Written by 7:02 pm Poems

ধানৰখীয়া

নিৰোদ গোহাঁই

ধানৰ মুঠি এৰি ক’লৈনো যাওঁ এই আঘোণমহীয়া

হওঁতে আবেলিৰ এই বেলিটোৱে কৈ থাকে

গৈ থকা দিনবোৰৰ কথা –

ৰৈ নিদিবি ৰৈ নিদিবি 

কেতিয়াবা পথাৰখন ৰণভূমি যেনেই লাগে

মুঠিবোৰ যেতিয়া পৰি থাকে মৃত ৰণুৱাৰ দৰে 

ভাবোঁ, একেটা চিপতে বন্ধা ডাঙৰিটো 

মুচৰি মৰা কুকুৰাৰ  কাতৰ গেঙনি 

নহওক

হাবিত জুই লগাই ৰংচোৱাসকলে পথাৰৰ উমনিৰ উমান নেপায়

নৈবোৰ মৰি আহিছে গম পোৱানে

মৰা চেঙেলীয়াৰ তেজৰ ছিটিকনি গাত লৈ আছা 

গোন্ধায়নে কেতিয়াবা 

কেচেমা দশক পাৰ হৈও নুবুজিলা যেতিয়া

খৰখেদা কৰা ভোগীসকল 

উইচিৰিঙা উৰিছে  

জুইকুৰাত 

নঙঠা গৰৈৰ ছটফটনি চোৱাৰ ইচ্ছা 

নাই 

আমি বন্দী

মুক্তিত নিস্পৃহ 

ধানৰখীয়া

…………

ফোন : ৯৯৫৪৪৬৪৮৩৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close