Written by 12:53 pm Poems

দৃশ্যকাব্য- ১

নীলাভ সৌৰভ

এদিন এটা ঘটনা ঘটিছিল—

গিৰীয়েকে ঘৈণীয়েকক এৰি যাব নোৱাৰে

অথচ এৰি থৈ চাকৰিলৈ যায়

ঘৈণীয়েকে গিৰীয়েকক এৰি থাকিবই নোৱাৰে 

অথচ বিদায় দিবলৈ আগ বাঢ়ি যায়

ঠিক এৰাএৰিৰ মুহূৰ্ততে ঘটিছিল ঘটনাটো

গিৰীয়েকে ইংগিতেৰে এটা চুমা বিচাৰে

ঘৈণীয়েকে মূৰটো লৰাই দিয়ে— না

কিছু সময় ইংগিতৰ জেদাজেদি

গিৰীয়েক আগুৱাই যায় আগলৈ

ঘৈণীয়েকে চাই থাকে তেওঁ যোৱা বাট

ঘৈণীয়েকৰ বুকুত মাত এটা বাজে

— চুমা এটা দিব নোৱাৰানে তুমি

— মানুহে কি ক’ব, দেখিলে হাঁহিব

— ঠিক আছে, নালাগে দিয়া

(এনেকৈ যুগ যুগ ধৰি নলগা চুমাবোৰ পৰি আছে, সকলোৰে ঘৰত)

— তুমিও যে আৰু, তোমাকনো চুমা এটা কিয় লাগে বাটে-ঘাটে

এইখিনিতে সকলো গিৰীয়েক জবাবদিহি—

কিয় লাগে?

— মানে তোমাক নালাগে

— যাঃ এইডাল

— আৰু শুনা, ভালে থাকিবা৷ পোনাহঁতক চাবা৷ নিজৰ খেয়াল ৰাখিবা৷ মই ব’হাগৰ বিহুত আহিম৷

— আৰু তুমিও শুনা, তোমাৰ চুমাটো মই থৈ দিম ব’হাগ অহালৈ

— আচাৰ কৰি থ’বা…

আচাৰত দিয়া চুমা আঁৰ কৰি খাবলৈ

তেতিয়াৰপৰাই ব’হাগ আহি আছে নিয়মীয়াকৈ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close