ভাতৰ টোপোলাত মুৰ্গীমাংসৰ তৰকাৰিও দিলে৷ তেমেকাহঁতে হংবৰ-ৰংদৈৰ পৰা বিদায় মাগি আৰু ধনবৰক গায়ে-মূৰে চুই মৰম কৰি যাত্ৰা আৰম্ভ কৰিলে৷
তেমেকাই বেলিটোলৈ চালে৷ আকাশত বেলিটো দুবেগেতমান উঠিছে৷
ফুলগুৰিৰ মাজেৰে গৈ থাকোঁতেই তেমেকাহঁতে বাটত লগ পালে গজেন ডেকাক৷ গজেনে সিহঁতক কাষলৈ মাতি খবৰ বাতৰি ল’লে৷ তাৰ মুখখন মৰা৷ সি ক’লে– “আজি ৰাতিপুৱাই লক্ষণসিং, ৰংবৰ আৰু চাংবৰক জেলৰ ভিতৰতে ফাঁচি দিলে৷ তহঁতে বন্তি তিনিগছি জ্বলাবি৷”
গজেনৰ কথা শুনি তেমেকা থৰ লাগিল৷ তাৰ চকুপানী ওলাই আহিল৷ কেৰ্পায়েও চকুপানী টুকিছে৷ গজেনৰ চকুকেইটাও সেমেকি আহিছে৷ তেমেকাই থোকাথুকি মাতেৰে ক’লে– “হ’ব৷ ঘ’ গৈ পাএই তিনিগছি বন্তি জ্বলাম৷”
তেমেকাহঁতে গজেনৰ পৰা বিদায় লৈ খোজ ল’লে৷
বতাবাৰীত এপাক সোমাই যোৱাৰ কথা চিন্তা কৰিছে তেমেকাহঁতে৷ ভনীয়েকৰ ঘৰখন এবাৰ চাই যাবৰ বাবে তেমেকাই মন কৰিছে৷ তেতিয়াহে সি খুৰীয়েক পতেশ্বৰীক খাটাং কথাটো ক’ব পাৰিবগৈ৷
সিহঁত গৈ বতাবাৰীত উপস্থিত হৈ দেখিলে গাঁওখন নিমাওমাও হৈ আছে৷ গাঁওখনত এজনো মানুহ নাই৷ দুয়ো ৰহেমাইহঁতৰ ঘৰখনলৈ সোমাই গ’ল৷ ঘৰবোৰৰ দুৱাৰবোৰ খোল খাই আছে৷ তেমেকাৰ মনটো বৰ বেয়া লাগিল৷ খুৰাকৰ জীয়েক ৰহেমাইৰ মুখখন তাৰ মানসপটত ভাহি উঠিল– বেচেৰীয়ে এতিয়া ক’তবা আছেগৈ/ কিমানবা কষ্টত আছে/ ঘৰখনলৈ কিছু সময় চাই থকাৰ পাছত তেমেকাই কেৰ্পাইক ক’লে– “আমা’ গাঙ’ লগত একে অৱস্থা৷ ব’ল গৈ থাকং৷”
“অ ব’ল৷”
বতাবাৰী গাঁৱৰ ঘৰবোৰ চাই চাই তেমেকাহঁত জংঘলত সোমালগৈ৷ তেমেকাই কেৰ্পাইক ক’লে– “এইফালে আহিলঙেই যেতিয়া কলিমন’ খব’ এটাও কঈ যোৱাই ভাল হ’ব৷”
“ঠিকে কৈছ৷ বহুদিন তাক দেখা নাই৷ হি ঘঅত থাকিবাও পাএ৷”
জংঘলৰ মাজেৰে গৈ সিহঁত কামপুৰত উপস্থিত হ’ল৷ আবেলিৰ সময়৷ গাঁৱৰ মানুহবোৰৰ কিছুমানক পথাৰত কাম কৰি থকা তেমেকাহঁতে দেখা পাইছে৷
কলিমনৰ ঘৰ পাই তেমেকাই দেখিলে কলিমনে ঘৰৰ বাৰাণ্ডাত বহি বিছনী এখন বৈ আছে৷ তেমেকাহঁতক দেখি সি উৎফুল্লিত হৈ পৰিল৷ বাৰাণ্ডাতে ঢাৰি পাৰি সি সিহঁতক বহিবলৈ দিলে৷ ঢাৰিত বহি তেমেকাই তাক সুধিলে– “কেতিয়া ঘঅলৈ আহিলি?”
