Written by 2:37 am Poems

দেশ ভ্ৰমণলৈ আমাৰ গৰুহাল

মৃদুল হালৈ

এক

ৰোৱণ উঠাৰ পাছত

দেশ ভ্ৰমণলৈ ওলাল আমাৰ হালৰ গৰুহাল

মই বোলো দৌতাহঁত ঔ, ওলাইছহঁক হয়

পিছে জান জানো বাহিৰত কেনে চলিছে

দিনকাল

মুগাটোৱে কাণ-মূৰ জোকাৰি মোক মাতিলে কাষলৈ

ক’লে– বাপু, সেইবোৰ ভাবনা আমালৈ থ

তই গোহালিটো চম্ভাল

মই সেইভাগেই নিতাল মাৰিলোঁ

বোলোঁ গৰুৰ আগত মোৰ

বোধৰ টোকাৰিটো নবজোৱাই ভাল

আৰু ময়ো ভাল পাহৰিছিলোঁ দেও

দেশত এতিয়া চলিছে বিতোপন ‘গো’কাল

দুই

হাল সামৰাৰ পাছত

গাৰ বোকা-মাটি শুকাল কি নুশুকাল

আমাৰ গৰুহাল দেশ ভ্ৰমণলৈ ওলাল

বোলো বাপ, ওলাইছাহঁক হয়

বাটত লাগেই বা পয়মাল

জানো তোমালোকৰ হাতত…

অঃ, যিহেতু হাত নাই

তোমালোকৰ ঠেং নে কুঁজত আজি ক্ষমতা অপাৰ

তথাপি, লৈছানে বুজ দেশ উজাৰি থকা হাৱাৰ

এইবাৰ কজলাই জোকাৰিলে মূৰ

বোলে বাপু শুন

তইতো মানুহৰেই অধম সন্তান

তইনো আমাক কি দিবি দেশৰ বাতৰি

তই মূত আৰু গোবৰতে মুখ পখাল

হয়হঁক দেও, ময়ো আৰু ভাল

‘গো’চৰণে ধৰি ক্ষণ গণাৰ দিনত মইনো

কিহৰ নলগা তামোলত জেং বান্ধি চপাওঁ নিজলৈ কাল!

তিনি

গ’ল কথা গুচিল

আমাৰ গৰুহাল দেশ ভ্ৰমণৰ পৰা আহিল

ইফালে, পথাৰৰ ধানো পকিল

মৰণাৰ দিন আহিল

ইফালে, সাইলাখ শংকৰৰ দৰে পদে, জলে

দেশ ভ্ৰমি আহি

আমাৰ গৰুহাল গোহালিতে থিতাপি লৈছিল

পদ-পয়াৰ আওৰোৱাৰ দৰে দুয়ো দিনটোৰ ঘাঁহ-বন

পাগুলি আছিল

খোজ-কাটল এতিয়া গহীন

মই গৈ মাত দিলোঁ

বোলো দৌতাহঁত, মৰণাৰ দিন আহিল

ব’লকচোন বোলো মৰণাত পাক লৈ লৈয়েই

দেশ ভ্ৰমণৰ বুৰঞ্জীও শুনিম

মুগা আৰু কজলাই মোলৈ গহীনাই চালে

গৰু নহয়, এইবাৰ সাইলাখ ‘গুৰু’ৰ কণ্ঠৰে ক’লে

বোলো বাপু, গিয়াতী গৈ

ৰাজপাতত উঠিল

আমি এতিয়াও কি মৰণাতে ঘূৰিম?

তালুৱে জিভাই কামোৰ খাই

মই বোলো, দান্তে তৃণ ধৰোঁ, কাতৰি কৰোঁহো…

দোষ মৰষিবা দৌতাহঁত ঔ

আই-বোপাই এৰি এবেসে

আমিও মাতা-পিতাতে ধৰিম…

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close