Written by 5:13 am Poems

দেশ-কথা

দ্বিজেনকুমাৰ দাস

দেশৰ কথা ভাবি

কলিজাত উচাহৰ কলপ সানোঁতেই

আগফালৰ দুৱাৰত কোনোবাই টোকৰ দিয়ে৷

নিশাৰ আন্ধাৰ বজাই

কঁপি উঠে বেৰৰ জেঠী৷

নুমাই যোৱা মমডাল বিচাৰি

টিনৰ ফুটাৰে সৰকা জোনৰ পোহৰে কান্দে৷

জপাই থোৱা খিৰিকিত

চিত-কম্পিত এটা দামুৰী৷

মাকজনী যাৰ পেপাৰত ওলায়৷

খিৰিকিতেই যদি নিস্ৰোত ছবিক

মনৰ সত্যজিতে বোৱাই ঢুৱাই নিয়ে

দুৱাৰ কেনেকৈ খোলোঁ?

ভাবিছোঁ

তাতকৈ ভিতৰতেই সোমাই থাকোঁ৷

শুই শুই দেশৰ কথা ভাবোঁ৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close