Written by 5:55 am Poems

দুৱাৰ

 তৃপ্তি দাস


আমাৰ ঘৰৰ মূল দুৱাৰখন
কুন্দত কটা
এজোপা বুঢ়া গছৰ পৰাই
আৰম্ভ হয় – দুৱাৰখনৰ
জীৱন যাত্ৰা
বুঢ়াগছৰ কাঠৰ দাম
বুঢ়ামানুহতকৈ বেছি

ঘৰলৈ অহা আলহীৰ চকুদুটি
পোনতে দুৱাৰখনত বহে
তাৰ পাছত লাহে লাহে
ভিতৰলৈ আহে
বাটেৰে যোৱা মানুহে
দেখনিয়াৰ দুৱাৰৰ সিপাৰে কিনো আছে
জানিবলৈ বৰকৈ মন কৰে


ঘৰৰ মূল দুৱাৰখনেৰে
মানুহ আহে
মানুহ যায়
আন্তৰিকতাৰ গোন্ধ পালে
অদৃশ্য দুৱাৰখন খোল খায়
দীঘলীয়া কথোপকথনৰ পাছত
সাহিত্যিকগৰাকীয়ে মোক কৈছিল –
“দুৱাৰখন কাণি- দুৱৰীকৈ থ’বা । জীৱনলৈ ভালপোৱা বৈ আহিব চাবা ।”

কিছুমান ঘৰৰ দুৱাৰ
চিৰদিনৰ বাবে বন্ধ হৈ পৰে
বন্ধ দুৱাৰৰ সিপাৰৰ
জীয়া কাহিনী কিছুমান
ঘৰৰ ৰখীয়া হৈ থাকে


কেতিয়াবা কিছুমান মানুহৰ বাবে
ঘৰে বন্ধ কৰে  দুৱাৰ
দেশৰ কিছুমান দুৱাৰত দুৱৰী হৈ থাকে
নীলা শিয়াল
সুবিধাবাদীয়ে খুলিব জনা দুৱাৰৰ শলখা
খাটিখোৱাই খুলিব নাজানে

আমাৰ ঘৰৰ মূল দুৱাৰখনে
সুখক আদৰে
দুখক বিদায় জনায়
আমাক দুৱাৰখনে যিমান জানে
আন কোনেও সিমান নাজানে
দুৱাৰখন বৰ বিশ্বাসী
দুৱাৰৰ এইপাৰৰ কথা
দুৱাৰখনে কাহানিও সিপাৰক কোৱা নাই
প্ৰহৰীৰ দৰে থিয় হৈ থকা দুৱাৰখনে নকয়
দুখ ভাগৰৰ কথা

দুৱাৰখন খুলিলে ৰাতিপুৱায়
বন্ধ কৰিলে বেলিয়ে জিৰায়
দুৱাৰখন পাৰ হৈ গুচি যায়
দিন মাহ বছৰ
আৰু এনেকৈয়ে
দুৱাৰ পাৰ হৈ এদিন
জীৱনো গুচি যায়
বুঢ়া গছৰ কাঠৰ দুৱাৰখন
লাহে লাহে বুঢ়া হয়
বুকুত বান্ধি
ঘৰখনৰ অনেক সোঁৱৰণি

                             

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close