ধ্ৰুৱকুমাৰ তালুকদাৰ
কুৱঁলীবোৰৰ মাজৰ
এটা গলিয়েদি
চহৰখনে মোক বিচাৰি আহিছে –
লাহে লাহে আন্ধাৰ হৈ পৰা
বোকাময় পথাৰ এখনৰ মাজত
হাতত কঠিয়া এমুঠি লৈ
মোলৈ ৰৈ আছিল আই…
চহৰখনে মোক বিচাৰি পোৱাৰ আগতে
মই মোৰ ঘৰৰ দুৱাৰত তলা লগাই দিলোঁ
আৰু আইৰ কাষলৈ লৰ মাৰিলোঁ
এটা ক’লা মেকুৰীয়ে মোৰ বাটটো
কাটি থৈ গ’ল
মই গৈ থাকিলোঁ
শিলে শিলে ঘঁহনি খোৱা জুয়ে
মোৰ ভৰি দুখন পুৰিলে
মই গৈ থাকিলোঁ
গৈ থাকিলোঁ
গৈ থাকিলোঁ
গৈ গৈ দেখোঁ আই ৰৈ আছে
চহৰখনৰ এটা প্ৰকাণ্ড অট্টালিকাৰ
বেলকনিত
আৰু বালিময় পথাৰখনে
নেদেখা কৰি আনিছে
দেউতাৰ তেজ-ঘামৰ টোপালবোৰ।
Visited 2 times, 1 visit(s) today
Last modified: May 13, 2025