“পাঁচদিন হ’ল৷ মই মথৌবড়িতে আছিলং৷ হেনাপতিহঁতে ধৰা দিয়াৰ পাছত ঘৰলৈ আহিবলৈ হুবিধা হোৱাত গুচি আহিলং৷ কিন্তু তহঁত ক’লৈ গৈছিলি? বহুদিন দেখাদেখি নাই?”
“হেইবো’ বহুত কথা৷ পাছত ক’ম৷ কিন্তু এটা কথা গম পাৱ না?”
“কি কথা?”
“আজি আতিপুৱাতে লক্ষণসিং, অংব’ আউ চাংবঅক জেল’ ভিতঅতে ফাঁচি দিলে৷”
“হাঁ! কি কৈছ তই?”
কলিমন থৰ লাগিল৷ সি বিছনী ব’বলৈ এৰি পোন হৈ বহিল৷ তাৰ চকুকেইটা সেমেকি আহিল৷ সি থোকাথুকি মাতেৰে ক’লে– “এইকেইজন বৰ ভাল মানুহ আছিল৷ ফাঁচিৰ অৰ্ডাৰ হোৱা বুলি হুনিছিলং৷ কিন্তু আজি ফাঁচি দিব বুলি জানা নাছিলং৷”
বেলি পশ্চিম আকাশত মাৰ যাবৰ হৈছে৷
তেমেকাই কলিমনক পুনৰ ক’লে– “গধূলি হ’ব এতিয়া৷ তিনিগছি বন্তি জ্বলাবি৷”
“অঁ জ্বলাম৷”
কলিমনৰ ঘৈণীয়েকে তেমেকা আৰু কেৰ্পাইৰ খবৰ-বাতৰি লৈ পানী খাবলৈ দিলে৷ তেমেকাহঁতৰ পিয়াহো লাগি আছিল৷ লক্ষণসিংহঁতৰ খবৰটো জানি মানুহগৰাকীয়েও দুখ প্ৰকাশ কৰি চকুলো টুকিলে৷
লাহে লাহে সন্ধিয়া নামি আহিছে৷ তেমেকাহঁতে নাদৰ পাৰলৈ গৈ হাত-ভৰি ধুই আহিল৷ তেমেকাই কলিমনৰ কাষ পায়েই সুধিলে– “ত’ গুলীৰ ঘাটো ভাল হ’ল না?”
“ভাল হ’ল৷ এতিয়া দাগটোহে আছে৷”
কলিমন ঘৰৰ ভিতৰলৈ গ’ল৷ অলপ পাছতে নগছি মাটিচাকি ডলাত লৈ তেমেকাহঁতৰ কাষত সি হাজিৰ হ’ল৷ সি ক’লে– “আমি হকলোৱে তিনিগছিকৈ বন্তি জ্বলাম৷”
কলিমনৰ কথা মতে তাৰ লগতে তেমেকা আৰু কেৰ্পায়েও তিনিগছিকৈ বন্তি জ্বলালে৷ নগছি বন্তিৰ পোহৰত কলিমনৰ ঘৰটো জলমলাই উঠিল৷
কলিমনৰ লগত তেমেকাহঁতে বাৰাণ্ডাত বহি পুনৰ কথা পাতিবলৈ ধৰিলে৷ সিহঁতৰ কথাৰ কেন্দ্ৰবিন্দু হ’ল লক্ষণসিং, ৰংবৰ আৰু চাংবৰ৷ সিহঁতে কথা পাতি পাতি কিমান সময় পাৰ কৰিলে ধৰিবই নোৱাৰিলে৷ সিহঁতৰ কথা-বতৰাত তেমেকাহঁতৰ গাঁৱৰ মানুহবোৰৰ পলায়ন আৰু নতুন গাঁওখনৰ কথাও ওলাল৷ এটা সময়ত কলিমনৰ ঘৈণীয়েকে ভাত খাবলৈ মতাতহে সিহঁতৰ চেতনা আহিল যে ৰাতি ভালেখিনি হ’লহি৷
ভাত খোৱাৰ পাছত তেমেকাহঁতে বেছি কথা নাপাতিলে৷ কলিমনে সিহঁতৰ বাবে বিছনা ঠিক কৰি দিয়াৰ পাছতে সিহঁত শুই থাকিল৷
পাছদিনা ৰাতিপুৱা ভাত খাই তেমেকাহঁত যাবলৈ ওলাল৷ কলিমনৰ ঘৈণীয়েকে সিহঁতৰ মোনাত একোটাকৈ ভাতৰ টোপোলা ভৰাই দিলে৷ নিজৰ নতুন গাঁওখন পাবলৈ তেমেকাহঁতৰ এতিয়াও বহুদূৰ যাবলগীয়া আছে৷ কলিমন আৰু তাৰ ঘৈণীয়েকৰ পৰা বিদায় লৈ তেমেকাহঁতে নিজৰ নতুন গাঁওখনলৈ বুলি খোজ দিলে৷
তেমেকাহঁতে কপিলী নদীৰ পাৰত উপস্থিত হৈ পাৰে পাৰে পশ্চিমলৈ খোজ দি আগ বাঢ়িল৷ আগৰ দৰে এতিয়া সিহঁতৰ মনত ভয়-শংকা নাই৷ মুকলি মনেৰে সিহঁত যাবলৈ লৈছে৷ গাত মেঘৰ ছাঁ পৰাত তেমেকাই আকাশখনলৈ এবাৰ চাই পঠিয়ালে৷ সি ভয় কৰিছিল বৰষুণ পৰে বুলি৷ কিছুমান টুকুৰা-টুকুৰ মেঘহে আকাশত লাহে লাহে ঘূৰি ফুৰিছে, বৰষুণ পৰাৰ সম্ভাৱনা নাই৷
সিহঁত আহি আহি গাঁৱৰ মানুহবোৰৰ সৈতে আগতে পাৰ হোৱা ঠাইখিনিত উপস্থিত হ’ল৷ তেমেকাৰ মনত পৰিল ভুৰ সাজি কেনেকৈ গাঁৱৰ মানুহবোৰক পাৰ কৰা হৈছিল৷ কেৰ্পায়ে মাত দিলে– “এইখিনিতে হেই তেতিয়া আমি পা’ হৈছিলং৷ নহয় না?”
“হয়৷ এইখিনিতে পা’ হৈছিলং৷ আহ এতিয়াও এইখিনিতে পা’ হং৷”
কপিলীত এতিয়া সেই তেতিয়াৰ সময়তকৈ পানী কম৷ দুয়ো ডিঙিলৈকে পৰা পানীত খোজ কাঢ়ি নদীখন পাৰ হ’ল৷ তাৰ পাছতে সিহঁত গাঁৱৰ মানুহখিনিৰ সৈতে আগতে যোৱা দিশকে অনুসৰণ কৰি যাবলৈ ধৰিলে৷
খেতিৰ কথা চিন্তা কৰি থকা তেমেকাৰ মনলৈ এটা কথা হঠাতে অহাত সি কেৰ্পাইক ক’লে– “আমি হয়তো কিছুমান কো’-দা-কটাঈ আমা’ পুঅণি গাঙ’ পআ আনিবা পাঈম৷ আমা’ ঘঅ’ চব বস্তু লগত আনা নাই৷ কো’-দা-কটাঈ আউ কাঁহ’ বাচন-বতনবোঅ’ কিছুমান মাটিত পুতি থৈ আহিছে যেন পাং৷ পিতাইক হুধিবা লাগিব৷”
“ময়ো তেনেকৈয়ে ভাবিছং৷ কিছুমান বস্তু মাটিত পুতি থৈ আহিছে যেন পাং৷ মানুহবোঅক পঠিয়াই হেইবো’ নিবা দিয়াই ভাল হ’ব৷”
“ঠিকেই কৈছ তই৷ গাঙ’ মানুহবোঅক পঠিয়াই হেইবো’ লৈ যাবা দিম৷ কামত লাগিব৷”
তেমেকাহঁতে কথা পাতি পাতি গৈ থাকিল৷
মাজত এৰাতি কটাই তেমেকা আৰু কেৰ্পায়ে আবেলি সময়ত নিজৰ গাঁৱত উপস্থিত হ’ল৷ ঘৰবোৰ হোৱাৰ পাছত বাৰীবোৰো হৈ যোৱাত তেমেকাৰ চকুত এখন পূৰ্ণাংগ গাঁও জিলিকি উঠিল৷ সি নিজৰ ঘৰত সোমোৱাৰ লগে লগে ঘৰৰ সকলো মানুহ তাৰ কাষ চাপি আহিল৷ তাক দেখি ঘৰৰ সকলোবোৰ মানুহৰ মুখত হাঁহি বিৰিঙি উঠিছে৷ মাকে তাৰ মূৰে-গায়ে চুই মৰম কৰিলে৷ ৰূপেশ্বৰে তুলসী পানী আনি তাৰ গাত ছটিয়ালে৷ তেওঁ ক’লে– “ইমান দিন বহু ঠাইত ঘূঈ আহিছ৷ গাত দেও-ভূত লাগি আহিবাও পাএ৷ হেই কাণে অলপ তুলখী পানী ছটিয়াই দিছং৷ তাতে বোৱাঈ গা ভাল নহয়৷”
ঘৰখনৰ সকলো মানুহ তাৰ কাষত আছে৷ কিন্তু ফুটুকী নাই৷ ৰূপেশ্বৰে তাইৰ গা বেয়া বুলি কৈছে৷ সি মাকক সুধিলে– “তন্ত’ বোৱাঈ কি হ’ল? তা’ গা বেয়া নাকি?”
“নক’বি অচোন৷ মানুহ মাতিবা পাম যেন পাইছং৷ তই ইয়াতে বহি থাক৷”
সৰুমাই ঘৰৰ ভিতৰলৈ গ’ল৷ অলপ পাছতে বাহিৰলৈ আহি মালতীক ক’লে– “যাচোন গাঙত কোন কোন মাইকী মানুহ আছে মাতি আন৷”
তেমেকাই একো বুজিব নোৱাৰি দেওৰামৰ মুখলৈ চালে৷ সিও একো নকৈ আঁতৰিহে গ’ল৷ অলপ পাছতে গাঁৱৰ কেইবাজনী মানুহ আহি ওলাল আৰু ঘৰৰ ভিতৰলৈ সোমাই গ’ল৷
তেমেকা বাৰাণ্ডাতে বহি থাকিল৷
কিছু সময়ৰ পাছতে এটি দেৱশিশুৰ কান্দোন ভাহি আহি তেমেকাৰ কাণত পৰিল৷ কান্দোনটো সিহঁতৰ ঘৰৰ ভিতৰৰ পৰাই আহিছে৷ অলপ পাছতে মনদৈ বুঢ়ী তাৰ কাষলৈ আহিল আৰু তাক ক’লে– “তই ল’আ বাপেক হ’লি৷”
তেমেকাৰ ওচৰত এতিয়া কথাটো পৰিষ্কাৰ হৈ পৰিল– ফুটুকীয়ে ল’ৰা এটাৰ জন্ম দিছে৷ সি আনন্দত কি কৰিব কি নকৰিব ঠিক কৰিব নোৱাৰি বহাৰ পৰা উঠিল আৰু চোতালত টহল দি থাকিবলৈ ধৰিলে৷
এটা সময়ত তেমেকা ফুটুকীৰ কাষত হাজিৰ হ’ল৷ ফুটুকী বিছনাত বাগৰি আছে৷ সি তাইৰ মুখলৈ চালে– তাই দুৰ্বল যদিও তাইৰ মুখত মাতৃ হোৱাৰ গৌৰৱৰ চিন স্পষ্ট৷ তাই মিচিকিয়াই হাঁহি সুধিলে– “তই আহি পালি? আমা’ লআ এটা হ’ল৷”
তেমেকাই সদ্যোজাত ল’ৰাটোৰ মুখখনলৈ অলপ সময় চাই ৰ’ল৷ তাৰ পাছত সি ক’লে– “ই বহুত ভাল মানুহ হ’ব৷ ই আইজক চলাব পাঈব’৷ আইজ’ হৈ দিনে-আতিয়ে খাটিব পাঈব’৷ অন্যায়অ বিউদ্ধে যুঁজিব৷ আইজ’ বাবে দঅকা’ হ’লে নিজ’ জীৱনটোকো হউ বুলি ভাবিব৷ ইয়া’ নাম কি আখিম জান?”
“কি?”
“লক্ষণসিং৷ লক্ষণসিং হেনাপতি৷”
কথাষাৰ কোৱাৰ পাছতে তেমেকাৰ অন্তৰাত্মাত এক পুলকৰ ঢৌ উঠিল৷ সি ল’ৰাটোক দাঙি আনি গালত এটা চুমা আঁকি দিলে৷
(সমাপ্ত)